অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু তেওঁৰ পত্নী উষা ভেন্সে । এই কথা ঘোষণা কৰিছে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে । তথ্য অনুসৰি ১৮ এপ্ৰিলৰ পৰা ২৪ এপ্ৰিললৈ জে ডি ভেন্সে ইটালী আৰু ভাৰত ভ্ৰমণ কৰিব । উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দুয়োখন দেশৰ নেতাৰ সৈতে ভাগ-বতৰা অৰ্থনৈতিক আৰু ভূ-ৰাজনৈতিক অগ্ৰাধিকাৰৰ বিষয়ে আলোচনা কৰিব ।
জে ডি ভেন্সৰ ভাৰত ভ্ৰমণ সন্দৰ্ভত উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে জনাইছে যে, অহা সপ্তাহৰ আৰম্ভণিতে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স ভাৰত ভ্ৰমণ কৰিব । উপ-ৰাষ্ট্ৰপতি ভেন্সে তেওঁৰ তিনিটা সৰু সন্তান – ইভান, বিবেক আৰু মিৰাবেলকো ভাৰতলৈ আনিব পাৰে । নতুন দিল্লীৰ উপৰিও ভেন্স পৰিয়ালে জয়পুৰ আৰু আগ্ৰা ভ্ৰমণো কৰিব ।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ’ব । উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় পৰিয়ালেও সাংস্কৃতিক স্থানত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিব । যোৱা মাহত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে এই ভাৰত ভ্ৰমণ হ’ব ঊষাৰ ‘ছেকেণ্ড লেডী হিচাপে জন্মভূমিলৈ প্ৰথম ভ্ৰমণ’ । উষাৰ পিতৃ-মাতৃ কৃষ্ণ চিলুকুৰি আৰু লক্ষ্মী চিলুকুৰি ১৯৭০ চনৰ শেষৰ ফালে ভাৰতৰ পৰা আমেৰিকালৈ গৈছিল ।
২১ তাৰিখে মোদীক সাক্ষাৎ কৰিব ভেন্সে-
২১ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হ’ব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকী । এই বৈঠকত শুল্ক বিষয় আৰু দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বাবে দুয়োপক্ষৰ মাজত চলি থকা আলোচনাকে ধৰি ভাৰত-আমেৰিকা সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা হ’ব ।