ব্ৰিটেইনৰ ৰিয়েলিটি শ্ব’ ‘ব্ৰিটেইনছ গট টেলেণ্ট’ (Britain’s Got Talent)ত ভাৰতে উপস্থাপন কৰিছে এক নতুন কৃতিত্ব । অসমৰ এগৰাকী আঠ বছৰীয়া কিশোৰীয়ে নিজৰ প্ৰদৰ্শনেৰে শ্ব’টোত উপস্থিত থকা বিচাৰকক আচৰিত কৰি তুলিছে । ছ’চিয়েল মিডিয়াত কিশোৰীগৰাকীৰ এই ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে য’ত তেওঁক শ্ব’টোত জয়ী হোৱাৰ কাৰণ বুজাই দিয়া দেখা গৈছে । তেওঁৰ কথা শুনি সকলো বিচাৰক মোহিত হৈ পৰা দেখা গৈছে ।
‘ব্ৰিটেইনছ গট টেলেণ্ট’ শ্ব’ত উপনীত হ’ল ভাৰতৰ অনন্য প্ৰতিভা-
কিশোৰীগৰাকীৰ নাম বিনীতা চেত্ৰী । তেওঁ মঞ্চত আহি প্ৰথমে বিচাৰকসকলক তেওঁৰ পৰিচয় দিয়ে আৰু তাৰ পিছত কয় যে যদি তেওঁ শ্ব’টোত জয়ী হয় তেন্তে তেওঁ নিজৰ বাবে এটা পিংক প্ৰিন্সেছ হাউচ কিনিব বিচাৰিব । কিশোৰীগৰাকীয়ে কয়, ‘মোৰ নাম বিনিতা ছেত্ৰী, মোৰ বয়স আঠ বছৰ আৰু মই ভাৰতৰ অসমৰ পৰা আহিছোঁ । ব্ৰিটেইনছ গট টেলেণ্ট মোৰ সপোনৰ মঞ্চ আৰু মই ইয়াক জয় কৰিব বিচাৰো । মই এটা পিংক প্ৰিন্সেছ হাউচ কিনিব বিচাৰিম ।’
ইয়াৰ পিছত বিনীতাই তেওঁৰ নৃত্য প্ৰদৰ্শন কৰে আৰু তেওঁৰ প্ৰদৰ্শন দেখি তাত উপস্থিত থকা সকলো বিচাৰক আচৰিত হৈ পৰে । নিজৰ কলাৰে দৰ্শকক আচৰিত কৰি তোলে বিনীতাই । কিশোৰীগৰাকীৰ প্ৰদৰ্শন দেখি কোনেও বিশ্বাস কৰিব পৰা নাছিল যে তেওঁৰ বয়স মাত্ৰ আঠ বছৰ । বিনীতাই তেওঁৰ প্ৰদৰ্শনৰ বাবে ষ্টেণ্ডিং অভেচন লাভ কৰে । বিচাৰকসকলে বিনীতাৰ এই প্ৰদৰ্শনক ‘আগতে কেতিয়াও দেখা নোপোৱা’ বুলি অভিহিত কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে নিৰ্বাচন কৰে ।
অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আনন্দ মহিন্দ্ৰায়ো প্ৰশংসা কৰিলে বিনীতাক-
বিনীতাৰ উজ্জ্বল প্ৰদৰ্শন কেৱল শ্ব’টোৰ বিচাৰকেই নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰশংসা কৰে । বিনীতাৰ এই ভিডিঅ’টো তেওঁৰ এক্স একাউণ্টত শ্বেয়াৰ কৰি লিখিছে, ‘অসমৰ পৰা ব্ৰিটেইনলৈ অসমৰ প্ৰতিভা ব্ৰিটেইনছ গট টেলেণ্টত জিলিকি উঠে । কণমানি বিনীতা ছেত্ৰীয়ে নিজৰ আচৰিত প্ৰদৰ্শেনেৰে ব্ৰিটেইনছ গট টেলেণ্টৰ বিচাৰকসকলক আচৰিত কৰি তুলিছিল আৰু শ্ব’টোৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িছে । মোৰ শুভেচ্ছা এই কণমানি ছোৱালীজনীৰ প্ৰতি আৰু আশাকৰোঁ তেওঁ নিজৰ বাবে এটা পিংক প্ৰিন্সেছ হাউচ কিনিব পাৰিব ।’
অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ‘মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানী’ৰ স্বত্বাধিকাৰী আনন্দ মহিন্দ্ৰায়ো বিনীতাৰ নৃত্য প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কণমানি বিনীতাৰ প্ৰদৰ্শনক নিজৰ সোমবাৰৰ প্ৰেৰণা বুলি অভিহিত কৰি তেওঁ লিখিছে, ‘মাত্ৰ আঠ বছৰীয়া । বিশ্বমানৰ । লোহাৰ দৰে শৰীৰ কাৰণ আপোনাৰ শৰীৰৰ ওপৰত এই ধৰণৰ আয়ত্ত থকাটো বহুত কষ্ট আৰু অভ্যাসৰ দ্বাৰাহে আহে । নিজৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ মনোনিৱেশ কৰি আগবাঢ়ি যোৱা । এই ছোৱালীজনী মোৰ সোমবাৰৰ প্ৰেৰণা ।‘
বিনীতাই ‘ব্ৰিটেইনছ গট টেলেণ্ট’ৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িছে । এনে পৰিস্থিতিত তেওঁক সমৰ্থন কৰিবলৈ সমগ্ৰ ভাৰতবৰ্ষই তেওঁৰ সৈতে থিয় দিছে ।