যদি আপুনি দেশৰ সেৱা কৰিব বিচাৰে আৰু দুঃসাহসিক কৰ্মেৰে ভৰা কেৰিয়াৰ বিচাৰিছে, তেন্তে ইণ্ডিয়ান ক’ষ্ট গাৰ্ড এক উত্তম বিকল্প হ’ব পাৰে । এই ক্ষেত্ৰত কেৱল স্থায়ী চৰকাৰী চাকৰি পোৱাই নহয়, দেশ সেৱা কৰাৰ গৌৰৱো লাভ কৰে । সামুদ্ৰিক নিৰাপত্তাৰ পৰা আৰম্ভ কৰি জৰুৰীকালীন উদ্ধাৰ অভিযানলৈকে ক’ষ্ট গাৰ্ডৰ প্ৰতিটো দিনেই প্ৰত্যাহ্বানমূলক আৰু গৌৰৱেৰে ভৰা । ইয়াত জানি লওক ইণ্ডিয়ান ক’ষ্ট গাৰ্ড বা উপকূলৰক্ষী কি, ইয়াত কেনেকৈ প্ৰৱেশ কৰিব লাগে আৰু কি কি পদ উপলব্ধ ।
ভাৰতীয় উপকূলৰক্ষী কি ?
১৯৭৭ চনৰ ডিচেম্বৰ মাহত স্থাপিত ভাৰতৰ এক গুৰুত্বপূৰ্ণ সামুদ্ৰিক সুৰক্ষা সংস্থা ভাৰতীয় উপকূলৰক্ষী । ইয়াৰ মূল কাম হৈছে ভাৰতীয় সামুদ্ৰিক সীমা সুৰক্ষা, উপকূলীয় অঞ্চলসমূহ নিৰীক্ষণ কৰা আৰু বিপদত আবদ্ধ লোকসকলক সহায় কৰা । ই ভাৰতীয় নৌসেনা, বায়ুসেনা আৰু অন্যান্য সংস্থাসমূহৰ সহযোগত কাম কৰে ।
ক’ষ্ট গাৰ্ডত কি কি পদ আছে ?
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান পদ, যি এজন ৩ তাৰকা ৰেংক বিষয়া । ইয়াৰ বাহিৰেও কমাণ্ডেণ্ট, এচিষ্টেণ্ট কমাণ্ডেণ্ট, ইঞ্জিনিয়াৰ আৰু নাৱিক আদি বহু পদ আছে । প্ৰতি বছৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এই পদসমূহৰ বাবে নিযুক্তি দিয়ে, য’ত যুৱ প্ৰাৰ্থীক সুযোগ দিয়া হয় ।
অৰ্হতা আৰু বয়সৰ সীমা-
ছেইলৰ পদৰ বাবে প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ২২ বছৰৰ ভিতৰত হ’ব লাগে । আনহাতে, অন্যান্য পদৰ বাবে বিভিন্ন শিক্ষাগত অৰ্হতা আৰু শাৰীৰিক ফিটনেছৰ প্ৰয়োজন । কিছুমান পদৰ বাবে স্নাতক হোৱাটো বাধ্যতামূলক, আনহাতে কিছুমানৰ বাবে দ্বাদশ উত্তীৰ্ণয়ো আবেদন কৰিব পাৰে ।
বাছনি কেনেকৈ কৰা হয় ?
নিযুক্তি প্ৰক্ৰিয়াত সাধাৰণতে লিখিত পৰীক্ষা, শাৰীৰিক পৰীক্ষা, চিকিৎসা পৰীক্ষা আৰু সাক্ষাৎকাৰ আদি অন্তৰ্ভুক্ত থাকে । নিৰ্বাচন সম্পূৰ্ণৰূপে যোগ্যতাৰ ওপৰত ভিত্তি কৰি কৰা হয় । আবেদন কৰাৰ পূৰ্বে নিযুক্তি সম্পৰ্কীয় অধিসূচনা ভালদৰে পঢ়িব লাগে ।
কেনেকৈ আবেদন কৰিব ?
ইচ্ছুক প্ৰাৰ্থীয়ে ইণ্ডিয়ান ক’ষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইট joinindiancoastguard.cdac.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব । প্ৰয়োজনীয় সকলো নথি শুদ্ধকৈ আপলোড কৰি সময়ৰ আগতেই প্ৰ-পত্ৰ জমা দিব লাগে ।