সাধাৰণতে মানুহে আটাইতকৈ ব্যয়বহুল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় বা চহৰৰ বিষয়ে কয় । কিন্তু আজি আমি আপোনাক ভাৰতৰ আটাইতকৈ ব্যয়বহুল ডিগ্ৰীটোৰ বিষয়ে কম । এই ডিগ্ৰী লাভ কৰিবলৈ এজন সাধাৰণ ব্যক্তিয়ে কোটি কোটি টকা খৰচ কৰিবলগা হ’ব পাৰে ।
আটাইতকৈ ব্যয়বহুল মেডিকেল শিক্ষা-
চিকিৎসা শিক্ষা ভাৰতত আটাইতকৈ ব্যয়বহুল । ডিগ্ৰী তালিকাত ইয়াক আটাইতকৈ ব্যয়বহুল ক্ষেত্ৰ বুলি গণ্য কৰা হয়, কিয়নো চৰকাৰী মহাবিদ্যালয়ৰ বাহিৰে, কেৱল এম বি বি এছ ডিগ্ৰী লাভ কৰিবলৈ কোটি কোটি টকা ব্যয় কৰিব লগা হ’ব পাৰে । লগতে বেচেলৰ অফ মেডিচিন আৰু বেচেলৰ অফ চাৰ্জাৰীৰ মাচুলো অধিক ।
এম বি এৰ খৰচ ত্ৰিশৰ পৰা চল্লিশ লাখ-
মাষ্টাৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন অৰ্থাৎ এম বি এও আটাইতকৈ ব্যয়বহুল ডিগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । কাৰণ, ইণ্ডিয়ান স্কুল অৱ বিজনেছ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ পৰা এম বি এ কৰিবলৈ কমেও ২০ৰ পৰা ৪০ লাখ টকা খৰচ হয় । একে সময়তে ব্যক্তিগত মহাবিদ্যালয়ত আপুনি আৰু অধিক মাচুল দিব লগা হব পাৰে । ইয়াৰ লগত যদি হোষ্টেল আৰু অন্যান্য খৰচ যোগ কৰা হয়, তেন্তে এই সংখ্যাই পঞ্চাশ লাখ অতিক্ৰম কৰে ।
অভিযান্ত্ৰিক ডিগ্ৰী-
অভিযান্ত্ৰিক অথবা ইনঞ্জিনিয়াৰিং ডিগ্ৰী হৈছে ভাৰতৰ আটাইতকৈ চাহিদা থকা আৰু ট্ৰেণ্ডিং ডিগ্ৰীবোৰৰ ভিতৰত এটা । অভিযান্ত্ৰিকৰ বিভিন্ন শাখা আছে আৰু সেই অনুসৰি মাচুল বৃদ্ধি হয় । উদাহৰণস্বৰূপে, এৰোস্পেচ ইঞ্জিনিয়াৰিং কৰাৰ বাবে ২০ ৰ পৰা ৪০ লাখ টকা ব্যয় হ’ব পাৰে । আনহাতে কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিকো যথেষ্ট ব্যয়বহুল । অৱশ্যে, এয়া মহাবিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াৰ উপৰিও, মেকানিকেল আৰু কেমিকেল অভিযান্ত্ৰিকৰ বাবেও যথেষ্ঠ ব্যয় হয় ।
এই পাঠ্যক্ৰমবোৰতো খৰচ কম নহয়-
মেডিচিন, মেনেজমেণ্ট আৰু টেকন’লজিৰ ক্ষেত্ৰৰ বাহিৰেও এনে বহু ক্ষেত্ৰ আছে য’ত ডিগ্ৰী লাভ কৰাটো সহজ নহয় । লক্ষাধিক টকা খৰচ হোৱা আইন, বিফাৰ্ম আৰু হোটেল মেনেজমেণ্টৰ দৰে পাঠ্যক্ৰমো আছে ।