বলীউডৰ ‘ভাইজান’ চলমান খানক চিনি নোপোৱা হয়টো কোনো নোলাব। শেহতীয়াকৈ, অভিনেতা গৰাকী তেওঁৰ ভতিজা আৰহান খানৰ পডকাষ্টত উপস্থিত হৈছিল। সেই পডকাষ্টত, চলমানে তেওঁৰ বিষয়ে বহুটো কথা কোৱা দেখা গৈছিল।
চলমানে আৰহান আৰু তেওঁৰ বন্ধুবৰ্গক 'প্ৰেম' আৰু 'ব্ৰেকআপ' সম্পৰ্কে পৰামৰ্শ দিছিল।এজন খুৰাক হিচাপে, তেওঁ তেওঁৰ ভতিজাকক ব্ৰেকআপৰ পিছত সম্পৰ্কৰ পৰা সোনকালে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিছিল।
ছুপাৰষ্টাৰগৰাকীয়ে কৈছিল যে , ‘আপোনাৰ প্ৰেমিকাৰ লগত যদি ব্ৰেকআপ হৈছে, তেন্তে তেওঁক এৰি দিয়ক।
নিজৰ কোঠালৈ যাওক, ভালদৰে কান্দিব আৰু সেই বিষয়টো তাতে সমাপ্ত কৰিব।বাহিৰলৈ ওলাই আহি সকলোৰে লগতে সাধাৰণ ভাৱে কথা পাতিব।
অৱশ্যে, তেওঁ এই সময়ছোৱাত এইটোও বৰ্ণনা কৰিছিল যে এজন ব্যক্তিয়ে তেওঁলোকৰ ভুল তৎক্ষণাৎ স্বীকাৰ কৰিব লাগে।তেওঁ কয় যে,'সদায় সকলো লোকেই নিজৰ ভুল স্বীকাৰ কৰা উচিত।
'চলমানে আৰহানক প্ৰবঞ্চনাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে আৰু প্ৰৱঞ্চক মানুহৰ পৰা কেনেদৰে আতৰি থাকিব লাগে সেই বিষয়েও পৰামৰ্শ দিছিল।
তেওঁ ক’লে, ‘আপুনি এটা ৰিলেচনত থকাৰ সময়ত, তাত কিমান দিন থাকিল, সেয়া কোনো কথা নাই।আপুনি ইয়াত ৪০-৫০বছৰ থাকিব পাৰে আৰু তাৰ পিছত আপুনি অনুভৱ কৰিব পাৰে যে ই মোৰ পিঠিত চুৰি মাৰিছে।
চলমানে আৰু কৈছিল, 'সেই সময়ত, ৩০ ছেকেণ্ডৰ ভিতৰত সেই পৰিস্থিতিৰ পৰা ওলাই যাবলৈ আপোনাৰ পৰ্যাপ্ত শক্তি থাকিব লাগিব।'
আপুনি এনেদৰে আচৰণ কৰা উচিত যে এইটো ঘটাৰ ৬ মাহ হ'ল।আৰু এইটো এটা সম্পৰ্ক বা বন্ধুত্বতো হ'ব পাৰে।