মহাৰাষ্ট্ৰ বিধানসভাৰ ২৮৮ খন আসনত যুঁজ দিবলৈ এতিয়া সকলো দল সাজু হৈছে । বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল প্ৰক্ৰিয়া মঙলবাৰে সমাপ্ত হয় । ২৯ অক্টোবৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল । এতিয়া মনোনয়নৰ পাছত কোনটো দলে কিমানখন আসনত প্ৰতিদ্বন্দিতা কৰিছে সেয়া প্ৰকাশ পাইছে । মহাৰাষ্ট্ৰত, বিজেপিয়ে সৰ্বাধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, আনহাতে কংগ্ৰেছে যোৱাবাৰৰ তুলনাত এইবাৰ আসন হ্ৰাস কৰিছে ।
বিজেপিয়ে মহাৰাষ্ট্ৰৰ ১৪৮ খন বিধানসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব । কংগ্ৰেছে ১০৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত শিৱসেনাই ৮০ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে, আনহাতে উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ এন চি পিয়ে ৫৩ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । ইয়াৰ উপৰিও, আন মহায়ুতি সহযোগীক ৫ খন আসন দিয়া হৈছে । আনহাতে দুটা সমষ্টিৰ ওপৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল ।
এম ভি এত কংগ্ৰেছৰ সৰ্বাধিক আসন আছে-
বিৰোধী মহা বিকাশ আঘাড়ী অৰ্থাৎ এম ভি এ মিত্ৰজোঁটত, কংগ্ৰেছে সৰ্বাধিক ১০৩ খন আসন লাভ কৰিছে । ইয়াৰ পিছত, উদ্ধৱ ঠাকৰে নেতৃত্বাধীন শিৱসেনাই (ইউ বি টি) ৮৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু শৰদ পাৱাৰৰ এন চি পিয়ে ৮৭ খন আসনত প্ৰাৰ্থী প্ৰদান কৰিছে । বাকী ৬খন আসন মহা বিকাশ আঘাড়ীৰ মিত্ৰশক্তিক দিয়া হৈছে, আনহাতে তিনিটা বিধানসভা সমষ্টিৰ ওপৰত কোনো সিদ্ধান্ত লোৱা হোৱা নাই ।
৮ হাজাৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে-
শাসক আৰু বিৰোধী দুয়োটা শিবিৰৰ প্ৰায় ৮ হাজাৰ প্ৰাৰ্থীয়ে ২৮৮ খন বিধানসভা আসনৰ বাবে মনোনয়ন দাখিল কৰিছে । ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে ৭,৯৯৫ জন প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগৰ ওচৰত ১০,৯০৫ খন মনোনয়ন দাখিল কৰিছে । মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া ২২ অক্টোবৰত আৰম্ভ হৈছিল ।
এতিয়া আজি ৩০ অক্টোবৰত মনোনয়ন পত্ৰৰ পৰীক্ষণ হ’ব আৰু প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৪ নৱেম্বৰ । ২০ নৱেম্বৰত একক পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ফলাফল ঘোষণা কৰা হ’ব, যাৰ পৰিপ্ৰেক্ষিতত সকলো দলে প্ৰচাৰ আৰম্ভ কৰিছে ।