বুধবাৰে মণিপুৰৰ বিজেপিৰ বিধায়ক কৰম শ্যামে ডাঙৰ দাবী উত্থাপন কৰে । এন বীৰেণ সিঙে হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতো সাংবিধানিক সংকট হোৱা নাই বুলি তেওঁ কয় । বীৰেন সিঙে যোৱা ৯ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল । শ্যামে কয় যে বিধায়কসকলৰ সহায়ত কেন্দ্ৰীয় চৰকাৰে সাম্প্ৰতিক সমস্যা সমাধান কৰিব ।
‘ৰাষ্ট্ৰপতিৰ শাসনৰ কথা নাজানো’
বিজেপি বিধায়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিৰ শাসনৰ কথা মই নাজানো । নেতৃত্ব সংকটৰ বিষয়টো কেন্দ্ৰই বিধায়কৰ সহায়ত সমাধান কৰিব বুলি মই ভাবো । মই ভাবো মণিপুৰত কোনো সাংবিধানিক সংকট নাই । তেওঁ ইম্ফলৰ এখন হোটেললৈ বিজেপিৰ উত্তৰ-পূবৰ প্ৰভাৰী সম্বিত পাত্ৰক সাক্ষাৎ কৰিবলৈ আহিছিল ।
পাত্ৰই ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে-
ইয়াৰ পূৰ্বে সম্বিত পাত্ৰৰ নেতৃত্বত বিজেপিৰ এটা প্ৰতিনিধি দলে মঙলবাৰে ৰাজভৱনত ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰে । যোৱা ৯ ফেব্ৰুৱাৰীত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ পৰা এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতে নেতৃত্ব সংকটৰ সৃষ্টি হৈছে । ৰাজ্যিক বিধানসভাৰ একেৰাহে দুটা অধিৱেশনৰ মাজত সৰ্বাধিক ছমাহৰ ব্যৱধানৰ ম্যাদ উকলি যোৱাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ‘চাওঁ কি হয়’ ।
নতুন মুখ্যমন্ত্ৰীৰ নাম কেতিয়া ঘোষণা হ’ব ?
বীৰেন সিঙৰ পদত্যাগৰ পাছত অতি সোনকালে নতুন মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰা হ’ব নেকি বুলি সোধাত শ্যামে কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে । ইফালে বিশেষজ্ঞসকলে সকীয়াই দিছে যে এতিয়ালৈকে কোনেও চৰকাৰ গঠনৰ দাবী নকৰাৰ বাবে বিজেপি শাসিত মণিপুৰ সাংবিধানিক সংকটৰ দিশে আগবাঢ়িব পাৰে । পৰিস্থিতি এনেদৰে থাকিলে ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিব পাৰে বুলিও তেওঁ কয় ।