বাংলাদেশৰ এয়াৰলাইন ‘বিমান বাংলাদেশ’ৰ এখন বিমানে মহাৰাষ্ট্ৰৰ নাগপুৰ বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিছে।
জানিব পৰা মতে বাংলাদেশী বিমানখনত হঠাৎ ধোঁৱা দেখা পোৱাৰ পিছত নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰা হৈছিল। বিমানখন বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা ডুবাইলৈ উৰা মাৰিছিল।
নাগপুৰ বিমানবন্দৰৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি, কাৰিকৰী সমস্যাৰ বাবে বাংলাদেশী বিমানখনৰ পথ সলনি কৰা হৈছিল আৰু বুধবাৰে নিশা ১০:৪৫ বজাত জৰুৰীকালীন অৱস্থাত নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰিব লগা হৈছিল।
অৱশ্যে, বিষয়াসকলে বৃহস্পতিবাৰে জনাইছিল যে পুংখানুপুংখ অনুসন্ধানৰ পিছত, বিমানখনত কোনো জুই নাছিল বুলি গম পোৱা গৈছে।
তথ্য অনুসৰি, বাংলাদেশী বিমানখনত হঠাৎ ফায়াৰ এলাৰ্ম বাজি উঠিছিল, যাৰ পিছত পাইলটজন সতৰ্ক হৈ পৰিছিল।
পিছত পাইলটজনে বিমানবন্দৰ অভিযান নিয়ন্ত্ৰণ কেন্দ্ৰক অৱগত কৰিছিল আৰু চিষ্টেম অপাৰেচন কমাণ্ড চেণ্টাৰকো সতৰ্ক কৰিছিল।
ঢাকাৰ পৰা ডুবাইলৈ যোৱা বিমানখনত ৩৯৬ জন যাত্ৰী আৰু ১২ জন কৰ্মচাৰী আছিল। যাত্ৰী আৰু কৰ্মচাৰী সকলোকে বিমানখনৰ পৰা সুৰক্ষিতভাৱে উলিয়াই অনা হৈছিল।
তাৰ পিছত, বিমানখনত ৰখা লাগেজো আনলোড কৰা হৈছিল। পিছত, অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে বিমানখন পৰীক্ষা কৰিছিল কিন্তু কোনো অগ্নিকাণ্ডৰ ঘটনা পোৱা নগ’ল।