কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে ৮ মাৰ্চৰ পৰা মণিপুৰৰ সকলো পথতে মানুহৰ মৃসণ চলাচল নিশ্চিত কৰিবলৈ নিৰাপত্তা বাহিনীক নিৰ্দেশ দিয়ে । মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে এখন বৈঠকৰ অধ্যক্ষতা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে পথত বাধা সৃষ্টি কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
উত্তৰ-পূবৰ ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ পাছত এইখনেই প্ৰথম এনে বৈঠক । ২০২৩ চনৰ মে’ মাহৰ পৰা ইম্ফল উপত্যকাৰ মেইটেই জনগোষ্ঠী আৰু ইয়াৰ আশে-পাশে থকা পাহাৰৰ কুকি জনগোষ্ঠীৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে ।
মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় গৃহমন্ত্ৰীগৰাকীয়ে । তেওঁক ৰাজ্যখনৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে বিতং তথ্য দিয়া হয় । এই বৈঠকত ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ লগতে মণিপুৰ চৰকাৰ, সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে ।
এন বীৰেণ সিঙে মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কিছুদিন পিছতে উত্তৰ-পূবৰ ৰাজ্যখনত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হৈছিল । ইয়াৰ পিছত কেন্দ্ৰই ১৩ ফেব্ৰুৱাৰীত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়ে ।
বিগত ২০ ফেব্ৰুৱাৰীত ৰাজ্যপাল ভল্লাই ৭ দিনৰ ভিতৰত লুণ্ঠন আৰু অবৈধভাৱে ৰখা অস্ত্ৰ-শস্ত্ৰ স্বেচ্ছাই আৰক্ষীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছিল । এই সময়ছোৱাত অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰাসকলৰ বিৰুদ্ধে কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ব বুলি তেওঁ আশ্বাস দিছিল ।
এই সময়ছোৱাত মূলতঃ উপত্যকা জিলাসমূহত ৩০০ৰো অধিক অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰিছিল । ইয়াৰ ভিতৰত আছে মেইটেই উগ্ৰপন্থী সংগঠন আৰম্বাই টেংগোলে গতাই দিয়া ২৪৬টা আগ্নেয়াস্ত্ৰ । শুকুৰবাৰে ভল্লাই লুণ্ঠন আৰু অবৈধ অস্ত্ৰ-শস্ত্ৰ আৰক্ষীক গতাই দিয়াৰ সময়সীমা ৬ মাৰ্চৰ সন্ধিয়া ৪ বজালৈকে বৃদ্ধি কৰিছিল ।