লাভজনক হৈ থকা নাই এই ১০ টা ডিগ্ৰী; ক্ৰমে হ্ৰাস পাইছে গুৰুত্ব
ক্ৰমে গুৰুত্বহীন হৈ পৰিছে এই ১০ টা ডিগ্ৰী
যিকোনো ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ এগৰাকী শিক্ষাৰ্থীক সেই নিদিৰ্ষ্ট ক্ষেত্ৰৰ এটা ডিগ্ৰীৰ প্ৰয়োজন । এই ডিগ্ৰী সম্পূৰ্ণ হোৱাৰ পিছত এগৰাকীয়ে শিক্ষাৰ্থীয়ে লাভ কৰে নিযুক্তিৰ সুযোগ । সেয়েহে এগৰাকী শিক্ষাৰ্থীক এটা ডিগ্ৰীৰ খুবেই প্ৰয়োজনীয় হৈ পৰে ।
এটা সময়ত ডিগ্ৰীক সফলতাৰ নিশ্চয়তা বুলি গণ্য কৰা হৈছিল । কিন্তু লাহে লাহে চাকৰিবোৰ ডিগ্ৰীৰ দ্বাৰা নিৰ্ধাৰিত হৈ পৰিছে যদিও এতিয়া ডিগ্ৰীয়ে সফলতাৰ নিশ্চয়তা নিদিয়ে । এই ক্ষেত্ৰত হাৰ্ভাৰ্ডে বিশ্ববিদ্যালয়ে গৱেষণাৰ অন্তত প্ৰকাশ কৰিছে এক প্ৰতিবেদন । বিশ্বজুৰি ছাত্ৰ-ছাত্ৰীক সতৰ্কবাণী প্ৰদান কৰি এই প্ৰতিবেদনত কোৱা হৈছে যে এম বি এ, চি এছ, আৰু একাউণ্টিঙৰ দৰে ১০টা ডিগ্ৰীৰ মূল্য বৰ্তমান হ্ৰাস পাইছে । অৱশ্যে এই প্ৰতিবেদনত ছাত্ৰ-ছাত্ৰীয়ে কেনেধৰণৰ পাঠ্যক্ৰম অধ্যয়ন কৰিব তাৰ বাবেও কিছু পৰামৰ্শ আগবঢ়োৱা হৈছে ।
হাৰ্ভাৰ্ডৰ প্ৰতিবেদনত কোৱা হৈছে যে ডিগ্ৰী নিৰ্বাচন কৰাতো যিকোনো শিক্ষাৰ্থীৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ই তেওঁলোকৰ জীৱনত প্ৰভাৱ পেলাই । বহু কলেজীয়া ডিগ্ৰী অতি মূল্যৱান, যাৰ জৰিয়তে অধিক দৰমহা পোৱা চাকৰিৰ লাভ কৰে যদিও প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছে যে কিছুমান কলেজীয়া ডিগ্ৰী লাভজনক নহয় ।
হাৰ্ভাৰ্ডৰ বিশিষ্ট অৰ্থনীতিবিদ ডেভিদ জে ডেমিঙে গৱেষক কাদীম গোৰৰ সহযোগত এই সন্দৰ্ভত এক গৱেষণা চলাইছিল । ২০২০ চনৰ অধ্যয়নত কিছু বিশেষ ডিগ্ৰীৰ মূল্য সময়ৰ লগে লগে হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ ভিতৰত কম্পিউটাৰ বিজ্ঞান, অভিযান্ত্ৰিক, বিজিনেছ ডিগ্ৰী আদি অন্তৰ্ভুক্ত আছে । কিন্তু প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই বৃত্তিসমূহত ডিগ্ৰী সম্পূৰ্ণ কৰি চাকৰি কৰাৰ পৰিৱৰ্তে নিজাববীয়াকৈ কাম কৰাটো লাভজনক প্ৰমাণিত হ’ব পাৰে ।
চাকৰিৰ বাবে সংঘৰ্ষ এম বি এ ডিগ্ৰীধাৰীৰ-
হাৰ্ভাৰ্ডৰ প্ৰতিবেদনত এই কথা উল্লেখ কৰা হৈছে যে উদ্যোগসমূহ দ্ৰুতগতিত সলনি হৈছে, যাৰ ফলত বহু ডিগ্ৰী গুৰুত্বহীন হৈ পৰিছে । দৰাচলতে ২০২৫ চনৰ আৰম্ভণিতে হাৰ্ভাৰ্ড বিজনেছ স্কুল আৰু অন্যান্য আইভী লীগৰ কেৰিয়াৰ চেণ্টাৰে প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এম বি এসকলে ভাল অফাৰৰ বাবে সংগ্ৰাম কৰিবলগা হৈছে । গতিকে দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ ।
গুৰুত্বহীন হৈ পৰিছে এই ১০ টা ডিগ্ৰী-
এম বি এ আৰু অন্যান্য বিজিনেছ এডমিনিষ্ট্ৰেশ্যনৰ ডিগ্ৰী, কম্পিউটাৰ বিজ্ঞান, মেকানিকেল ইঞ্জিনিয়াৰিং, একাউণ্টিং, বায়’ কেমিষ্ট্ৰি, মনোবিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান, বুৰঞ্জী, দৰ্শন ।
হাৰ্ভাৰ্ডৰ গৱেষণাৰ মতে কেৱল ডিগ্ৰীয়েই এতিয়া সফলতাৰ নিশ্চয়তা হৈ থকা নাই । কেৰিয়াৰৰ বিকাশৰ বাবে একাধিক দক্ষতাৰ জ্ঞান আৰু নিৰন্তৰ শিক্ষণ অতি প্ৰয়োজনীয় । উদাহৰণস্বৰূপে, ছাত্ৰ-ছাত্ৰীসকলে প্ৰযুক্তিৰ দক্ষতা, সৃষ্টিশীলতা, সমস্যা সমাধান, সামাজিক বুদ্ধিমত্তাৰ বিষয়ে শিকি থাকিব লাগে ।
লগতে পঢ়ক : পশু চিকিৎসক হোৱাৰ মন আছে নেকি? কি পাঠ্যক্ৰম অধ্যয়ন কৰিব ?