একোচা দীঘল ক’লা চুলি প্ৰতিগৰাকী যুৱতীৰে বিচাৰে। কিন্তু বৰ্তমান সময়ত প্ৰদুষণ আৰু ৰাসায়নীক যুক্ত খাদ্য খোৱাৰ ফলত দিনে দিনে বৃদ্ধি পাইছে চুলিৰ সমস্যা।কিন্তু এই কেইটা উপায় অৱলম্বন কৰিলে অতি শীঘ্ৰেই চুলি সৰা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।
১) নাৰিকল তেলত এটা পিয়াজ, মেথিগুটি, কেইপাহমান জবা ফুল দি গৰম কৰিব । পিছত সেই তেল ঠাণ্ডা হ’লে লগাব পাৰে।
২)আমলখিৰ ৰস চুলিত লগালে চুলি সৰা বন্ধ হ’ব আৰু চুলিকোচা ধুনিয়াও হ’ব ।
৩) তিতা চুলি কেতিয়াও বান্ধি নাৰাখিব
৪) ৰুক্ষ চুলিৰ বাবে নাৰিকল তেলত মুৰ্গী কণী এটা ভাঙি ভালকৈ ফেটি লওক । তাৰ পিছত সেই মিশ্ৰণ ভালদৰে চুলিৰ গুৰিত ঘঁহিব । এইদৰে ৩০/ ৩৫ মিনিট ৰাখি চাফাপানীৰে ধুই দিব।