অভিনেতা প্ৰতীক গান্ধী আৰু পত্ৰলেখাৰ ছবি ‘ফুলে’ বিগত কিছু দিনৰ পৰা বিতৰ্কৰ মাজত আবদ্ধ হৈ আছে । সমাজ সংস্কাৰক দম্পতী জ্যোতিবা ফুলে আৰু সাবিত্ৰীবাই ফুলেৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনৰ মুক্তি পিছুৱাই দিয়া হৈছে । ছবিখনে জাতিবাদ বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল । অনুৰাগ কাশ্যপে ছবিখনৰ মুক্তিৰ ওপৰত নিষেধাজ্ঞা সন্দৰ্ভত চেঞ্চৰ ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশন তথা চি বি এফ চিৰ বিষয়ে এটা পোষ্ট লিখিছিল ।
এতিয়া অনুৰাগে পুনৰ এবাৰ বিতৰ্কিত বক্তব্য দি ক্ষোভ প্ৰকাশ কৰিলে । ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণা প্ৰকাশ কৰি বিতৰ্কিত বিবৃতি দিলে । কিন্তু এতিয়া পৰিচালকজনে ক্ষমা বিচাৰিছে আৰু স্পষ্টীকৰণ দিছে । ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগে লিখিছে যে আপুনি মোক যি মন যায় কব পাৰে, কিন্তু পৰিয়ালটোক ৰেহাই দিয়ক ।
অনুৰাগৰ পোষ্ট-
ক্ষমা কৰিব । কিন্তু মই এইটো মোৰ পোষ্টৰ বাবে নহয়, সেই এটা শাৰীৰ বাবেহে বিচাৰিছো যিটো ভুল ধৰণেৰে লোৱা হৈছিল আৰু ঘৃণা বিয়পি পৰিল । আপোনাৰ ছোৱালী, পৰিয়াল, বন্ধু-বান্ধৱী আৰু আপোনজনতকৈ কোনো কাম বা কথা-বতৰা বেছি গুৰুত্বপূৰ্ণ নহয় । তেওঁলোকে ধৰ্ষণৰ ভাবুকি লাভ কৰিছে । হত্যাৰ ভাবুকি দিয়া হৈছে । নিজকে সংস্কৃতিবান বুলি কোৱা সকলে এই সকলোবোৰ কৰি আছে । গতিকে যি কোৱা হৈছে সেয়া উভতাই ল’ব নোৱাৰি আৰু মইও উভতাই নলওঁ, কিন্তু আপুনি মোক যিমান বিচাৰে সিমান গালি-গালাজ কৰিব পাৰে ।
তেওঁ লগতে কয়, মোৰ পৰিয়ালে একো কোৱা নাই । গতিকে যদি আপুনি মোৰ পৰা ক্ষমা বিচাৰিছে, তেন্তে এইটো মোৰ ক্ষমাপ্ৰাৰ্থনা । ব্ৰাহ্মণসকল, অনুগ্ৰহ কৰি নাৰীসকলক ৰেহাই দিয়ক, এনে মূল্যবোধ কেৱল মনুবাদত নহয়, শাস্ত্ৰতো আছে । আপুনি কোন ধৰণৰ ব্ৰাহ্মণ সেইটো নিৰ্ণয় কৰক । বাকীবোৰৰ বাবে মোৰ ফালৰ পৰা ক্ষমা বিচাৰিছো ।
ছবিখনৰ ওপৰত মন্তব্য কৰিছিল অনুৰাগ কাশ্যপে-
অনুৰাগ কাশ্যপে ছবিখনৰ বিতৰ্কৰ সৈতে জড়িত এটা খবৰ তেওঁৰ ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছে, ‘মোৰ জীৱনৰ প্ৰথমখন নাটক আছিল জ্যোতিবা আৰু সাবিত্ৰীবাই ফুলেৰ ওপৰত । যদি এই দেশত জাতিবাদ নাছিল তেন্তে তেওঁলোকৰ যুঁজ দিয়াৰ কি প্ৰয়োজন আছিল । এতিয়া এই ব্ৰাহ্মণ সকলে লাজ অনুভৱ কৰিছে বা লাজতে মৰিছে বা তেওঁলোকে বেলেগ ব্ৰাহ্মণ ভাৰতত বাস কৰি আছে যিটো আমি চাব পৰা নাই, কোনোবাই বুজাই দিয়ক কোন মূৰ্খ ।