আক্ৰমণ-প্ৰত্যাক্ৰমণত ক্ৰমে অধিক উত্তপ্ত হৈ পৰিছে মধ্য প্ৰাচ্যৰ পৰিস্থিতি । ইয়াৰ মাজতে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খোমেইনীয়ে শুকুৰবাৰে হাজাৰ হাজাৰ লোকক সম্বোধন কৰে । তেহৰাণৰ গ্ৰেণ্ড মছজিদত হিজবুল্লাহৰ নিহত প্ৰধান হাছান নাছৰাল্লাহক স্মৰণ কৰি বহু সংখ্যক লোক প্ৰাৰ্থনা কৰিবলৈ সমবেত হৈছিল । ভাষণত খোমেইনীয়ে সমগ্ৰ বিশ্বৰ মুছলমানসকলক একত্ৰিত হ’বলৈ আহ্বান জনাই । এই সময়ছোৱাত, ইৰাণৰ সৰ্বোচ্চ নেতাজনক এখন হাতত ৰাইফল লৈ থকা দেখা গৈছিল ।
জনতাক সম্বোধন কৰি থকাৰ সময়ত খোমেইনীয়ে এখন হাতত ৰাইফল ধৰি থকা এটা ভিডিঅ’ত ৰিলক্ষিত হৈছে । ইৰাণক সম্বোধন কৰি খোমেইনীয়ে কয়, “আপোনালোকে আল্লাই দেখুওৱা পথৰ পৰা বিচ্যুত হোৱা উচিত নহয় । মুছলমানসকলে ঐক্যবদ্ধ হৈ থাকিব লাগে । আমি ঐক্যবদ্ধভাৱে জীয়াই থাকিব লাগিব । আমি প্ৰেমেৰে জীয়াই থাকিব লাগিব ।”
ইজৰাইলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি খোমেইনীয়ে কয় যে ইজৰাইলে পেলেষ্টাইনৰ অঞ্চলসমূহ অবৈধভাৱে দখল কৰিছে । তেওঁ কয়, “হিজবুল্লাহৰ মুৰব্বী হাছান নছৰল্লাহৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি । ইজৰাইলক ক্ষেপণাস্ত্ৰৰে প্ৰত্যুত্তৰ দিছে ইৰাণে ।”
খোমেইনীয়ে ইজৰাইলক ভাবুকি দি কয়, “প্ৰয়োজন হ’লে আমি পুনৰ ইজৰাইল আক্ৰমণ কৰিম ।” হিজবুল্লাহ আৰু লেবাননে তেওঁলোকৰ অধিকাৰৰ বাবে যুঁজ দি আছে । পেলেষ্টাইন শত্ৰুৰ দ্বাৰা দখল কৰা হৈছে । পেলেষ্টাইনৰ ভূমি ঘূৰাই লোৱাৰ অধিকাৰ আছে । মুছলমানসকলে ইৰাণৰ পৰা লেবাননলৈ একত্ৰিত হোৱা উচিত ।”
তেওঁ কয়, ‘ইজৰাইল সকলো মুছলমানৰ শত্ৰু । তেওঁলোক কেৱল আমাৰ শত্ৰু নহয়, পেলেষ্টাইন আৰু য়েমেনৰো শত্ৰু । শত্ৰুৰ পৰিকল্পনা সফল হ’বলৈ দিয়া নহ’ব । তেওঁলোকে মুছলমানৰ প্ৰতি শত্ৰুতা বৃদ্ধি কৰিব বিচাৰে । শত্ৰুৱে নিজৰ কু-ৰাজনীতি বৃদ্ধি কৰিব বিচাৰে ।‘
ইৰাণৰ শীৰ্ষ নেতাজনে অভিযোগ কৰিে যে ইজৰাইল এক “বিদ্বেষপূৰ্ণ শাসন” যি “কেৱল আমেৰিকাৰ সমৰ্থনত থিয় হৈ আছে । ই বেছিদিন তিষ্ঠি নাথাকিব” বুলিও তেওঁ কয় ।