বৃটেইনছ গট টেলেন্টত জিলিকিল অসমৰ বিনীতা চেত্ৰী… ৰচিলে ইতিহাস

বৃটেইনছ গট টেলেন্টত জিলিকিল বিনীতা চেত্ৰী

অসমৰ উদীয়মান নৃত্য তাৰকা বিনীতা চেত্ৰীয়ে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব’ ব্ৰিটেইন’ছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি দেশক গৌৰৱান্বিত কৰিছে । গ্ৰেণ্ড ফিনালেত তেওঁৰ আশ্চৰ্যকৰ প্ৰদৰ্শনেৰে বিচাৰক আৰু দৰ্শকক এনেদৰে মোহিত কৰে, যাৰ ফলত তেওঁক ষ্টেণ্ডিং অভেচন লাভ কৰিবলৈ সক্ষম হয় ।

ফলাফল ঘোষণাৰ পিছত উল্লাসিত হৈ বিনিতাই কয়, ‘মই অতি সুখী আৰু গৌৰৱান্বিত । এয়া সৰ্বোত্তম অভিজ্ঞতা ।‘

বৃটেইনছ গট টেলেন্টৰ মঞ্চত শক্তিশালী উপস্থিতি আৰু অনন্য নৃত্য শৈলীৰ বাবে পৰিচিত বিনীতাই চূড়ান্ত ৰাউণ্ডৰ পূৰ্বে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শক্তিশালী প্ৰদৰ্শনৰ প্ৰতিশ্ৰুতি দিছিল । তেওঁ কৈছিল, “অহা সপ্তাহত ফাইনেলত সোনকালে লগ পাম । ই এক আচৰিত কথা । সকলোকে বহুত বহুত ধন্যবাদ ।”

বৃটেইনছ গট টেলেন্টৰ দৰে বিশ্ব মঞ্চত বিনীতাৰ যাত্ৰাক ঘৰলৈ অহাৰ পিছত বহুলভাৱে উদযাপন কৰা হ’ব । অনুৰাগীয়ে তেওঁৰ দক্ষতা, মঞ্চৰ উপস্থিতি, আৰু নম্ৰতাক প্ৰশংসা কৰিছে । উল্লেখ্য যে, বিনীতা চেত্ৰীৰ ঘৰ কাৰ্বি আংলং জিলাত ।

ৰাজস্থানৰ জয়পুৰৰ মাই অওন স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী বিনীতাৰ মূল ঘৰ অসমৰ বোকাজানৰ অমৰাজানত । সৰুৰে পৰাই আনুষ্ঠানিক প্ৰশিক্ষণ লোৱাৰ পূৰ্বে ইউটিউব ভিডিঅ’ৰ পৰা নৃত্য প্ৰদৰ্শন অনুকৰণ কৰি নৃত্যৰ প্ৰতি জন্মগত আকৰ্ষণ প্ৰদৰ্শন কৰিছিল তেওঁ ।

বিনীতাৰ বাবে ব্ৰিটেইন’ছ গট টেলেণ্ট হৈছে তেওঁৰ “সপোনৰ মঞ্চ”, কিয়নো তেওঁ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সাজু হৈ দৰ্শকৰ সন্মুখত থিয় হৈছিল ।

লগতে পঢ়ক : থাইলেণ্ডৰ ওপাল সুচাটাৰ শিৰত জিলিকিল মিছ ৱৰ্ল্ড ২০২৫ৰ খিতাপ…

‘ব্ৰিটেইনছ গট টেলেণ্ট’ত অসম কন্যা বিনীতাৰ যাদু…নৃত্য প্ৰদৰ্শনেৰে জয় কৰিলে কোটি কোটি জনতাৰ হৃদয়

ব্ৰিটেইনৰ ৰিয়েলিটি শ্ব’ ‘ব্ৰিটেইনছ গট টেলেণ্ট’ (Britain’s Got Talent)ত ভাৰতে উপস্থাপন কৰিছে এক নতুন কৃতিত্ব । অসমৰ এগৰাকী আঠ বছৰীয়া কিশোৰীয়ে নিজৰ প্ৰদৰ্শনেৰে শ্ব’টোত উপস্থিত থকা বিচাৰকক আচৰিত কৰি তুলিছে । ছ’চিয়েল মিডিয়াত কিশোৰীগৰাকীৰ এই ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে য’ত তেওঁক শ্ব’টোত জয়ী হোৱাৰ কাৰণ বুজাই দিয়া দেখা গৈছে । তেওঁৰ কথা শুনি সকলো বিচাৰক মোহিত হৈ পৰা দেখা গৈছে ।

‘ব্ৰিটেইনছ গট টেলেণ্ট’ শ্ব’ত উপনীত হ’ল ভাৰতৰ অনন্য প্ৰতিভা-

কিশোৰীগৰাকীৰ নাম বিনীতা চেত্ৰী । তেওঁ মঞ্চত আহি প্ৰথমে বিচাৰকসকলক তেওঁৰ পৰিচয় দিয়ে আৰু তাৰ পিছত কয় যে যদি তেওঁ শ্ব’টোত জয়ী হয় তেন্তে তেওঁ নিজৰ বাবে এটা পিংক প্ৰিন্সেছ হাউচ কিনিব বিচাৰিব । কিশোৰীগৰাকীয়ে কয়, ‘মোৰ নাম বিনিতা ছেত্ৰী, মোৰ বয়স আঠ বছৰ আৰু মই ভাৰতৰ অসমৰ পৰা আহিছোঁ । ব্ৰিটেইনছ গট টেলেণ্ট মোৰ সপোনৰ মঞ্চ আৰু মই ইয়াক জয় কৰিব বিচাৰো । মই এটা পিংক প্ৰিন্সেছ হাউচ কিনিব বিচাৰিম ।’

ইয়াৰ পিছত বিনীতাই তেওঁৰ নৃত্য প্ৰদৰ্শন কৰে আৰু তেওঁৰ প্ৰদৰ্শন দেখি তাত উপস্থিত থকা সকলো বিচাৰক আচৰিত হৈ পৰে । নিজৰ কলাৰে দৰ্শকক আচৰিত কৰি তোলে বিনীতাই । কিশোৰীগৰাকীৰ প্ৰদৰ্শন দেখি কোনেও বিশ্বাস কৰিব পৰা নাছিল যে তেওঁৰ বয়স মাত্ৰ আঠ বছৰ । বিনীতাই তেওঁৰ প্ৰদৰ্শনৰ বাবে ষ্টেণ্ডিং অভেচন লাভ কৰে । বিচাৰকসকলে বিনীতাৰ এই প্ৰদৰ্শনক ‘আগতে কেতিয়াও দেখা নোপোৱা’ বুলি অভিহিত কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে নিৰ্বাচন কৰে ।

অসমৰ মুখ্যমন্ত্ৰীৰ লগতে আনন্দ মহিন্দ্ৰায়ো প্ৰশংসা কৰিলে বিনীতাক-

বিনীতাৰ উজ্জ্বল প্ৰদৰ্শন কেৱল শ্ব’টোৰ বিচাৰকেই নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰশংসা কৰে । বিনীতাৰ এই ভিডিঅ’টো তেওঁৰ এক্স একাউণ্টত শ্বেয়াৰ কৰি লিখিছে, ‘অসমৰ পৰা ব্ৰিটেইনলৈ অসমৰ প্ৰতিভা ব্ৰিটেইনছ গট টেলেণ্টত জিলিকি উঠে । কণমানি বিনীতা ছেত্ৰীয়ে নিজৰ আচৰিত প্ৰদৰ্শেনেৰে ব্ৰিটেইনছ গট টেলেণ্টৰ বিচাৰকসকলক আচৰিত কৰি তুলিছিল আৰু শ্ব’টোৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িছে । মোৰ শুভেচ্ছা এই কণমানি ছোৱালীজনীৰ প্ৰতি আৰু আশাকৰোঁ তেওঁ নিজৰ বাবে এটা পিংক প্ৰিন্সেছ হাউচ কিনিব পাৰিব ।’

অসমৰ মুখ্যমন্ত্ৰীৰ লগতে ‘মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানী’ৰ স্বত্বাধিকাৰী আনন্দ মহিন্দ্ৰায়ো বিনীতাৰ নৃত্য প্ৰদৰ্শনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । কণমানি বিনীতাৰ প্ৰদৰ্শনক নিজৰ সোমবাৰৰ প্ৰেৰণা বুলি অভিহিত কৰি তেওঁ লিখিছে, ‘মাত্ৰ আঠ বছৰীয়া । বিশ্বমানৰ । লোহাৰ দৰে শৰীৰ কাৰণ আপোনাৰ শৰীৰৰ ওপৰত এই ধৰণৰ আয়ত্ত থকাটো বহুত কষ্ট আৰু অভ্যাসৰ দ্বাৰাহে আহে । নিজৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ মনোনিৱেশ কৰি আগবাঢ়ি যোৱা । এই ছোৱালীজনী মোৰ সোমবাৰৰ প্ৰেৰণা ।‘

বিনীতাই ‘ব্ৰিটেইনছ গট টেলেণ্ট’ৰ পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িছে । এনে পৰিস্থিতিত তেওঁক সমৰ্থন কৰিবলৈ সমগ্ৰ ভাৰতবৰ্ষই তেওঁৰ সৈতে থিয় দিছে ।