বাংলাদেশৰ বিদেশ উপদেষ্টা তৌহিদ হোছেইনে মাস্কটত অনুষ্ঠিত বহুপক্ষীয় সন্মিলনৰ সময়ত SAARC (South Asian Association for Regional Cooperation) পুনৰুজ্জীৱিত কৰাৰ বাবে ভাৰতৰ সমৰ্থন বিচাৰিছে । দেওবাৰে হুছেইনে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰৰ সৈতে এখন বৈঠকত মিলিত হয় ।
ওমানৰ ৰাজধানী মাস্কটত অনুষ্ঠিত অষ্টম ভাৰত মহাসাগৰীয় সন্মিলনৰ সময়ত জয়শংকৰ আৰু হুছেইনৰ সাক্ষাৎৰ পিছতে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰে । ইয়াত কোৱা হৈছে, ‘হুছেইনে ১৯৯৬ চনত স্বাক্ষৰিত গংগা জল সন্ধিৰ নবীকৰণৰ বাবে আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনাইছিল আৰু ছাৰ্কৰ স্থায়ী সমিতিৰ বৈঠক আহ্বান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু এই বিষয়ত নতুন দিল্লীৰ সমৰ্থন বিচাৰিছিল ।’
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে স্থগিত ৰখা হৈছে ছাৰ্ক-
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ বাবে দীৰ্ঘদিন ধৰি স্থগিত ৰখা ছাৰ্কক পুনৰুজ্জীৱিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মহম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে । বৈঠক সন্দৰ্ভত জয়শংকৰে ‘এক্স’ত পোষ্ট কৰে । অৱশ্যে ইয়াত ছাৰ্কৰ কথা উল্লেখ কৰা হোৱা নাই । জয়শংকৰে টুইটাৰত লিখিছে- “বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বিদেশ উপদেষ্টা মহম্মদ তৌহিদ হুছেইনক সাক্ষাৎ কৰোঁ । আলোচনাত আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে বিমষ্টেকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল । চলিত বৰ্ষৰ ২ৰ পৰা ৪ এপ্ৰিললৈ বেংককত অনুষ্ঠিত হ’ব ষষ্ঠ বিমষ্টেক সন্মিলন । ইয়াৰ পিছত থাইলেণ্ডৰ ঠাইত বাংলাদেশে অধ্যক্ষৰ দায়িত্ব ল’ব ।”
বৈদেশিক মন্ত্ৰী জয়শংকৰক সাক্ষাৎ কৰি কি ক’লে-
বিবৃতিটোত কোৱা হৈছে যে দুয়োপক্ষই দ্বিপাক্ষিক সম্পৰ্কত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি সেইবোৰৰ সমাধানৰ বাবে একেলগে কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ আঁৰত বৈদেশিক মন্ত্ৰী দুগৰাকীয়ে বৈঠকত মিলিত হৈছিল । ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত ব্যাপক প্ৰতিবাদৰ পিছত ২০২৪ চনৰ আগষ্ট মাহত শ্বেখ হাছিনাৰ নেতৃত্বত আৱামি লীগ চৰকাৰৰ পতন ঘটে । ইয়াৰ পিছত মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয় ।