গুৱাহাটী মহানগৰীত এতিয়াৰে পৰা নিৰ্মূল হ’ব অপৰাধ ।অপৰাধ ৰোধ কৰিবলৈ চৰকাৰে লৈছে বৃহৎ পদক্ষেপ । এতিয়াৰে পৰা সাৰি নাযাব কোনো অপৰাধী । বুধবাৰে মহানগৰীৰ চচলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে অত্যাধুনিক ষ্ট্ৰীট লাইট। সেই অনুষ্ঠানতে মুখ্যমন্ত্ৰী গৰাকীয়ে শুভাৰম্ভ কৰে নতুন আঁচনিৰ । গুৱাহাটী মহানগৰীৰ অপৰাধ ৰোধ কৰিবলৈ চৰকাৰে আনিছে বিশেষ ব্যৱস্থা। এতিয়াৰে পৰা প্ৰজেক্ট জ্যোতিৰ সৈতে ৰোধ কৰিব অপৰাধ। প্ৰজেক্ট জ্যোতিৰ দ্বাৰা মহানগৰীত লগোৱা হ’ব স্ট্ৰীত লাইট। ১০ হাজাৰ স্ট্ৰীত লাইটেৰে আলোকিত হ’ব মহানগৰী । ইয়াৰ লগতে ১ জানুৱাৰীৰ পৰা গুৱাহাটীত মুকলি কৰা হ’ব CCTV কেমেৰাও।প্ৰজেক্ট জ্যোতিক লৈ আশাবাদী মুখ্যমন্ত্ৰী গৰাকী ।