মাৰ্ক জুকাৰবাৰ্গৰ এটি পুৰণি ছোৱেটাৰ হ’ল নিলাম ; ১৩ লাখতকৈ অধিক দামত ক্ৰয়  

মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰ সৈতে সম্পৰ্কিত এটা আচৰিত বাতৰি ওলাইছে। যোৱা সপ্তাহত হোৱা নিলামত জুকাৰবাৰ্গৰ এটা ভিণ্টেজ ছোৱেটাৰ ১৫,০০০ ডলাৰত (১৩,০৯৮৬৬ টকা)ত বিক্ৰী হৈছিল। এই ছোৱেটাৰ (হুডি)টো ফেচবুকৰ প্ৰাৰম্ভিক দিনৰ, য’ত মেটাৰ প্ৰতিষ্ঠাপকৰ এটা হাতেলিখা টোকাও আছে। এই টোকাটো ফেচবুক ষ্টেচনেৰীৰ ওপৰত লিখা

মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰ সৈতে সম্পৰ্কিত এটা আচৰিত বাতৰি ওলাইছে। যোৱা সপ্তাহত হোৱা নিলামত জুকাৰবাৰ্গৰ এটা ভিণ্টেজ ছোৱেটাৰ ১৫,০০০ ডলাৰত (১৩,০৯৮৬৬ টকা)ত বিক্ৰী হৈছিল।

এই ছোৱেটাৰ (হুডি)টো ফেচবুকৰ প্ৰাৰম্ভিক দিনৰ, য’ত মেটাৰ প্ৰতিষ্ঠাপকৰ এটা হাতেলিখা টোকাও আছে। এই টোকাটো ফেচবুক ষ্টেচনেৰীৰ ওপৰত লিখা হৈছিল।অৱশ্যে এই ছোৱেটাৰটো  কোনে ক্ৰয় কৰিছে তেওঁৰ নাম প্ৰকাশ কৰা হোৱা নাই।

মাৰ্কৰ মতে, এইটো তেওঁৰ প্ৰিয় পুৰণি হুডিবোৰৰ এটা। মই এইটো ফেচবুকৰ প্ৰাৰম্ভিক দিনত সকলো সময়তে পিন্ধিছিলোঁ। ইয়াত আনকি ভিতৰৰ স্তৰৰ ওপৰত আমাৰ মূল মিছন বিবৃতিও আছে। উপভোগ কৰক।

মাৰ্ক জুকাৰবাৰ্গৰ হুডিটো বৃহস্পতিবাৰে জুলিয়েনৰ নিলামৰ দ্বাৰা “স্পটলাইট: ইতিহাস আৰু প্ৰযুক্তি” নিলামৰ অংশ হিচাপে বিক্ৰী কৰা হৈছিল।

অনুমান কৰা হৈছিল যে ইয়াৰ মূল্য ১০০০ ডলাৰৰ পৰা ২০০০ ডলাৰৰ ভিতৰত হ’ব, কিন্তু এই দাম অতিক্ৰম কৰি অৱশেষত ১৩ লাখতবিক্ৰী হয় হুডীটো।

এইটো বিশ্বাস কৰা হয় যে জুকাৰবাৰ্গে নিয়মীয়াকৈ ২০১০ চনত হুডিটো পিন্ধিছিল, যিটো বছৰত তেওঁক টাইম পাৰ্ছন অফ দা ইয়েৰ হিচাপে মনোনীত কৰা হৈছিল।

প্ৰাপ্ত তথ্য অনুসৰি, নিলামৰ পৰা উপাৰ্জন হোৱা ধন টেক্সাছৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ব্যয় কৰা হ’ব।