অৱশেষত ৩ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত, ‘পুষ্পা২: দ্য ৰুল’ বোলছবিখনে মুক্তি লাভ কৰিলে। আল্লু অৰ্জুনৰ চিনেমাখনৰ বিষয়ে অনুৰাগীসকলৰ মাজত প্ৰচণ্ড উন্মাদনা আছে।
জানিব পৰা মতে বুধবাৰে নিশা হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰৰ বাহিৰত দৰ্শক সকলে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ইয়াৰ ফলত বহুলোক আহত হৈছে।
ছবিখনত আল্লু অৰ্জুনৰ উপৰিও, ৰশ্মিকা মান্দান্না, ফাহাদ ফাচিল গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে।ছবিখন সুকুমাৰে পৰিচালিত কৰিছে।ছবিখনৰ প্ৰথম অংশটোতে দৰ্শকৰ পৰা যথেষ্ট সহাৰি দেখিবলৈ পোৱা গৈছে।
আল্লুৰ চিনেমাখনে বক্স অফিচত যথেষ্ট ধন উপাৰ্জন কৰিছে। প্ৰায় ৫০০ কোটি টকাৰ বাজেটত নিৰ্মিত, পুষ্পা ২ ভাৰতৰ ব্যয়বহুল চলচ্চিত্ৰসমূহৰ ভিতৰত এখন হৈ পৰিছে।
চৌদি আৰৱৰ ছবিগৃহটো হিট ‘পুষ্পা ২’
‘পুষ্পা ২’ৰ মুক্তি পিছতেই সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে। কিন্তু হিন্দু দেৱতাসকলক দেখুওৱা দৃশ্য সমূহ ছবিখনৰ পৰা কাটি দিছে চৌদি আৰবে।চৌদি আৰৱৰ চেঞ্চৰ বোৰ্ডে ‘পুষ্পা ২’ৰ অতি গুৰুত্বপূৰ্ণ গংগম্মা জাটাৰা দৃশ্যটোৰ বহুখিনি কৰ্তন কৰিছে।
চলচ্চিত্ৰখনৰ প্ৰচাৰৰ সময়ত, নিৰ্মাতাসকলে বাৰে বাৰে কৈছিল কৰিছিল যে এই দৃশ্যসমূহ তেওঁলোকৰ চলচ্চিত্ৰখনৰ জীৱন আৰু আল্লু অৰ্জুনে ইয়াত এক সুন্দৰ প্ৰদৰ্শন কৰিছে।
পুষ্পা ২ ছবিখনে বক্স অফিচত মুক্তি পোৱাৰ পূৰ্বেই ১২৫ কোটি টকা উপাৰ্জন কৰিছে। কেৱল এয়াই নহয়, প্ৰথম দিনৰ ভৱিষ্যতবাণীত বক্স অফিচ সংগ্ৰহৰ পৰিমাণ 250 কোটি অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।
যদিও বৰ্তমান ছবিখনৰ টিকটৰ মূল্যক লৈ চৰ্চা চলি আছে। দৰ্শক সকলে কৈছে যে ছবিখনৰ ব্যয়বহুল টিকট তেওঁলোকৰ পৰিসীমাৰ বাহিৰত।