মধ্য আৰু উত্তৰ ইজৰাইলত হাহাকাৰ পৰিস্থিতি। মধ্য আৰু উত্তৰ ইজৰাইলৰ তেল এভিভত হিজবুল্লাই নিক্ষেপ ২০টাকৈ ৰকেট। আজি পুৱা লেবাননৰ পৰা মধ্য আৰু উত্তৰ ইজৰাইলত প্ৰায় ২০টাকৈ ৰকেট নিক্ষেপ কৰা হয়। সমগ্ৰ তেল এভিভত বৰ্তমান সময়ত শুনিবলৈ পোৱা গৈছে চাইৰেনৰ শব্দ।
ইফালে হাইফাটো বিৰাজ কৰিছে উত্তেজনাময় পৰিৱেশে। য়েমেনৰ হুটীয়ে তেল এভিভৰ সামৰিক ঘাটীত দুটাকৈ হাইপাৰ ছনিক মিছাইলেৰে আক্ৰমণ সংঘটিত কৰে। প্ৰথমবাৰৰ বাবে মধ্য দূৰত্বৰ মিছাইল নিক্ষেপ কৰে হুটীয়ে। তেল এভিভত থকা ইজৰাইলী চোৰাংচোৱা সংস্থাৰ কাৰ্যালয় আৰু হাইফাত থকা নেভেল বেছকো লক্ষ্য কৰি লয়। যাৰ সমগ্ৰ তেল এভিভত হাই এলাৰ্ট জাৰি কৰা হৈছে। ব্যাহত হৈ পৰিছে বিমান সেৱাও। আমেৰিকাৰ বিদেশ মন্ত্ৰী তেল এভিভত থকাৰ সময়তেই এই ঘটনা সংঘটিত হৈছে যাৰ ফলত হতচকিত হৈ পৰিছে বিশ্ববাসী। যুদ্ধ অন্ত পেলোৱাৰ বাবে একপ্ৰকাৰ হেঁচা দিছে প্ৰয়োগ কৰিছে আমেৰিকাই।
ইয়াৰ মাজতে কিন্তু ৰাছিয়াৰ কাজানত অনুষ্ঠিত হৈছে BRICS ছামিট। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্ৰাডিমিৰ পুটিনৰ সৈতে ইতিমধ্যে বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । চীনৰ ৰাষ্ট্ৰপতি চি জিং পিঙ, ইৰানৰ ৰাষ্ট্ৰপতি, তুৰ্কীৰ ৰাষ্ট্ৰপতি আৰু দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিও উপস্থিত থাকিব এই বৈঠকত। ইজৰাইল-ইৰানৰ যুদ্ধৰ মাজতে অনুষ্ঠিত হোৱা বৈঠকক লৈ চিন্তিত হৈ পৰিছে আমেৰিকা আৰু ইউৰোপীয় দেশ।
ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাই গঠন কৰিছিল BRICS। চৌদি আৰৱে, ইৰান, ইজিপ্ত, ইথিউপিয়া আৰু UAEএ যোগদান বৰ্তমান সময়ত যোগদান কৰিছে BRICSত। NATO দেশ তুৰ্কীয়েও যোগ দিব BRICSত। আমেৰিকা আৰু ইউৰোপৰ দপদপনি হ্ৰাস কৰিবলৈ গঠন কৰা হৈছে এই সংস্থা। ইজৰাইল আৰু ইৰানৰ উত্তেজনাৰ মাজত এই BRICS ছামিটে বহু তাৎপৰ্য বহন কৰিছে। আমেৰিকা আছে ইজৰাইলৰ সমৰ্থনত
আনহাতে ইৰান হৈছে BRICSৰ নতুন সদস্য। এনে ক্ষেত্ৰত ইজৰাইল-ইৰানৰ যুদ্ধত BRICSৰ এই বৈঠকে প্ৰভাৱ পেলৱাতো নিশ্চিত।