অহা সপ্তাহত বেংককত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ অন্তৱৰ্তীকালীন উপদেষ্টা মহম্মদ ইউনুছৰ মাজৰ বৈঠকৰ বাবে বাংলাদেশে প্ৰস্তুতি চলাইছে । বাংলাদেশে কয় যে তেওঁলোকে ভাৰতৰ সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে । বাংলাদেশৰ বৈদেশিক সচিব মহম্মদ জাছিম উদ্দিনে কয় যে আমি এই বৈঠকৰ বাবে সম্পূৰ্ণ সাজু । ভাৰতৰ ইতিবাচক সঁহাৰিৰ বাবে আমি অপেক্ষা কৰি আছো ।
শেহতীয়াকৈ বাংলাদেশে ভাৰতলৈ এখন পত্ৰ প্ৰেৰণ কৰি ২ এপ্ৰিলৰ পৰা ৪ এপ্ৰিললৈ থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰী মোদী আৰু মহম্মদ ইউনুছৰ মাজত বৈঠকৰ প্ৰস্তাৱ দিছিল । ভাৰতে এই সন্দৰ্ভত এতিয়াও কোনো সঁহাৰি দিয়া নাই । অৱশ্যে প্ৰধানমন্ত্ৰী মোদীয়ে সন্মিলনত অংশগ্ৰহণ কৰিব নে নাই সেয়া এতিয়াও সিদ্ধান্ত লোৱা নাই । বাংলাদেশৰ বৈদেশিক সচিব জাছিম উদ্দিনে স্বীকাৰ কৰে ভাৰত-বাংলাদেশৰ সম্পৰ্কত উত্তেজনা আছে । দুয়োগৰাকী নেতাৰ মাজত দ্বিপাক্ষিক বৈঠক হ’লে সম্পৰ্ক উন্নত হ’ব পাৰে বুলিও তেওঁ কয় ।
বিমষ্টেকত অংশগ্ৰহণ কৰাৰ লগতে চীন ভ্ৰমণো কৰিব ইউনুছে-
বাংলাদেশৰ অন্তৱৰ্তীকালীন উপদেষ্টা মহম্মদ ইউনুছে ২ এপ্ৰিলৰ পৰা ৪ এপ্ৰিললৈ বেংককত অনুষ্ঠিত হ’বলগীয়া বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব । ইয়াৰ পূৰ্বে তেওঁ তিনিদিনীয়া চীন ভ্ৰমণো কৰিব । ইয়াত তেওঁ হাইনান প্ৰদেশত অনুষ্ঠিত হ’বলগীয়া ব’য়াও ফ’ৰাম ফৰ এছিয়া (বি এফ এ)ৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব । বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে মহম্মদ ইউনুছে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব । এই সময়ত সীমান্তৰ সিপাৰে তিস্তা নদীৰ জলাশয়ৰ বিষয়টো আলোচনা কৰাৰ সম্ভক্ষাৱনা আছে । বৈদেশিক সচিবগৰাকীয়ে কয় যে এই ভ্ৰমণৰ এজেণ্ডাত তিষ্টা নাই । ই নেতাসকলৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব ।