অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী শৃংখলাৰ প্ৰথমখন খেলত নিজৰ দখল শক্তিশালী কৰিছে টিম ইণ্ডিয়াই । দ্বিতীয় দিনৰ খেলৰ শেষলৈকে ভাৰতৰ মুঠ অগ্ৰগতি আছিল ২১৮ ৰান । দ্বিতীয় ইনিংছত ভাৰতৰ স্ক’ৰ ১৭২/০ । অপৰাজিত হৈ আছে যশস্বী জয়ছোৱাল (৯০ ৰান*) আৰু কে এল ৰাহুল (৬২ ৰান*)। প্ৰথম ইনিংছত ১৫০ ৰানত সীমাবদ্ধ হৈ থকা ভাৰতীয় দলটো অধিনায়ক যশপ্ৰীত বুমৰাহৰ যোগে প্ৰত্যাৱৰ্তন কৰে । ১৮ অভাৰৰ বলিংত মাত্ৰ ৩০ ৰানত ৫ উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ বেটিং লাইনআপক ভাঙি দিয়ে বুমৰাহে । মেচখনৰ দ্বিতীয় ইনিংছতো যদি বুমৰাহে একেধৰণৰ প্ৰদৰ্শন আগবঢ়ায় তেন্তে তেওঁ এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিব পাৰিব ।
প্ৰথম ইনিংছত বিধ্বংসী ৰূপ ধাৰণ কৰে বুমৰাহে-
প্ৰথম ইনিংছত ১৫০ ৰানত অল আউট হোৱাৰ পাছত ভাৰত বেকফুটত আছিল যদিও বুমৰাহে শক্তিশালী বলিঙেৰে নাথান মেকছুইনী, উছমান খোৱাজা, ষ্টিভ স্মিথ, এলেক্স কেৰী আৰু পেট কামিন্সৰ উইকেট দখল কৰি অষ্ট্ৰেলিয়াৰ বেটিং অৰ্ডাৰ ভাঙি পেলায় । বুমৰাহৰ উজ্জ্বল প্ৰদৰ্শনৰ বাবেই ভাৰতে প্ৰথম ইনিংছত ৪৬ ৰাণেৰে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰাৰ বিপৰীতে অষ্ট্ৰেলিয়াৰ দলটোৱে ১০৪ ৰানত অল আউট হয় ।
যদি আমি আৰু চাৰিটা উইকেট লওঁ-
এইবাৰ টেষ্টত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হ’বলৈ এই কিংবদন্তি বেগী বলাৰগৰাকীক আৰু মাত্ৰ এটা উইকেটৰ প্ৰয়োজন । ২০২৪ চনত টেষ্টত তেওঁৰ ৪৬টা উইকেট আছে, যিটো আৰ অশ্বিনৰ সৈতে যৌথভাৱে সৰ্বাধিক উইকেট । দ্বিতীয় ইনিংছত এটা উইকেটে তেওঁক এই তালিকাৰ শীৰ্ষলৈ লৈ যাব । অৱশ্যে দ্বিতীয় ইনিংছত ৪টা উইকেট দখল কৰি ২০২৪ চনত ৫০টা টেষ্ট উইকেট সম্পূর্ণ কৰা বিশ্বৰ প্রথমজন বলাৰ হিচাপে পৰিগণিত হ’ব বুমৰাহ ৷
২০২৪ চনত সৰ্বাধিক টেষ্ট উইকেট লোৱা বলাৰ-
যশপ্ৰীত বুমৰাহ – ৪৬
আৰ অশ্বিন – ৪৬
ৰবীন্দ্ৰ জাডেজা – ৪৪
শ্বোয়াইব বছিৰ – ৪১
গাছ এটকিনছন – ৪০