টেছলাৰ বৈদ্যুতিক বাহনে অতি শীঘ্ৰেই ভাৰতৰ ৰাস্তাত দৌৰিবলৈ সাজু হৈছে। ইলন মাস্কৰ গাড়ী নিৰ্মাণ কোম্পানীৰ বাহন টেছলাই ভাৰতত ইয়াৰ বৈদ্যুতিক বাহন (ইভি) নিৰ্মাণ গোট স্থাপনৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে।
এই বাহনখনত যাত্ৰীসকলে ষ্টিয়াৰিংও ধৰিব নালাগে, গাড়ীখন নিজে নিজে চলিব। ইয়াৰোপৰি টেছলা বাহনখন কিনিবলৈ কোটি কোটি টকা আপুনি খৰচো কৰিব নালাগে।
অহা এপ্ৰিলৰ পৰা ভাৰতত উপলব্ধ হ’ব পাৰে টেছলা বাহন। প্ৰাৰম্ভিক পৰ্যায়ত বহু টেছলা গাড়ী অনাৰ পৰিকল্পনা কৰা হৈছে। টেছলাৰ সম্ভাৱ্য মূল্য হ’ব পাৰে ২১ লাখ টকা।
ভাৰতত টেছলা গাড়ী নিৰ্মাণ কাৰখানা স্থাপন কৰে তেন্তে প্ৰথম পৰ্যায়ত ৩ৰ পৰা ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব পাৰে। মহাৰাষ্ট্ৰ বা গুজৰাটত টেছলাৰ কাৰখানা নিৰ্মাণ হ’ব পাৰে।
ইয়াৰ উপৰিও, টাটা মটৰ্চৰ সৈতে সম্ভাৱ্য সহযোগিতাৰ বিষয়ে আলোচনাও পূৰ্ণ গতিত চলি আছে। এই পদক্ষেপে ভাৰতৰ ই ভি বজাৰত এক নতুন যুগৰ আৰম্ভণিৰ সংকেত দিয়ে।
টেছলাই ভাৰতত ইয়াৰ বৈদ্যুতিক বাহন (ইভি) নিৰ্মাণ গোট স্থাপনৰ বাবে ভূমি ৰ সন্ধান আৰম্ভ কৰিছে, মহাৰাষ্ট্ৰ টেছলাৰ কাৰখানা নিৰ্মাণৰ প্ৰথম বিকল্প বুলি জানিব পৰা গৈছে।
টেছলাই টাটা মটৰ্চৰ বিষয়াসকলৰ সৈতে সম্ভাৱ্য সহযোগিতাৰ বাবে আলোচনা আৰম্ভ কৰিছে। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিছিল।
তাত তেওঁ টেছলাৰ মুৰব্বী ইলন মাস্কৰ সৈতেও কথা পাতিছিল। তাৰ পিছত টেছলা ভাৰতলৈ আহিব বুলি খবৰ আহে।প্ৰতিবেদন অনুসৰি, টেছলাই ভাৰতীয় বজাৰত প্ৰৱেশৰ সুবিধাৰ বাবে ইভিৰ ওপৰত আমদানি শুল্ক হ্ৰাস কৰাৰ দৰে নীতিৰ সৈতে সম্পৰ্কিত উদগনি বিচাৰিছে।
মহাৰাষ্ট্ৰৰ পুনে চহৰ ইতিমধ্যে টেছলাৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ, য’ত কোম্পানীটোৰ এটা কাৰ্যালয় আছে আৰু কেইবাজনো যোগানকৰ্তা উপস্থিত আছে।
চৰকাৰী বিষয়াসকলে চাকান আৰু চিখলিৰ সাম্ভাব্য স্থানৰ প্ৰস্তাৱ দিছে, যিবোৰ পুনেৰ ওচৰত আৰু মুখ্য স্বয়ংচালিত কেন্দ্ৰ হিচাপে জনাজাত।
অৱশ্যে, আলোচনা এতিয়াও চলি আছে, আৰু টেছলাই চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে কেইবাটাও কাৰক বিবেচনা কৰি আছে। আন এটা কাৰণ হ’ল স্থানটোৰ ওচৰত বন্দৰৰ থকা, যি লজিষ্টিক আৰু ৰপ্তানিৰ সুবিধা প্ৰদান কৰিব।
মহাৰাষ্ট্ৰ চৰকাৰ এই ক্ষেত্ৰত সতৰ্ক, কিয়নো পূৰ্বে বেদান্ত-ফক্সকন অৰ্ধপৰিবাহী প্ৰকল্প আৰু টাটা-এয়াৰবাছ বিমান প্ৰকল্পৰ দৰে বৃহৎ প্ৰকল্প আন ৰাজ্যলৈ স্থানান্তৰিত হৈছিল। প্ৰতিযোগিতাৰ পৰিপ্ৰেক্ষিতত, টেছলাই আন এটা স্থান বাছনি কৰিব পাৰে সেয়াও সম্ভৱ।