ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখনীয়া টেষ্ট শৃংখলাৰ তৃতীয়খন টেষ্ট ব্রিছবেনত অনুষ্ঠিত হৈছে ৷ আজি গাব্বা টেষ্টৰ পঞ্চম আৰু অন্তিম দিন । এই টেষ্টত ভাৰতীয় অধিনায়কগৰাকীয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৪৫ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতীয় দলৰ প্ৰথম ইনিংছ ২৬০ ৰানত সমাপ্ত হয় ।
২৬০ ৰানত সমাপ্ত ভাৰতৰ ইনিংছ-
ভাৰতে প্ৰথম ইনিংছত ২৬০ ৰানত আটাইকেইটা উইকেট হেৰুৱাই । আজি অৰ্থাৎ বুধবাৰৰ পৰা ৯ উইকেটত ২৫২ ৰানত খেল আৰম্ভ কৰা টীম ইণ্ডিয়াই ৮ ৰান সংগ্ৰহ কৰি শেষৰটো উইকেট হেৰুৱাই । শেষ উইকেট হিচাপে আউট হৈছিল আকাশ দীপ । তেওঁক ট্ৰেভিছ হেডে ৩১ ৰানত আউট কৰে । আকাশ আৰু বুমৰাহে দশম উইকেটৰ বাবে ৪৭ ৰানৰ অংশীদাৰিত্ব গঢ়ে । দুয়োজনে মুঠ ৭৮টা বল খেলে । ১০ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে বুমৰাহ ।
১৮৫ ৰানৰ অগ্ৰগতি অষ্ট্ৰেলিয়াৰ-
প্ৰথম ইনিংছত অষ্ট্ৰেলিয়াই ৪৪৫ ৰান সংগ্ৰহ কৰে । এই ক্ষেত্ৰত দ্বিতীয় ইনিংছত দলটোৱে ১৮৫ ৰানৰ অগ্ৰগতি লাভ কৰিছে । ভাৰতীয় দলটো মঙলবাৰে ফ’ল’ অনৰ পৰা ৰক্ষা পৰে । ২৪৬ ৰান সংগ্ৰহ কৰাৰ লগে লগে ফ’ল’ অনৰ পৰা ৰক্ষা পৰে দলটো । টিম ইণ্ডিয়াৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে কে এল ৰাহুলে । তেওঁ ৮৪ ৰান সংগ্ৰহ কৰে । একে সময়তে ৰবীন্দ্ৰ জাদেজাই ৭৭ ৰানৰ ইনিংছ খেলে । অষ্ট্ৰেলিয়াৰ হৈ অধিনায়ক কামিন্সে ৪টা উইকেট দখল কৰে । ইফালে মিচেল ষ্টাৰ্কে তিনিটা উইকেট দখল কৰে । ট্ৰেভিছ হেড, জোছ হেজলউড আৰু নাথান লায়নে এটাকৈ উইকেট দখল কৰে ।
খেল বন্ধ হ’ল গাব্বাত-
ভাৰতীয় খেলুৱৈসকল ওলাই আহিবলৈ সাজু আছিল যদিও তেওঁলোকক পুনৰ ড্ৰেছিং ৰুমলৈ যাবলৈ কোৱা হৈছে । গাব্বাত চাৰিওফালে বিজুলীৰ চিকমিকনি দেখা গৈছে আৰু পিটছ ঢাকি দিয়া হৈছে । আজি বৰষুণৰ বাবে আৰু কিছু হতাশাজনক বিঘিনি ঘটিব পাৰে । গাব্বাৰ ওপৰত ক’লা ডাৱৰ উৰি আছে । আজি গব্বা টেষ্টৰ পঞ্চম দিনা ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে ।
বিগত এঘণ্টা ধৰি বৰষুণ দি আছে-
যোৱা ডেৰ ঘণ্টা ধৰি ব্রিছবেনত বৰষুণ দি আছে ৷ যাৰ বাবে খেলখন বাধাগ্ৰস্ত হৈছে । এতিয়াও গাব্বাৰ ওপৰত ক’লা ডাৱৰ উৰি আছে । ভাৰতীয় ইনিংছ ২৬০ ৰানত সমাপ্ত হয় । দ্বিতীয় ইনিংছত ১৮৫ ৰানৰ অগ্ৰগতিৰে বেটিং কৰিবলৈ ওলাই আহিব অষ্ট্ৰেলিয়াৰ দলটো । মেচখন ড্ৰ’ৰ দিশে আগবাঢ়িছে ।