Meta ই মুকলি কৰিলে নতুন AI স্পীচ মডেল; বুজি পাব ১৬০০ ৰো অধিক ভাষা

Meta ই মুকলি কৰিলে নতুন AI স্পীচ মডেল; বুজি পাব ১৬০০ ৰো অধিক ভাষা

Meta ই মুকলি কৰিলে নতুন AI স্পীচ মডেল মাৰ্ক জুকাৰবাৰ্গৰ Meta ত কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই স্পিচ ৰিকগ্ৰিচনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মডেল মুকলি কৰা হৈছে, যাৰ নাম অম্নিলিংগুৱেল অটোমেটিক স্পিচ ৰিকগনিচন (অম্নিলিংগুৱেল এ এছ আৰ)হয়। ইয়াক ভাষা আৰু এআইৰ সংমিশ্ৰণৰ ক্ষেত্ৰত এক বৈপ্লৱিক মডেল হিচাপে

Meta ই মুকলি কৰিলে নতুন AI স্পীচ মডেল

মাৰ্ক জুকাৰবাৰ্গৰ Meta ত কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই স্পিচ ৰিকগ্ৰিচনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মডেল মুকলি কৰা হৈছে, যাৰ নাম অম্নিলিংগুৱেল অটোমেটিক স্পিচ ৰিকগনিচন (অম্নিলিংগুৱেল এ এছ আৰ)হয়।

ইয়াক ভাষা আৰু এআইৰ সংমিশ্ৰণৰ ক্ষেত্ৰত এক বৈপ্লৱিক মডেল হিচাপে বৰ্ণনা কৰা হৈছে,যিয়ে সেই সকল লোকৰ বাবে AI স্পীচ  ব্যৱহাৰ কৰাটো সম্ভৱ হৈ উঠে যিসকলে কেৱল নিজৰ আঞ্চলিক বা বিৰল ভাষা জানে আৰু ইংৰাজী বা অন্যান্য প্ৰধান ভাষা নাজানে।

ইয়াৰ জৰিয়তে আপুনি স্থানীয় ভাষাটো AI ক প্ৰশ্ন কৰিব পাৰিব। এতিয়া প্ৰতিটো ভাষা কোৱা মানুহে AI প্ৰযুক্তিৰ সুবিধা ল’ব পাৰিব।

এতিয়া ই স্থানীয় জনসাধাৰণক সহজে সহায় কৰিব পাৰিব আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ তেওঁলোকৰ নিজৰ ভাষাত দিব পাৰিব।

এই মডেলৰ আন এটা বৈশিষ্ট্য হ’ল ইয়াত বহুতো বিৰল ভাৰতীয় উপভাষা অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ সহায়ত পুৰণি, প্ৰাচীন আৰু বিলুপ্ত হ’বলৈ ধৰা ভাষাৰ ক্ষেত্ৰটো এই মডেলটো কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।

ইয়াৰ উপৰিও ই হিন্দী, বাংলা, তামিল পৰা ছত্তীশগড়ী আৰু আৱাধিৰ দৰে বৰ্তমানৰ ভাষাৰ উচ্চাৰণো বুজিব পাৰিব।ইয়াৰ সহায়ত মেটাৰ এআই মডেলে স্থানীয় ভাষাৰ সহায়ত নিজৰ কাম কৰাসকলৰ ওচৰলৈ যাব।

Meta ই দাবী কৰিছে যে,এইটো বিশ্বৰ প্ৰথমটো এআই মডেল যি ১৬০০ তকৈ অধিক ভাষা আৰু উপভাষা বুজিব আৰু চিনি পাব পাৰে।

ই কেৱল ১৬০০+ ভাষা আৰু উপভাষা বুজি পোৱাই নহয়, এই মডেলৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল ইয়াৰ বিৰল আৰু কম সম্পদৰ ভাষা বুজিব পৰা ক্ষমতা আছে।

লগতে পঢ়ক: চীনৰ ডাঙৰ সফলতা; ২০৩০ৰ ভিতৰত চন্দ্ৰলৈ মানৱ প্ৰেৰণৰ প্ৰস্তুতি

শেহতীয়া প্ৰৱন্ধসমূহ