ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি প্ৰবীণ ব্যৱসায়ী-উদ্যোগী তথা টাটা গ্ৰুপৰ অধ্যক্ষ এমিৰিটাছ ৰতন টাটাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । বুধবাৰে নিশা ৮৬ বছৰ বয়সত ৰতন টাটাৰ মৃত্যু হয় । নেতানিয়াহুৱে কয়, “মই আৰু ইজৰাইলৰ বহুতে ভাৰতৰ গৌৰৱশালী পুত্ৰ আৰু আমাৰ দুয়োখন দেশৰ মাজত বন্ধুত্বৰ অধিবক্তা ৰতন টাটাক হেৰুওৱাৰ বাবে শোক প্ৰকাশ কৰিছো । ৰতনৰ পৰিয়াললৈ মোৰ সমবেদনা ।”
‘ভাৰত আৰু বিশ্বই বিশাল হৃদয়ৰ এজন বিশিষ্ট ব্যক্তিক হেৰুৱালে’-
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতানিয়াহুকে ধৰি বিশ্বৰ বহু নেতাই ৰতন টাটাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । ভাৰতত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেটিয়ে এক শোক বাৰ্তাত কয়, “ভাৰত আৰু বিশ্বই বিশাল হৃদয়ৰ এজন বিশিষ্ট ব্যক্তিক হেৰুৱাইছে । যেতিয়া মোক ৰাষ্ট্ৰদূত হিচাপে কাম কৰিবলৈ মনোনীত কৰা হৈছিল, ভাৰতৰ পৰা প্ৰথম অভিনন্দন ৰতন টাটাৰ পৰা আহিছিল ।”
‘ভাৰতৰ পৰা এজন প্ৰিয় বন্ধুক হেৰুৱালে ফ্ৰান্সে’-
ইফালে, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কয়, ‘ৰতন টাটাৰ দূৰদৰ্শী নেতৃত্বই ভাৰত আৰু ফ্ৰান্সৰ উদ্যোগসমূহৰ প্ৰসাৰত অৰিহণা যোগাইছিল ।’ তেওঁ লগতে কয়, ‘ফ্ৰান্সে ভাৰতৰ এজন প্ৰিয় বন্ধুক হেৰুৱাইছে । তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ মানৱীয় দৃষ্টিভংগী, অপৰিসীম দানশীল কৃতিত্ব আৰু তেওঁৰ নম্ৰতাই চিহ্নিত কৰিব ।‘
সুন্দৰ পিচাইৰ শ্ৰদ্ধাঞ্জলি-
গুগলৰ চিইঅ’ সুন্দৰ পিচাই আৰু মাইক্ৰ’ছফ্টৰ প্ৰতিষ্ঠাপক বিল গেটছকে ধৰি বিশ্বব্যাপী ব্যৱসায়িক নেতাসকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰতন টাটাৰ সৈতে হোৱা শেষ সাক্ষাৎকাৰৰ কথা সোঁৱৰাই সুন্দৰ পিচাই কয়, ‘ৰতন টাটাৰ সৈতে মোৰ শেষ সাক্ষাৎ গুগলত হৈছিল, আমি ৱেইমোৰ অগ্ৰগতিৰ বিষয়ে কথা পাতিছিলো আৰু তেওঁৰ দৃষ্টিভংগী প্ৰেৰণাদায়ক আছিল । তেওঁ এক অসাধাৰণ ব্যৱসায়িক আৰু দানশীল উত্তৰাধিকাৰ এৰি থৈ গৈছে আৰু ভাৰতত আধুনিক ব্যৱসায়িক নেতৃত্বক পথ প্ৰদৰ্শন আৰু বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ।’
বিল গেটছে লিখিছে, “ৰতন টাটা এজন দূৰদৰ্শী নেতা আছিল যাৰ জীৱন উন্নত কৰাৰ প্ৰতি সমৰ্পণে ভাৰত আৰু বিশ্বৰ ওপৰত এক ছাপ পেলাইছিল। মই তেওঁক বহুসময়ত লগ পোৱাৰ সৌভাগ্য লাভ কৰিছিলোঁ আৰু মানৱতাৰ প্ৰতি তেওঁৰ দৃঢ় উদ্দেশ্য আৰু সেৱাৰ দ্বাৰা সদায় প্ৰভাৱিত হৈছিলোঁ ।”