ভাৰতীয় জনতা পাৰ্টীয়ে শনিবাৰে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । এই তালিকাত, ২২ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে । বিজেপিয়ে ইয়াৰ প্ৰথমখন তালিকাত ৯৯ টা নাম ঘোষণা কৰিছিল । ইয়াৰ লগে লগে, দলটোৱে এতিয়ালৈকে ১২১ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।
বিজেপিৰ কেন্দ্ৰীয় কাৰ্যালয়ে প্ৰকাশ কৰা এই দ্বিতীয়খন তালিকাত দলটোৱে দেৱযানী সুহাস ফাৰাণ্ডেক নাছিক চেণ্ট্ৰেলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, আনহাতে দলটোৱে ধুলে গ্ৰাম্য আসনৰ পৰা ৰাম ভদানেৰ ওপৰত আস্থা প্ৰকাশ কৰিছে । দলটোৱে মালকাপুৰৰ পৰা চেইনসুখ মদনলাল সঞ্চেতি, আকোটৰ পৰা প্ৰকাশ গুণৱন্তৰাও ভৰচাকল, আকোলা পশ্চিমৰ পৰা বিজয় কমলকিশোৰ আগৰৱালা, ৱাছিমৰ পৰা শ্যাম ৰামচৰণজি খোদে, মেলঘাটৰ পৰা কেৱালৰাম তুলসীৰাম কালেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।
ইয়াৰ সমান্তৰালকৈ বিজেপিয়ে গাড়চিৰোলিৰ পৰা ডাঃ মিলিন্দ ৰামজী নৰোটে, ৰাজুৰাৰ পৰা দেৱৰাও বিথোবা ভোংগলে, ব্ৰহ্মপুৰীৰ কৃষ্ণলাল বাজীৰাও চাহাৰে, ৱাৰোৰাৰ পৰা কৰণ সঞ্জয় দেৱতালে, বিক্ৰমগড়ৰ পৰা হৰিশচন্দ্ৰ সখৰাম ভোয়ে আৰু উলহাছ নগৰৰ পৰা কুমাৰ উত্তমন্দ আইলানীক টিকট প্ৰদান কৰিছে ।
উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ ২৮৮ খন বিধানসভাৰ আসনৰ বাবে ২০ নৱেম্বৰত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আনহাতে ২৩ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ।