চুলিৰ স্বাস্থ্যৰ বাবে দৈনিক খাওক এইবোৰ খাদ্য; চুলি সৰাও হ’ব হ্ৰাস

চুলিৰ স্বাস্থ্যৰ বাবে দৈনিক খাওক এইবোৰ খাদ্য

চুলি সৰা ৰোধ কৰিবলৈ ইয়াক ভিতৰৰ পৰা শক্তিশালী কৰাটো অতি গুৰুত্বপূৰ্ণ। যাৰ বাবে আপুনি সুষম খাদ্য গ্ৰহণ কৰিব লাগে।

প্ৰটিন, ভিটামিন, খনিজ পদাৰ্থ, এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য চুলিৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে আৰু চুলি সৰা কমোৱাত সহায় কৰিব পাৰে।

চুলিৰ বাবে প্ৰটিন অতি গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান কাৰণ চুলি কেৰাটিন নামৰ প্ৰটিনৰ দ্বাৰা গঠিত।গতিকে মজবুত চুলিৰ বাবে পৰ্যাপ্ত পৰিমাণে প্ৰটিন সেৱনৰ প্ৰয়োজন।

ই আপোনাৰ মূৰৰ ছাল, চুলিৰ গুৰি আৰু চুলিত প্ৰয়োজনীয় এমিনো এচিড প্ৰদান কৰে যাতে তেওঁলোক সুস্থ হৈ থাকে।প্ৰটিনৰ অভাৱত চুলি দুৰ্বল হৈ পৰে আৰু চুলি সৰা সমস্যা বৃদ্ধি কৰিব পাৰে।

প্ৰটিনৰ দৰেই ওমেগা-৩ ফেটি এচিডো চুলিৰ বাবে অতি গুৰুত্বপূৰ্ণ।এই ফেটি এচিডে চুলি আৰু ইয়াৰ বৃদ্ধি শক্তিশালী কৰাত সহায় কৰে।নিজৰ শৰীৰত ওমেগা-৩ ফেটি এচিড বৃদ্ধি কৰিবলৈ মাছ, আখৰোট আৰু চিয়া ছিডচ আদি বস্তু খাব লাগে।

চুলিৰ স্বাস্থ্যৰ বাবে আইৰণো অতি গুৰুত্বপূৰ্ণ।ই শৰীৰত ৰক্তকণিকা উৎপাদনত সহায় কৰে যিয়ে চুলিৰ গুৰিলৈ অক্সিজেন প্ৰেৰণ কৰে।যেতিয়া অক্সিজেনৰ পৰ্যাপ্ত যোগান থাকে তেতিয়া চুলি সুস্থ, শক্তিশালী আৰু ডাঠ হৈ পৰে।

লগতে পঢ়ক: এই কেইটা খাদ্যই আপোনাক কৰিব ৰোগমুক্ত; ৰোগ প্ৰতিৰোধ ক্ষমতাও হ’ব শক্তিশালী

বাৰিষাৰ সময়ত চুলি সৰা কমাব বিচাৰে নেকি? কৰক এইকেইটা কাম

বাৰিষাৰ সময়ত চুলি সৰা কমাব বিচাৰে নেকি?

বাৰিষাৰ বৰষুণৰ শীতলতাই হৃদয়ক শান্ত কৰে যদিও এই ঋতু চুলিৰ বাবে এটা ডাঙৰ সমস্যাতকৈ কম নহয়। বতাহত আৰ্দ্ৰতা বৃদ্ধিৰ বাবে মূৰৰ ছালত মলি জমা হ’বলৈ ধৰে, যাৰ ফলত চুলি দুৰ্বল হৈ পৰিবলৈ আৰম্ভ কৰে।

কিন্তু কিছুমান সহজ টিপছ গ্ৰহণ কৰিলে বাৰিষাৰ বতৰত আপুনি আপোনাৰ চুলিখিনি সুস্থ, শক্তিশালী কৰি ৰাখিব পাৰে আৰু এই বতৰতো চুলি সৰি পৰাৰ পৰা ৰক্ষা কৰিব পাৰে।

চুলি তিতি থাকিবলৈ নিদিব: বাৰিষাৰ বৰষুণত তিতিলে বা গা ধুই চুলি বহুসময়ৰ বাবে তিতা কৰি নাৰাখিব। বহু সময় ধৰি চুলি তিতা হৈ থাকিলে ভেঁকুৰৰ সংক্ৰমণ আৰু  উফি হ’ব পাৰে।

কমকৈ তেল লগাব: নাৰিকল বা আলমণ্ডৰ তেল লাহে লাহে প্ৰয়োগ কৰি এঘণ্টাৰ পিছত চুলি ধুব। বাৰিষাৰ সময়ত অধিক তেল দিলে মূৰৰ ছাল আঠাযুক্ত হৈ পৰিব পাৰে।

মূৰৰ ছালৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়ক: সপ্তাহত কমেও দুবাৰকৈ চুলি চেম্পুৰে ধুব লাগে। বৰষুণত মূৰৰ ছালত ধূলি আৰু ঘাম জমা হয়, যাৰ ফলত চুলি দুৰ্বল হৈ পৰে আৰু সৰিবলৈ আৰম্ভ কৰে।

কুহুমীয়া পানীৰে চুলি ধুব: চুলি ধোৱাৰ সময়ত অতি ঠাণ্ডা বা অতি গৰম পানী ব্যৱহাৰ নকৰিব। কুহুমীয়া পানীয়ে মূৰৰ ছালখন কোমলভাৱে পৰিষ্কাৰ কৰিলে চুলিৰ প্ৰাকৃতিক জিলিকনি বজাই ৰাখে।

চুলি ষ্টাইল কৰা সামগ্ৰী পৰিহাৰ কৰক: বাৰিষাৰ সময়ত জেল, স্প্ৰে বা হিট টুল কমকৈ ব্যৱহাৰ কৰক। এনে সামগ্ৰীয়ে চুলি শুকুৱাই ক্ষতি কৰে, যাৰ ফলত চুলি আৰু অধিক সৰিবলৈ লয়।

খাদ্যত প্ৰটিন আৰু আইৰণ অন্তৰ্ভুক্ত কৰক: খাদ্যত অংকুৰিত শস্য, কচু, কণী, দালি আৰু বাদাম অন্তৰ্ভুক্ত কৰক।

(ইয়াত দিয়া পৰামৰ্শ সমূহ সাধাৰণ তথ্যৰ বাবেহে। স্বাস্থ্য সম্পৰ্কীয় যিকোনো ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

লগতে পঢ়ক: প্ৰতিদিনে এই কেইটা ফল খালে উজ্জ্বল হয় ছাল; নোহোৱা হয় দাগ

না কোনো ঔষধ, না কোনো চিকিৎসা…!ৰাতিপুৱাই কৰক এই নিশ্চিত প্ৰতিকাৰ, মাত্ৰ ৩০ দিনৰ ভিতৰতে চুলিৰ সকলো সমস্যাৰ পৰা পাব মুক্তি

বৰ্তমান সময়ত মানুহে কম বয়সতো চুলিৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে।আজিকালি শিশুৰ পৰা বৃদ্ধলৈকে সকলো মানুহৰেই চুলিৰ সমস্যাই অশান্তি দিছে, তাৰ মাজতে অনেক কাৰণ আছে।

যেনে চুলি সৰা, চুলিৰ অকালতে বগা হোৱা, শুকান হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়, যিবোৰ কোনো ঔষধ নোহোৱাকৈ, কোনো চিকিৎসা নকৰাকৈ আৰু কোনো অতিৰিক্ত সময় নোহোৱাকৈ ঘৰত থাকিয়েই সমাধান কৰিব পাৰি।

যাৰ বাবে আপুনি মাত্ৰ দৈনিক যোগাসন কৰিব লাগিব আৰু খাদ্যাভ্যাস উন্নত কৰিব লাগিব। তেলীয়া খাদ্য গ্ৰহণ নিয়ন্ত্ৰণ কৰাৰ লগতে কিছু বিশেষ যোগাসন আপোনাৰ বাবেও উপকাৰী হ’ব পাৰে।

চুলিৰ সমস্যাৰ আটাইতকৈ ডাঙৰ সমাধান হ’ল খাদ্যাভ্যাস উন্নত কৰা। ইয়াৰ লগতে আমলখিৰ ৰস ব্যৱহাৰ কৰক। ইয়াৰ লগতে যদি আপুনি নিতৌ নখ ঘঁহি, কপালভাতি বা প্ৰাণায়াম কৰে, আপোনাৰ চুলিৰ সমস্যা সমাধানৰ বাবে এই যোগাসন অতি উপকাৰী।

য’ত যিকোনো ঠাইতে যিকোনো সময়তে নখ ঘৰ্ষন কৰিব পাৰি। নিৰামিষ খাদ্যৰ অত্যধিক সেৱনও কম কৰিব লাগে।

দৈনিক চুলিত আলমণ্ড অইল আৰু নাৰিকল তেল লগাব লাগে।চুলি সৰাৰ দৰে সমস্যা শুকান চুলিত বেছি দেখা যায়।