ৰান্ধনীলৈ ১ কোটি, কুকুৰলৈ ১২ লাখ… উইলত কাৰ বাবে কি দি গৈছে ৰতন টাটাই

২০২৪ বৰ্ষৰ অক্টোবৰ মাহত ৰতন টাটাৰ দেহাৱসান ঘটে । কিন্তু তেওঁৰ উদাৰতাৰ কাহিনীবোৰ এতিয়াও চৰ্চিত হৈয়েই আছে । এতিয়া তেওঁৰ ইচ্ছা পত্ৰ তথা উইলৰ পৰা ইটোৰ পিছত সিটোকৈ প্ৰকাশ হৈয়ে আছে । ৰতন টাটাৰ উইল ২০২২ চনৰ ২৩ ফেব্ৰুৱাৰীত লিখা হৈছিল । উইলত তেওঁ ঘৰুৱা কৰ্মচাৰী, কাৰ্যালয়ৰ কৰ্মচাৰী, বন্ধু-বান্ধৱী আনকি পোহনীয়া কুকুৰৰ বাবেও কিবা নহয় এৰি গৈছে । টাটাই কেৱল নিজৰ ঘনিষ্ঠসকলক আৰ্থিক সাহায্য দিয়াই নহয়, তেওঁলোকে দিয়া ঋণ ৰেহাই দিবলৈও নিৰ্দেশ দিছে ।

কৰ্মচাৰীৰ বাবে ৩.৫ কোটিতকৈ অধিক টকা-

ৰতন টাটাৰ ঘৰ আৰু কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে প্ৰায় ৩.৫ কোটি টকা এৰি থৈ গৈছে । ইয়াৰ ভিতৰত তেওঁৰ দীৰ্ঘদিনীয়া ৰান্ধনী ৰাজন শ্ব’ক ১ কোটি টকা (৫১ লাখ টকাৰ ঋণ ৰেহাই সহ) বাটলাৰ চুববাইয়া ক’নাৰক ৬৬ লাখ টকা (৩৬ লাখ টকাৰ ঋণ ৰেহাই সহ) আৰু চালক ৰাজু লিয়নক ১৯.৫ লাখ টকা (১৮ লাখ টকাৰ ঋণ ৰেহাইসহ) অন্তৰ্ভূক্ত আছে । ইয়াৰ উপৰিও তেওঁৰ সচিব ডেলনাজ গিল্ডাৰক ১০ লাখ টকা, টাটা ট্ৰাষ্টৰ পৰামৰ্শদাতা হোছি ডি মালেছাৰাক ৫ লাখ টকা, আলিবাউগ বাংলোৰ কেয়াৰটেকাৰ দেৱেন্দ্ৰ কাটমোল্লুক ২ লাখ টকা, ব্যক্তিগত সহায়ক দীপ্তি দিবাকৰনক ১.৫ লাখ টকা দি গৈছে ।

টাটাই তেওঁৰ উইলত নিৰ্দেশ দিছে যে লগত সাত বছৰতকৈ অধিক সময় থকা ঘৰুৱা সহায়কৰ মাজত তেওঁলোকৰ সেৱাৰ বছৰৰ অনুপাতে ১৫ লাখ টকা বিতৰণ কৰা হওক । ইয়াৰ সমান্তৰালকৈ অংশকালীন সহায়ক আৰু গাড়ী চাফাই কৰ্মীক এক লাখ টকা দিয়াৰ ব্যৱস্থাও কৰা হৈছে । তেওঁৰ দুই পিয়ন গোপাল সিং আৰু পাণ্ডুৰাং গুৰৱক ৫০ হাজাৰকৈ টকা দিয়াৰ বিপৰীতে আন এজন সহায়কাৰী সৰফৰাজ দেশমুখৰ দুই লাখ টকাৰ ঋণ ৰেহাই দিয়া হয় ।

পোহনীয়া কুকুৰ টিটোৰ বাবে ১২ লাখ টকা-

ৰতন টাটাৰ জাৰ্মান শ্বেফাৰ্ড কুকুৰ টিটোৰ প্ৰতি থকা মৰমো তেওঁৰ উইলত প্ৰতিফলিত হৈছে । পূৰ্বৰ কুকুৰৰ নামত টাটাই দত্তক লোৱা টিটোৰ বাবে এৰি গৈছে ১২ লাখ টকা । এই ধনৰ পৰা প্ৰতি ত্ৰিমাসিকত ৩০ হাজাৰ টকাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ যত্ন লোৱাৰ দায়িত্ব তেওঁৰ ৰান্ধনী ৰাজন শ্ব’ক দিয়া হৈছে ।

বন্ধু-বান্ধৱ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতিও উদাৰতা-

টাটাই বন্ধু-বান্ধৱী আৰু ওচৰ-চুবুৰীয়াকো পাহৰা নাছিল । তেওঁৰ কাৰ্যবাহী সহায়ক শান্তনু নাইডুৰ কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা এম বি এৰ বাবে লোৱা ১ কোটি টকাৰ ঋণ ৰেহাই দিয়া হয় । ইয়াৰ উপৰিও বৰ্তমান ছুইজাৰলেণ্ডৰ প্ৰাট এণ্ড হুইটনীৰ সৈতে কাম কৰি থকা তেওঁৰ প্ৰতিবেশী জেক মেলেটকো ব্ৰিটেইনৰ ৱাৰউইক বিজনেছ স্কুলত নামভৰ্তিৰ বাবে লোৱা ২৩.৭ লাখ টকাৰ ঋণ ৰেহাই দিয়া হৈছে । টাটাৰ সম্পত্তিৰ এক তৃতীয়াংশ (শ্বেয়াৰ আৰু ৰিয়েল এষ্টেট বাদ দি) তেওঁৰ প্ৰাক্তন তাজ কৰ্মচাৰী মোহিনী দত্তক দিয়া হৈছে ।

অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ-

ৰতন টাটাই তেওঁৰ উইলত নিশ্চিত কৰিছিল যে তেওঁৰ ব্ৰেণ্ডেড কাপোৰ যেনে ডেক্স, প’লো, ব্ৰুকছ ব্রাদাৰ্ছ, ব্ৰিয়ানি ছুট আৰু হাৰমিছ টাই এন জি অ’ৰ জৰিয়তে আৰ্তজনৰ ওচৰলৈ যায় । ইয়াৰ লগতে তেওঁৰ সম্পত্তিৰ পৰাই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া আৰু আনুষংগিক খৰচ পূৰণৰ নিৰ্দেশনাও দিয়া হৈছিল ।

টাটাই উইলত বহু নিয়ম কাৰ্যকৰী কৰিছিল-

টাটাৰ উইলত তেওঁৰ দুগৰাকী ভগ্নী শ্বিৰিন জেহাংগীৰ জীজীভয় আৰু ডায়েনা জীজীভয় (যি তেওঁৰ বাকী থকা সম্পত্তিৰ এক তৃতীয়াংশ লাভ কৰিব), বন্ধু মেহলী মিষ্ট্ৰী (যাক আলিবাগ বাংলো দিয়া হ’ব), আৰু টাটা ট্ৰাষ্টৰ ট্ৰাষ্টী ডাৰিয়াছ খাম্বাটা আদি অন্তৰ্ভুক্ত । ইয়াৰ উপৰিও ছিচেলছত তেওঁৰ ৮৫ লাখ টকাৰ মাটি ছিংগাপুৰত পঞ্জীয়নভুক্ত ফাণ্ড আৰ এন টি এছ’চিয়েটছক দিয়া হৈছে । এই ফাণ্ডৰ শ্বেয়াৰহোল্ডাৰসকলৰ ভিতৰত আছে টাটা ট্ৰাষ্টৰ প্ৰাক্তন মেনেজিং ট্ৰাষ্টী আৰ ভেংকটাৰমন আৰু টাটা টেকন’লজিছৰ প্ৰাক্তন চি ই অ’ পেট্ৰিক মেকগ’লড্ৰিক ।

ছিপাঝাৰ-তিনচুকীয়াকে ধৰি ৯খন বিশ্ববিদ্যালয় অনুমোদন; জাগীৰোডত ৰতন টাটাৰ স্মৃতিত চহৰ…কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ বিষয়ে সংবাদমেল যোগে অৱগত কৰে । আগন্তুক বিধানসভাৰ অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব বুলিও তেওঁ কয় । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৯খন বিশ্ববিদ্যালয় স্থাপনত অনুমোদন জনোৱা হয় । সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া অসমত ব্যক্তিগত বিশ্ববিদ্যালয় চলোৱাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা নিষ্পত্তি বাধ্যতামূলক হ’ব ।

ছিপাঝাৰ আৰু তিনিচুকীয়াত পৃথক পৃথক বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব-

কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে শেহতীয়াকৈ এডভান্টেজ আছাম সন্মিলনত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি- এডভান্টেজ আছাম ২.০ আজি কেবিনেটে অনুমোদন জনাইছে । তেওঁ কয় যে এই বুজাবুজি চুক্তিৰ অধীনত ছিপাঝাৰ আৰু তিনিচুকীয়াত সুকীয়া বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব । এই সন্দৰ্ভত চৰকাৰে শীঘ্ৰে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰিব ।

ৰতন টাটাৰ স্মৃতিত জাগীৰোড ইলেক্ট্ৰনিক চিটিৰ নামকৰণ-

মঙলবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰী ড০ শৰ্মাই আন এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে । তেওঁ কয় যে প্ৰয়াত উদ্যোগপতি ৰতন টাটাৰ স্মৃতিত জাগীৰোডত নিৰ্মাণ হৈ থকা ইলেক্ট্ৰনিক চিটিৰ নাম ৰখাৰ সিদ্ধান্ত লোৱা হৈছে । তেওঁ কয় যে এতিয়া জাগীৰোড ইলেক্ট্ৰনিক চিটিৰ নাম হ’ব ৰতন টাটা ইলেক্ট্ৰনিক চিটি, জাগীৰোড ।

এই সাতখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধেয়ক-

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত বহু ডাঙৰ ডাঙৰ সিদ্ধান্ত গ্রহণ কৰিছে ৷ তেওঁ কয় যে আজি অসম কেবিনেটে কেইবাখনো বিধেয়কত অনুমোদন জনায় । এই বিধেয়কসমূহ বিধানসভাই অনুমোদন জনোৱাৰ পিছত কিছু নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব । অসম বিধানসভাত বিধেয়ক উত্থাপন হ’বলগীয়া বিশ্ববিদ্যালয়সমূহৰ ভিতৰত শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয় ।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনুমতিৰো প্ৰয়োজন-

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে সংশোধনী বিধেয়কো উত্থাপন কৰিব । আইনৰ সংশোধনীৰ পিছত শীঘ্ৰে উপাচাৰ্য নিযুক্তিৰ কাম কৰিব পাৰিব । তেওঁ কয় যে এতিয়াৰ পৰা অসমৰ যিকোনো ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অনুমতিৰো প্ৰয়োজন হ’ব ।