মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰৰ অৰ্থহীন বক্তব্যক তীব্ৰ সমালোচনা কৰে । মহম্মদ ইউনুছে ঢাকাক এই অঞ্চলৰ একমাত্ৰ সাগৰৰ ৰক্ষক বুলি অভিহিত কৰিছিল । মুখ্যমন্ত্ৰী শৰ্মাই এই বক্তব্যক অপমানজনক আৰু তীব্ৰ নিন্দনীয় বুলি অভিহিত কৰে । দৰাচলতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বেইজিঙক দেশখনত অৰ্থনৈতিক প্ৰভাৱ বৃদ্ধিৰ বাবে আবেদন জনাইছিল । এই সময়ছোৱাত তেওঁ উল্লেখ কৰিছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভূমি আৱদ্ধ প্ৰকৃতি এক সুযোগ বুলি প্ৰমাণিত হ’ব পাৰে । শেহতীয়াকৈ ইউনুছে চাৰিদিনীয়া চীন ভ্ৰমণৰ সময়ত কৰা এই মন্তব্য সোমবাৰে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে ।
মুখ্যমন্ত্ৰী শৰ্মাই ‘এক্স’ত পোষ্ট কৰিছে, ‘বাংলাদেশৰ মহম্মদ ইউনুছৰ বক্তব্য নিন্দনীয় । তথাকথিত অন্তৱৰ্তীকালীন চৰকাৰৰ হৈ দিয়া বক্তব্যত তেওঁ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যক (সাত ভনী) ভূ-অৱচ্ছিন্ন বুলি অভিহিত কৰি বাংলাদেশক তেওঁলোকৰ সাগৰীয় প্ৰৱেশৰ ৰক্ষক হিচাপে উপস্থাপন কৰে । এইটো লজ্জাজনক আৰু তীব্ৰ নিন্দাৰ যোগ্য ।’
The statement made by Md Younis of Bangladesh so called interim Government referring to the seven sister states of Northeast India as landlocked and positioning Bangladesh as their guardian of ocean access, is offensive and strongly condemnable. This remark underscores the…
— Himanta Biswa Sarma (@himantabiswa) April 1, 2025
তেওঁ কয়, ‘মহম্মদ ইউনুছৰ এনে উচটনিমূলক বক্তব্যক সহজভাৱে লোৱা উচিত নহয় । তেওঁৰ গভীৰ কৌশলগত ধাৰণা আৰু দীৰ্ঘম্যাদী এজেণ্ডা আছে ।‘ শৰ্মাই কয় যে এই মন্তব্যই ভাৰতৰ কৌশলগত ‘চিকেন নেক’ কৰিড’ৰত চলি থকা গতিবিধিক প্ৰতিফলিত কৰিছে । ঐতিহাসিকভাৱে ভাৰতৰ আভ্যন্তৰীণ উপাদানসমূহেও উত্তৰ-পূবক বিচ্ছিন্ন কৰিবলৈ এই গুৰুত্বপূৰ্ণ পথটো কাটি পেলোৱাৰ বিপদজনক পৰামৰ্শ আগবঢ়াইছে । চিকেন নেক কৰিড’ৰৰ তলত আৰু আশে-পাশে অধিক শক্তিশালী ৰে’ল আৰু পথ নেটৱৰ্ক গঢ়ি তোলাতো জৰুৰী ।‘
মুখ্যমন্ত্ৰী শৰ্মাই উত্তৰ-পূবক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা বিকল্প পথৰ অন্বেষণ আৰু উন্নয়নক অগ্ৰাধিকাৰ দিবলৈও আহ্বান জনায় । এতিয়া ‘চিকেন নেক’ৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰে তেওঁ । ইয়াৰ ফলত অভিযান্ত্ৰিক ক্ষেত্ৰত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব পাৰে বুলিও তেওঁ কয়, কিন্তু দৃঢ়তা আৰু উদ্ভাৱনৰ দ্বাৰা ইয়াক লাভ কৰিব পৰা যাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।