Meta ই মুকলি কৰিলে নতুন AI স্পীচ মডেল; বুজি পাব ১৬০০ ৰো অধিক ভাষা

Meta ই মুকলি কৰিলে নতুন AI স্পীচ মডেল

মাৰ্ক জুকাৰবাৰ্গৰ Meta ত কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই স্পিচ ৰিকগ্ৰিচনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মডেল মুকলি কৰা হৈছে, যাৰ নাম অম্নিলিংগুৱেল অটোমেটিক স্পিচ ৰিকগনিচন (অম্নিলিংগুৱেল এ এছ আৰ)হয়।

ইয়াক ভাষা আৰু এআইৰ সংমিশ্ৰণৰ ক্ষেত্ৰত এক বৈপ্লৱিক মডেল হিচাপে বৰ্ণনা কৰা হৈছে,যিয়ে সেই সকল লোকৰ বাবে AI স্পীচ  ব্যৱহাৰ কৰাটো সম্ভৱ হৈ উঠে যিসকলে কেৱল নিজৰ আঞ্চলিক বা বিৰল ভাষা জানে আৰু ইংৰাজী বা অন্যান্য প্ৰধান ভাষা নাজানে।

ইয়াৰ জৰিয়তে আপুনি স্থানীয় ভাষাটো AI ক প্ৰশ্ন কৰিব পাৰিব। এতিয়া প্ৰতিটো ভাষা কোৱা মানুহে AI প্ৰযুক্তিৰ সুবিধা ল’ব পাৰিব।

এতিয়া ই স্থানীয় জনসাধাৰণক সহজে সহায় কৰিব পাৰিব আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ নিজৰ ভাষাত দিব পাৰিব।

এই মডেলৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াত বহুতো বিৰল ভাৰতীয় উপভাষা অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ সহায়ত পুৰণি, প্ৰাচীন আৰু বিলুপ্ত হ’বলৈ ধৰা ভাষাৰ ক্ষেত্ৰটো এই মডেলটো কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।

ইয়াৰ উপৰিও ই হিন্দী, বাংলা, তামিল পৰা ছত্তীশগড়ী আৰু আৱাধিৰ দৰে বৰ্তমানৰ ভাষাৰ উচ্চাৰণো বুজিব পাৰিব।ইয়াৰ সহায়ত মেটাৰ এআই মডেলে স্থানীয় ভাষাৰ সহায়ত নিজৰ কাম কৰাসকলৰ ওচৰলৈ যাব।

Meta ই দাবী কৰিছে যে,এইটো বিশ্বৰ প্ৰথমটো এআই মডেল যি ১৬০০ তকৈ অধিক ভাষা আৰু উপভাষা বুজিব আৰু চিনি পাব পাৰে।

ই কেৱল ১৬০০+ ভাষা আৰু উপভাষা বুজি পোৱাই নহয়, এই মডেলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল ইয়াৰ বিৰল আৰু কম সম্পদৰ ভাষা বুজিব পৰা ক্ষমতা আছে।

লগতে পঢ়ক: চীনৰ ডাঙৰ সফলতা; ২০৩০ৰ ভিতৰত চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ প্ৰস্তুতি

মাৰ্ক জুকাৰবাৰ্গৰ হাতৰ পৰা ওলাই যাব নেকি ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ ? এফটিচিয়ে ক’লে ‘অবৈধ চুক্তি’

মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ সমস্যা পুনৰ বৃদ্ধি হ’বলৈ গৈ আছে।২০১২ আৰু ২০১৪ চনত ক্ৰয় কৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ চুক্তিত অনিয়মৰ অভিযোগ উত্থাপন কৰিছে কোম্পানীটোৱে।

আমেৰিকাৰ ফেডাৰেল ট্ৰেড কমিছন এফটিচি এ এক দশক পূৰ্বে কৰা এই চুক্তিৰ বিৰুদ্ধে এণ্টিট্ৰাষ্ট মামলা দাখিল কৰিছে, যাৰ বিচাৰ অহা সোমবাৰ, ১৪ এপ্ৰিল ২০২৫ তাৰিখে আৰম্ভ হ’ব।

নিজৰ দায়িত্বত বাণিজ্য আয়োগে কয় যে মেটাই কৰা এই চুক্তিসমূহ অবৈধ আছিল।এই চুক্তিবোৰ ভাঙিব লাগিব।

এফটিচিয়ে নিজৰ অভিযোগত কয় যে মেটাৰ ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ ক্ৰয় কৰাটো এটা “কেলেংকাৰীৰ অধিগ্ৰহণ”।এই চুক্তিৰ বাবেই কোম্পানীসমূহে প্ৰতিযোগী হিচাপে থিয় দিয়াৰ সুযোগ নাপালে।

এটা দশকৰ আগতে সংঘটিত এই ভুলটো শুধৰণি কৰাৰ প্ৰয়োজন আছে।নিজৰ অভিযোগৰ সমৰ্থনত ফেডাৰেল কমিছনে যুক্তি দিছিল যে মেটাৰ এপসমূহৰ মানদণ্ড দিনক দিনে অৱনতি ঘটিছে।ইয়াত বিজ্ঞাপন বৃদ্ধি পাইছে আৰু ব্যৱহাৰকাৰীৰ গোপনীয়তা হেৰাই গৈছে।

ফেডাৰেল কমিছনৰ এই অভিযোগৰ পূৰ্বে ৱাশ্বিংটনস্থিত জিলা ন্যায়াধীশ জেমছ ব’ছবাৰ্গেও মেটাৰ ক্ৰমবৰ্ধমান প্ৰভাৱক ভাবুকি বুলি অভিহিত কৰিছিল।

ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ সৈতে মেটাৰ চুক্তি ভংগ হ’লে বিশ্বৰ জনপ্ৰিয় ডিজিটেল সামগ্ৰীৰ ওপৰত বেয়া প্ৰভাৱ পৰিব।এনে পৰিস্থিতিত চৰকাৰে এনে চুক্তিৰ মূল্যায়ন আৰু অনুমোদন কেনেদৰে কৰে তাক লৈও প্ৰশ্ন উত্থাপন হ’ব পাৰে।

বৰ্তমান মেটাৰ মাৰ্কেট কেপ ১.৩ ট্ৰিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ১,১১,৮৫,৪৪৭ কোটি টকা।কোম্পানীটোৰ ৰাজহৰ মূল উৎস হৈছে ইনষ্টাগ্ৰামত স্থাপন কৰা বিজ্ঞাপন।

যদিহে এই চুক্তি ভাঙি যায় তেন্তে মেটাৰ বজাৰ মূল্যত কোটি কোটি কোটি টকাৰ লোকচান হ’ব পাৰে।এই সন্দৰ্ভত মেটাই বিবৃতি প্ৰকাশ কৰিছে।

কোম্পানীটোৱে কয় যে তেওঁলোকৰ হাতত থকা প্ৰমাণক লৈ তেওঁলোক অতি আত্মবিশ্বাসী আৰু তেওঁলোকে বুজাব যে ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ অধিগ্ৰহণ প্ৰতিযোগিতা আৰু গ্ৰাহকৰ বাবে কেনেদৰে ভাল।

মাৰ্ক জুকাৰবাৰ্গৰ ডাঙৰ ঘোষণা; দুটা নতুন এআই লামা মডেল ঘোষণা, চেটজিপিটি আৰু জেমিনিৰ সৈতে কৰিব প্ৰতিযোগিতা

মেটা প্লেটফৰ্মৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে এটা ডাঙৰ ঘোষণা কৰি কৈছে যে কোম্পানীটোৱে নিজৰ লাৰ্জ লেংগুৱেজ মডেল (এল এল এম) লামাৰ অধীনত দুটা নতুন মডেল উন্মোচন কৰিছে।

এই মডেলসমূহৰ নাম হৈছে লামা ৪ স্কাউট আৰু লামা ৪ মেভেৰিক।অনাগত দিনত আৰু দুটা মডেলৰ প্ৰচলন কৰা হ’ব।

শনিবাৰে মাৰ্ক জুকাৰবাৰ্গে নিজেই ইনষ্টাগ্ৰাম প্লেটফৰ্মত এই সন্দৰ্ভত এটা ভিডিঅ’ শ্বেয়াৰ কৰে।ভিডিঅ’টোত তেওঁ দুটা লামা ৪ মডেলৰ বিষয়ে তথ্য দি কয় যে ই গুগলৰ জেমিনি আৰু অ’পেনএআইৰ চেটজিপিটি ৪অ’ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।

দৰাচলতে মেটাৰ লামা হৈছে এটা মাল্টিম’ডাল এআই চিষ্টেম।এই ব্যৱস্থাপ্ৰণালীয়ে বিভিন্ন তথ্য প্ৰক্ৰিয়া কৰিব পাৰে, য’ত লিখা, ভিডিঅ’, ছবি আৰু অডিঅ’ আদি অন্তৰ্ভুক্ত আছে আৰু বিষয়বস্তুক এই ফৰ্মেটলৈ ৰূপান্তৰিত কৰিব পাৰি।

মাৰ্ক জুকাৰবাৰ্গে কয় যে লামা ৪ স্কাউট আৰু লামা ৪ মেভেৰিক আজিলৈকে আটাইতকৈ উন্নত মডেল।তেওঁ আৰু কয় যে এই দুয়োটা মডেলেই হ’ব মুক্ত উৎসৰ চফটৱেৰ। তেওঁৰ ভিডিঅ’টোত তেওঁ আগন্তুক মডেলসকলক লৈও উৎসাহিত হোৱা যেন লাগিছিল।

কেৱল এইটোৱেই নহয়, কোম্পানীয়ে এটা লামা ৪ বেহেমথ প্ৰস্তুত কৰিছে, যাৰ বিষয়ে দাবী কৰা হৈছে যে ই আজিলৈকে আটাইতকৈ স্মাৰ্ট এল এল এম মডেল হ’ব আৰু নতুন মডেল অনাতো ই সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে।

মেটাই এআইৰ সন্দৰ্ভত আৰু বহু পৰিকল্পনা প্ৰস্তুত কৰি আছে, যাৰ বাবে তেওঁ এই বছৰ ৬৫ বিলিয়ন ডলাৰৰ ধন বিনিয়োগ কৰিবলৈ ওলাইছে।মাৰ্ক জুকাৰবাৰ্গে নিজেই দুটা আগন্তুক লামা মডেলৰ বিষয়ে তথ্য দিছে।

মাৰ্ক জুকাৰবাৰ্গৰ এটি পুৰণি ছোৱেটাৰ হ’ল নিলাম ; ১৩ লাখতকৈ অধিক দামত ক্ৰয়  

মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গৰ সৈতে সম্পৰ্কিত এটা আচৰিত বাতৰি ওলাইছে। যোৱা সপ্তাহত হোৱা নিলামত জুকাৰবাৰ্গৰ এটা ভিণ্টেজ ছোৱেটাৰ ১৫,০০০ ডলাৰত (১৩,০৯৮৬৬ টকা)ত বিক্ৰী হৈছিল।

এই ছোৱেটাৰ (হুডি)টো ফেচবুকৰ প্ৰাৰম্ভিক দিনৰ, য’ত মেটাৰ প্ৰতিষ্ঠাপকৰ এটা হাতেলিখা টোকাও আছে। এই টোকাটো ফেচবুক ষ্টেচনেৰীৰ ওপৰত লিখা হৈছিল।অৱশ্যে এই ছোৱেটাৰটো  কোনে ক্ৰয় কৰিছে তেওঁৰ নাম প্ৰকাশ কৰা হোৱা নাই।

মাৰ্কৰ মতে, এইটো তেওঁৰ প্ৰিয় পুৰণি হুডিবোৰৰ এটা। মই এইটো ফেচবুকৰ প্ৰাৰম্ভিক দিনত সকলো সময়তে পিন্ধিছিলোঁ। ইয়াত আনকি ভিতৰৰ স্তৰৰ ওপৰত আমাৰ মূল মিছন বিবৃতিও আছে। উপভোগ কৰক।

মাৰ্ক জুকাৰবাৰ্গৰ হুডিটো বৃহস্পতিবাৰে জুলিয়েনৰ নিলামৰ দ্বাৰা “স্পটলাইট: ইতিহাস আৰু প্ৰযুক্তি” নিলামৰ অংশ হিচাপে বিক্ৰী কৰা হৈছিল।

অনুমান কৰা হৈছিল যে ইয়াৰ মূল্য ১০০০ ডলাৰৰ পৰা ২০০০ ডলাৰৰ ভিতৰত হ’ব, কিন্তু এই দাম অতিক্ৰম কৰি অৱশেষত ১৩ লাখতবিক্ৰী হয় হুডীটো।

এইটো বিশ্বাস কৰা হয় যে জুকাৰবাৰ্গে নিয়মীয়াকৈ ২০১০ চনত হুডিটো পিন্ধিছিল, যিটো বছৰত তেওঁক টাইম পাৰ্ছন অফ দা ইয়েৰ হিচাপে মনোনীত কৰা হৈছিল।

প্ৰাপ্ত তথ্য অনুসৰি, নিলামৰ পৰা উপাৰ্জন হোৱা ধন টেক্সাছৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ব্যয় কৰা হ’ব।

মেটাৰ ২০ জন কৰ্মচাৰীৰ ডাঙৰ ‘কেলেংকাৰী’!কোম্পানীটোৱে কৰিলে বহিষ্কাৰ

ফেচবুকৰ মূল কোম্পানী মেতাই কিছু কৰ্মচাৰীৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে।কোম্পানীটোৱে কৈছে যে এই কৰ্মচাৰীসকলে কোম্পানীটোৰ আভ্যন্তৰীণ তথ্য প্ৰকাশ কৰিছে।

বিখ্যাত ফেচবুকে কোম্পানীটোৰ বাহিৰত কোম্পানীৰ গোপনীয় তথ্য ভাগ বতৰা কৰাৰ বাবে প্ৰায় ২০ জন কৰ্মচাৰীক বৰ্খাস্ত কৰিছে।

মেটাৰ মুখপাত্ৰ ডেভ আৰ্নল্ডৰ দ্য ভাৰ্জলৈ দিয়া এক বিবৃতি অনুসৰি, “কোম্পানীটোত যোগদান কৰাৰ সময়ত কৰ্মচাৰীসকলক কোৱা হয় যে কোম্পানীৰ আভ্যন্তৰীণ তথ্য লিক কৰাটো কোম্পানীৰ নীতিৰ বিৰোধী। লগতে, কৰ্মচাৰীসকলক সময়ে সময়ে এই বিষয়ে মনত পেলাই দিয়া হয়।

অৱশ্যে, অপসাৰণ কৰা কৰ্মচাৰীসকলৰ পৰিচয় আৰু তেওঁলোকৰ দ্বাৰা লিক কৰা নিৰ্দিষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।এইটো খবৰ পোৱা গৈছে যে মেতাই বজাৰত কিছুমান নতুন সামগ্ৰী মুকলি কৰাৰ প্ৰস্তুতি চলাই আছে।

এই সন্দৰ্ভত এখন বৈঠকও অনুষ্ঠিত হৈছিল, য’ত সামগ্ৰী পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছিল। অভিযোগ কৰা হৈছে যে ছাঁটাই কৰা কৰ্মচাৰীসকলে কোম্পানীৰ তথ্য প্ৰকাশ কৰিছে।

মেটাৰ মুখপাত্ৰ ডেভ আৰ্নল্ডে কৈছে যে অধিক কৰ্মচাৰীক ছাঁটাই কৰা হ’ব পাৰে।আৰ্নল্ডে প্ৰতিবেদনত লিখিছিল যে অনুসন্ধানত পোৱা গৈছিল যে কোম্পানীৰ বাহিৰত গোপনীয় তথ্য ভাগ বতৰা কৰাৰ বাবে ২০ জন কৰ্মচাৰীক বৰ্খাস্ত কৰা হৈছিল।

ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গেও লিকটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল। বৈঠকত জুকাৰবাৰ্গে কয় যে যদিও আমি নতুন নীতি আৰু পৰিকল্পনাৰ বিষয়ে মুকলিকৈ আলোচনা কৰোঁ, কিন্তু তথ্য প্ৰকাশ কৰাটো অতি বেয়া।

“এইটো এটা অনিচ্ছাকৃত ভূল আছিল”; মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিলে মেটাই

CEO মাৰ্ক জুকাৰবাৰ্গৰ বক্তব্যৰ বাবে ক্ষমা বিচাৰিলে মেটাই । জুকাৰবাৰ্গে যোৱা বছৰ অনুষ্ঠিত লোকসভা নিৰ্বাচনৰ বিষয়ে এটা ব্যক্তিগত চেনেলৰ সৈতে কৰা পডকাষ্টত ভুল তথ্য দিছিল।

এই সন্দৰ্ভত সংসদীয় সমিতিয়ে মেটাক চমন জাৰি কৰাৰ সিদ্ধান্ত লৈছিল।কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এই বিষয়ে সামাজিক মাধ্যমত পোষ্ট কৰিছিল।

অৱশেষত মেটাই মাৰ্ক জুকাৰবাৰ্গৰ মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে।ইয়াক ‘অনিচ্ছাকৃত ভুল’ বুলি অভিহিত কৰিছে মেটাই।

অশ্বিনী বৈষ্ণৱৰ পোষ্টত মেটা ইণ্ডিয়াৰ মুৰব্বী শিৱনাথ থুকৰালে ক্ষমা বিচাৰি কয় যে “মাৰ্ক জুকাৰবাৰ্গৰ বক্তব্য সেই সকলো শাসকীয় দলৰ বাবে আছিল, যি ২০২৪ চনত পুনৰ ক্ষমতালৈ ঘূৰি অহা নাছিল।এইটো ভাৰতৰ বাবে নাছিল।

এই অনিচ্ছাকৃত ভুলৰ বাবে আমি ক্ষমা বিচাৰোঁ। মেটাৰ বাবে ভাৰত এখন অতি গুৰুত্বপূৰ্ণ দেশ আৰু আমি ইয়াৰ উদ্ভাৱনী ভৱিষ্যতৰ কেন্দ্ৰত থাকিব বিচাৰো”।

দৰাচলতে এটা পডকাষ্টত মাৰ্ক জুকাৰবাৰ্গে মন্তব্য কৰিছিল যে বৰ্তমানৰ মোডী চৰকাৰে লোকসভা নিৰ্বাচন ২০২৪ ত পৰাজিত হৈছিল কাৰণ তেওঁলোকৰ কভিড-১৯ ৰ সময়ত দুৰ্বল ব্যৱস্থাপনা আছিল।

এই মন্তব্যৰ প্ৰতি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ প্ৰতিক্ৰিয়াৰ পিছত সংসদীয় সমিতিয়ে মেটাক চমন জাৰি কৰাৰ সিদ্ধান্ত লৈছিল।

অশ্বিনী বৈষ্ণৱে মাৰ্ক জুকাৰবাৰ্গক ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স আৰু ফেচবুক দুয়োটাতে টেগ কৰিছিল। এই পডকাষ্টত, জুকাৰবাৰ্গে কৰোনা যুগৰ পৰিচালনাক ভাৰত চৰকাৰৰ লগতে বিশ্বৰ অন্যান্য দেশৰ নিৰ্বাচনত পৰাজিত হোৱাৰ মুখ্য কাৰণ হিচাপে উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁৰ টুইটত কয় যে কোভিডৰ সময়ত চৰকাৰে ৮০০ নিযুত লোকক বিনামূলীয়া ৰেচন আৰু ২.২ বিলিয়ন বিনামূলীয়া ভেকছিন দিয়াৰ বাবে কাম কৰিছিল, যিটো বিশ্বৰ বাবে এক উদাহৰণ।

এইকাৰণেই কোভিডৰ দৰে মহামাৰীৰ পাছতো ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল অৰ্থনীতি, যাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছে।

ক্ষমা খুজিব লগা হ’ব পাৰে মাৰ্ক জুকাৰবাৰ্গে, মেটাক চমন নিশিকান্ত ডুবে নেতৃত্বৰ সংসদীয় কমিটীৰ

সমস্যা বাঢ়িব পাৰে ফেচবুকৰ প্ৰতিষ্ঠাপক তথা মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গৰ । সংসদীয় কমিটীয়ে ফেচবুকৰ মূল কোম্পানী মেটাক চমন কৰিব । এই তথ্য তথ্য আৰু যোগাযোগ বিষয়ৰ সংসদীয় সমিতিৰ অধ্যক্ষ নিশিকান্ত ডুবেই নিজৰ পোষ্টত দিছে । এই বিষয়ে তেওঁ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰিছে ।

তেওঁ লিখিছে, ‘মোৰ কমিটীয়ে এই ভুল তথ্যৰ বাবে মেটাক চমন কৰিব । যিকোনো গণতান্ত্ৰিক দেশৰ ভুল তথ্যই দেশৰ ভাবমূৰ্তি বিনষ্ট কৰে । এই ভুলৰ বাবে সেই সংস্থাই ভাৰতীয় সংসদ আৰু ইয়াৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব ।

মাৰ্কক সমালোচনা কৰা হৈছে-

এই বিষয়ত আই টি আৰু যোগাযোগ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইতিমধ্যে মাৰ্ক জুকাৰবাৰ্গক প্ৰত্যুত্তৰ দিছিল । তেওঁ এক্সত পোষ্ট কৰি লিখিছে যে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল য’ত ৬৪ কোটি লোকে অংশগ্ৰহণ কৰিছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰৰ ওপৰত ভাৰতবাসীয়ে আস্থা প্ৰকাশ কৰে ।

তেওঁ লিখিছে, ‘মাৰ্ক জুকাৰবাৰ্গৰ দাবী যে ভাৰতকে ধৰি বিশ্বৰ অধিকাংশ শাসকীয় চৰকাৰে Covid ৰ পিছত অনুষ্ঠিত নিৰ্বাচনত পৰাস্ত হৈছে ।‘ আচলতে মাৰ্ক জুকাৰবাৰ্গে এটা প’ডকাষ্টত কৈছিল যে Covid ৰ পিছত ভাৰতকে ধৰি ২০২৪ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিশ্বৰ বহু চৰকাৰে পৰাস্ত হৈছে ।

মাৰ্ক জুকাৰবাৰ্গে কি ক’লে ?

মাৰ্কে এই কথা কয় জো ৰগানৰ প’ডকাষ্টত । তেওঁ কয় যে চৰকাৰসমূহৰ এই পৰাজয়ে দেখুৱাইছে যে Covid মহামাৰীৰ পিছত মানুহৰ আস্থা কমিছে । লগতে তেওঁ কয় যে বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, মহামাৰীৰ সৈতে জড়িত অৰ্থনৈতিক নীতি আৰু চৰকাৰে ক’ভিড-১৯ক যেনেদৰে চম্ভালিলে তাৰ বাবে মানুহৰ আস্থা হ্ৰাস পাইছে ।

কিন্তু ভাৰতৰ প্ৰেক্ষাপটত তেওঁৰ এই দাবী ভুল, যাৰ বাবে তেওঁক অহৰহ সমালোচনা কৰা হৈছে । কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এক্সত পোষ্ট দিওঁতে মেটাক টেগ কৰে । তেওঁ লিখিছে যে মাৰ্ক জুকাৰবাৰ্গে নিজেই ভুল তথ্য দিয়াটো অতি দুৰ্ভাগ্যজনক । একে সময়তে এই বিষয়ত মেটাক চমনৰ কথাও কৈছে নিশিকান্ত ডুবেই ।