আই আই টি দিল্লীৰ কৃতিত্ব; বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত দেশৰ ৫০ খন বিশ্ববিদ্যালয়;

আই আই টি দিল্লীৰ কৃতিত্ব

এইবাৰৰ QS World University Rankings ২০২৬ ত ভাৰতীয় বিশ্ববিদ্যালয়সমূহে উন্নত প্ৰদৰ্শন আগবঢ়াইছে । প্ৰায় ৫০% ভাৰতীয় প্ৰতিষ্ঠানৰ ৰেংকিং উন্নত হৈছে, যিটো দেশৰ উচ্চ শিক্ষা ব্যৱস্থাৰ বাবে এক ডাঙৰ কৃতিত্ব হিচাপে বিবেচিত হৈছে । আই আই টি দিল্লীয়ে এই বছৰত সৰ্বাধিক অগ্ৰগতি লাভ কৰিছে । এই প্ৰতিষ্ঠানখনে এতিয়া বিশ্ব ৰেংকিঙত ১২৩ সংখ্যক স্থান দখল কৰিছে । দুবছৰ পূৰ্বে অৰ্থাৎ ২০২৪ চনত দেশৰ এই সন্মানীয় প্ৰতিষ্ঠানখনে ১৯ সংখ্যক স্থান দখল কৰিছিল আৰু ২০২৫ চনত ইয়াৰ স্থান আছিল ১৫০ ।

যোৱাবাৰ ভাৰতত প্ৰথম স্থান লাভ কৰা আই আই টি বম্বে এতিয়া দ্বিতীয় স্থানত আছে । অৱশ্যে ইয়াৰ ৰেংকিং কিছু হ্ৰাস পাইছে– ২০২৫ চনত ই ১১৮ত আছিল আৰু এতিয়া ১২৯ লৈ অৱনমিত হৈছে । আই আই টি মাদ্ৰাজৰো ৰেংকিঙৰ ডাঙৰ উন্নতি হৈছে । চেন্নাইস্থিত এই প্ৰতিষ্ঠান এতিয়া ১৮০ নম্বৰ স্থানত আছে, যিটো প্ৰথমবাৰৰ বাবে শীৰ্ষ ২০০ ৰ ভিতৰত প্ৰৱেশ কৰিছে । যোৱা বছৰ ই ২২৭ নম্বৰত আছিল ।

ৰেংকিং তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ ৮ খন প্ৰতিষ্ঠান-

এই তিনিখন প্ৰতিষ্ঠানৰ পিছতে আই আই টি খড়গপুৰ আৰু আই আই এছ চি বাংগালোৰে চতুৰ্থ আৰু পঞ্চম স্থান দখল কৰিছে । দিল্লী বিশ্ববিদ্যালয়ৰ ৰেংকিঙো উন্নত হৈছে । এই প্ৰতিষ্ঠানখন এতিয়া ৩২৮ নম্বৰ স্থানত উপনীত হোৱাৰ বিপৰীতে যোৱা বছৰ ৪০৭ নম্বৰ স্থানত আছিল । এইবাৰ ভাৰতৰ ৮ খন নতুন প্ৰতিষ্ঠান এই ৰেংকিঙত অন্তৰ্ভুক্ত হৈছে । এতিয়া ভাৰতৰ মুঠ ৫৪ খন প্ৰতিষ্ঠানক QS ৰেংকিঙত অন্তৰ্ভুক্ত কৰা হৈছে । আমেৰিকা (১৯২), ব্ৰিটেইন (৯০) আৰু চীন (৭২)ৰ পিছতে ভাৰত চতুৰ্থ স্থানত আছে ।

বিশ্বৰ কথা ক’বলৈ গ’লে এইবাৰো মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি) প্ৰথম স্থানত আছে । একেৰাহে ১৪ বৰ্ষৰ বাবে এই প্ৰতিষ্ঠান প্ৰথম স্থানত আছে ।

লগতে পঢ়ক : দিল্লী বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আঁতৰোৱা হ’ল মনুস্মৃতি পাঠদান

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীৰ

আজি গুৱাহাটীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈ জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত এক জঘন্য সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন নিৰীহ লোকৰ শোকাৱহ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে এক প্ৰতিবাদী সমদল আৰু শোক সভাৰ আয়োজন কৰে ।

সন্ত্ৰাসবাদীৰ এই কাৰ্যক গৰিহণা দি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ২০১৯ চনৰ পুলৱামা কাণ্ডৰ পিছত জম্মু-কাশ্মীৰত সংঘটিত হোৱা অন্যতম নৃশংস আক্ৰমণৰ বলি হোৱা লোকসকলৰ বাবে ন্যায়ৰ দাবীত বিশ্ববিদ্যালয় সমাজ একত্ৰিত হয় । বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰতিবাদী সমদলটো কেম্পাছৰ মাজেৰে আগবাঢ়ে আৰু অংশগ্ৰহণকাৰীসকলে হাতত প্লেকাৰ্ড লৈ সন্ত্ৰাসবাদৰ নিন্দা কৰাৰ লগতে ন্যায় আৰু ঐক্যৰ আহ্বান জনাই । ইয়াৰ পিছতে এখন শোক সভা অনুষ্ঠিত হয়, য’ত উপস্থিত ছাত্ৰ-শিক্ষকসকলে দুই মিনিটৰ বাবে মৌনতা অৱলম্বন কৰি নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।

এই জঘন্য কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দি ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ আচাৰ্য ড০ এ কে পানছাৰীয়ে কয়,  “পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণ মানৱতা আৰু আমাৰ দেশৰ মূল্যবোধৰ প্ৰতি অপমানজনক । আমি অপৰাধীক ন্যায়ৰ কাঠগঢ়ালৈ আনিবলৈ আৰু এনে অত্যাচাৰৰ পুনৰাবৃত্তি কেতিয়াও নোহোৱাটো নিশ্চিত কৰিবলৈ আটাইতকৈ শক্তিশালী পদক্ষেপৰ দাবী জনাইছো । আমাৰ বিশ্ববিদ্যালয়খন ৰাষ্ট্ৰৰ সৈতে দৃঢ় ৰপত থিয় দিছে, শোক আৰু সংকল্পত একত্ৰিত হৈ আছে ।”

ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ গ্ৰ’থ এণ্ড ষ্ট্ৰেটেজিৰ সঞ্চালক শ্ৰী উৎপল কান্তাই ঘোষণা কৰে যে, “পেহেলগামত নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদী কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছো । শোক আৰু সংকটৰ এই সময়ত আমি দেশ হিচাপে একেলগে থিয় দিছো, এই জঘন্য কাণ্ডৰ আঁৰৰ লোকসকলক ক্ষিপ্ৰতাৰে ন্যায়ৰ কাঠগঢ়ালৈ আনিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছো ।”

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ কল্যাণৰ ডীন সাত্যকী ডি’কম ভূঞাই লগতে কয়, “নিৰীহ পৰ্যটকৰ ওপৰত কৰা এই আক্ৰমণ মানৱতাৰ ওপৰত আক্ৰমণ । আমি ঐক্যবদ্ধভাৱে থিয় দিছো, দোষীৰ বিৰুদ্ধে দ্ৰুত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছো আৰু আমাৰ দেশৰ ওপৰত কৰা এই আক্ৰমণৰ দৃঢ় আৰু উপযুক্ত উত্তৰৰ দাবী জনাইছো ।”

উল্লেখ্য যে, উত্তৰ-পূব ভাৰতৰ অন্যতম এখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয় ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিয়ে শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে সন্ত্ৰাসবাদীৰ এই বৰ্বৰ কাৰ্যক গৰিহণা দিয়ে আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ন্যায় বিচাৰৰ আহ্বান জনাই । ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে এই দুখ আৰু সংকটৰ সময়ত ৰাষ্ট্ৰৰ সৈতে একেলগে থিয় দিয়াৰ লগতে সংহতি আৰু স্থিতিস্থাপকতাৰ পোষকতা কৰিছে বুলি এক বিবৃতি প্ৰকাশ কৰিছে ।

বিদেশত পঢ়াৰ কথা ভাবিছে নেকি ? এইকেইখন হৈছে এছিয়াৰ শীৰ্ষ ৫ খন বিশ্ববিদ্যালয়; কম মাচুল আৰু উৎকৃষ্ট শিক্ষাৰে আৰম্ভ কৰক গ্ল’বেল কেৰিয়াৰ

বিদেশত পঢ়াৰ কথা আহিলে বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকা, ব্ৰিটেইন বা অষ্ট্ৰেলিয়াক অগ্ৰাধিকাৰ দিয়ে যদিও এতিয়া এছিয়াৰ বিশ্ববিদ্যালয়সমূহো অধ্যয়ন, গৱেষণা আৰু প্লেচমেণ্টৰ ক্ষেত্ৰত পিছ পৰি থকা নাই । এছিয়াৰ বহু বিশ্ববিদ্যালয়ে QS World University Rankings ২০২৫ ত ভাল প্ৰদৰ্শন কৰিছে । এই বিশ্ববিদ্যালয়সমূহে কেৱল উৎকৃষ্ট শিক্ষা প্ৰদান কৰাই নহয়, বিশ্বব্যাপী কেৰিয়াৰৰ দুৱাৰো মুকলি কৰে ।

চীনৰ পেকিং বিশ্ববিদ্যালয়-

১৮৯৮ চনত স্থাপিত পেকিং বিশ্ববিদ্যালয়ক চীনৰ আটাইতকৈ পুৰণি আৰু সন্মানীয় বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয় । QS ৰেংকিঙত ই এছিয়াৰ শীৰ্ষ বিশ্ববিদ্যালয় । ৩০খন মহাবিদ্যালয় আৰু ১২টা বিভাগত ছাত্ৰ-ছাত্ৰীয়ে ৯৩টা স্নাতক আৰু ১৯৯টা স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰাৰ সুবিধা আছে ।

হংকং বিশ্ববিদ্যালয়-

১৯১১ চনত স্থাপিত হংকং বিশ্ববিদ্যালয় (HKU) হংকঙৰ প্ৰথমখন বিশ্ববিদ্যালয়েই নহয়, ইয়াৰ আন্তঃৰাষ্ট্ৰীয় এক উৎকৃষ্ট পৰিচয়ো আছে । এই বিশ্ববিদ্যালয়খন বিশ্বৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰিয় গন্তব্যস্থান হিচাপে গণ্য কৰা হয়, য’ত ৯৪খন দেশৰ ৩৯ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । ইয়াৰ ৭১ শতাংশ অধ্যাপক বিদেশী, যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট পৰিচয় দিয়ে ।

নেশ্যনেল ইনিভাৰ্চিটি অব ছিংগাপুৰ (NUS)-

এন ইউ এছক অন্যতম শ্ৰেষ্ঠ গৱেষণা বিশ্ববিদ্যালয় হিচাপে গণ্য কৰা হয় । ইয়াত ১০০ খনতকৈও অধিক দেশৰ ৩৮ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে । ইয়াত বিজ্ঞান, প্ৰযুক্তি, ব্যৱস্থাপনা আৰু মানৱীয় বিষয়ৰ দৰে পাঠ্যক্ৰমৰ বাবে উৎকৃষ্ট বিকল্প উপলব্ধ ।

নানয়াং প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় (এন টি ইউ), ছিংগাপুৰ-

এন টি ইউ ছিংগাপুৰ এখন আগশাৰীৰ কাৰিকৰী বিশ্ববিদ্যালয় । ইয়াত অভিযান্ত্ৰিক, তথ্য বিজ্ঞান, ব্যৱসায় আৰু কলা আদি বিষয়ত অধ্যয়নৰ সুবিধা আছে । এই বিশ্ববিদ্যালয়ৰ মূল চৌহদটোক বিশ্বৰ অন্যতম সুন্দৰ বিশ্ববিদ্যালয় চৌহদ বুলি গণ্য কৰা হয় ।

ফুডান বিশ্ববিদ্যালয়, চীন-

১৯০৫ চনত প্ৰতিষ্ঠা হোৱা ফুডান বিশ্ববিদ্যালয় ২০০০ চনত চাংহাই চিকিৎসা বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিত হোৱাৰ পিছত আৰু অধিক বৃহৎ প্ৰতিষ্ঠানত পৰিণত হয় । ইয়াত চাৰিটা কেম্পাছ আৰু ৩৫খন বিদ্যালয় আছে । ইয়াত ৪ হাজাৰৰো অধিক বিদেশী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে ।

এছিয়ান বিশ্ববিদ্যালয় কিয় বাছি ল’ব ?

এই আটাইকেইখন বিশ্ববিদ্যালয়ে বিশ্বমানৰ পাঠদান, আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্ক আৰু শেহতীয়া গৱেষণাৰ সুবিধা প্ৰদান কৰে । এই প্ৰতিষ্ঠানসমূহৰ পৰা ডিগ্ৰীধাৰীসকলে সমগ্ৰ বিশ্বতে উৎকৃষ্ট চাকৰিৰ সুযোগ পায় । যদি আপুনি বিদেশত পঢ়াৰ সপোন দেখিছে তেন্তে এছিয়াৰ এই বিশ্ববিদ্যালয়সমূহ আপোনাৰ বাবে সৰ্বোত্তম বিকল্প ।

বিশ্বৰ শীৰ্ষ ৫০ বিশ্ববিদ্যালয় ৰেংকিঙত জিলিকি উঠিল ভাৰতৰ প্ৰতিষ্ঠান… তালিকাত স্থান লাভ কৰিলে ৯ খনে

ভাৰতৰ শৈক্ষিক সুনামে নতুন উচ্চতা লাভ কৰিছে । ভাৰতৰ ৯খন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানে QS Subject Rankings 2024 ত বিশ্বৰ শীৰ্ষ ৫০ ৰ ভিতৰত স্থান লাভ কৰিছে । খনিজ আৰু খনি অভিযান্ত্ৰিকীত আই এছ এম ধানবাদ, আই আই টি খৰগপুৰ আৰু আই আই টি মুম্বাইয়ে শক্তিশালী প্ৰদৰ্শন কৰি বিশ্ব পৰ্যায়ত নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিছে । একে সময়তে আই আই টি দিল্লী আৰু আই আই টি মুম্বাইয়ে ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত নিজৰ বিশ্বাসযোগ্যতা অধিক শক্তিশালী কৰি তুলিছে ।

আই আই টি মাদ্ৰাজ, আই আই টি মুম্বাই আৰু আই আই টি খৰগপুৰে নিজৰ সুনাম বজাই ৰাখিছে আৰু ধাৰাবাহিকভাৱে বিশ্বৰ শীৰ্ষ ৫০ খন প্ৰতিষ্ঠানৰ ভিতৰত নিজৰ উপস্থিতি বজাই ৰাখিছে । ইয়াৰ উপৰিও জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে উন্নয়ন অধ্যয়নৰ ক্ষেত্ৰতো শীৰ্ষ ৫০ ৰ ভিতৰত স্থান লাভ কৰিছে যদিও বিগত বছৰৰ তুলনাত ইয়াৰ ৰেংকিং সামান্য হ্ৰাস পাইছে ।

অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত এক বৃহৎ জাঁপ মাৰিলে আই আই টি দিল্লী আৰু মুম্বাইয়ে-

অভিযান্ত্ৰিক আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আই আই টি দিল্লী আৰু আই আই টি মুম্বাইয়ে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই পূৰ্বৰ ৪৫ নং ৰেংকৰ পৰা ক্ৰমে ২৬ নং আৰু ২৮ নং ৰেংকলৈ জপিয়াইছে । এই দুয়োটা প্ৰতিষ্ঠানে অভিযান্ত্ৰিক-ইলেক্ট্ৰিক আৰু ইলেক্ট্ৰনিকছ শাখাতো শীৰ্ষ ৫০ ৰ ভিতৰত স্থান লাভ কৰিছে ।

ব্যৱসায় আৰু পৰিচালনা অধ্যয়নত আই আই এম আহমেদাবাদ আৰু আই আই এম বেংগালুৰুৱে শীৰ্ষ ৫০ ৰ ভিতৰত নিজৰ স্থান বজাই ৰাখিছে । আই আই এম আহমেদাবাদ পূৰ্বৰ ৰেংক ২২ৰ পৰা ২৭লৈ হ্ৰাস পোৱাৰ বিপৰীতে আই আই এম বাংগালুৰুৰ ৰেংক ৩২ৰ পৰা ৪০লৈ হ্ৰাস পাইছে ।

QS ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়ৰ শক্তিশালী উপস্থিতি-

এইবাৰ ৭৯খন ভাৰতীয় বিশ্ববিদ্যালয়ে মুঠ ৫৩৩ বাৰ QS ৰেংকিঙত স্থান লাভ কৰিছে, যিটো যোৱা বছৰৰ তুলনাত ২৫.৭% বেছি । বিভিন্ন বিষয়ত ৪৫৪ বাৰ আৰু প্ৰধান অধ্যাপক শাখাত ৭৯ বাৰ স্থান লাভ কৰিছে । QS ৰ তথ্য অনুসৰি নতুন প্ৰতিষ্ঠানৰ যোগদানৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতে চীন, আমেৰিকা, ব্ৰিটেইন আৰু কোৰিয়াৰ পিছতে পঞ্চম স্থানত আছে । একে সময়তে মুঠ প্ৰৱেশৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ভাৰত বিশ্বৰ ভিতৰতে ১২ নম্বৰ স্থানত আছে ।

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা, ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । ৰহস্যজনকভাৱে মৃত্যু হৈছে গুৱাহাটীৰ এখন অভিজাত ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰীৰ । লখৰাৰ নামঘৰ পথত সংঘটিত হৈছে এই ঘটনা ।

জানিব পৰা মতে মৃত যুৱতীগৰাকীৰ নাম এনিশা চেত্ৰী । যুৱতীগৰাকীৰ ঘৰ বিশ্বনাথ চাৰিআলিত । মহানগৰীৰ এখন ব্যক্তিগত উচ্চ শিক্ষানুষ্ঠান ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত আছিল মৃত ছাত্ৰীগৰাকী । ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী আছিল যুৱতীগৰাকী ।

তথ্য অনুসৰি নিজৰ ভগ্নীৰ সৈতে মহানগৰীত আছিল ছাত্ৰীগৰাকী । জানিব পৰা মতে কিছুদিন ধৰি মানসিকভাৱে ভাগি পৰিছিল যুৱতীগৰাকী । ইতিমধ্যে বশিষ্ঠ আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । প্ৰেমজনিত কাৰণতে যুৱতীগৰাকীয়ে চৰম পথ লোৱা বুলি সন্দেহ কৰা হৈছে । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।