২৭ বছৰৰ মূৰত দিল্লী দখল কৰিলে বিজেপিয়ে । দিল্লীৰ এই বিজয়ক ঐতিহাসিক জয় আখ্যা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । এই বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি দিল্লীবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ।
‘উন্নয়ন জিকিল, সুশাসন জিকিল’
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘জনশক্তি সৰ্বোচ্চ ! উন্নয়ন জয়ী, সুশাসন জয়ী… বিজেপিক এক ঐতিহাসিক বিজয় দিয়াৰ বাবে দিল্লীৰ সকলো ভাতৃ-ভগ্নীলৈ মোৰ প্ৰণাম আৰু অভিনন্দন । আপোনালোকে মোক দিয়া অজস্ৰ আশীৰ্বাদ আৰু মৰমৰ বাবে আপোনালোক সকলোৰে ওচৰত গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ।
जनशक्ति सर्वोपरि!
— Narendra Modi (@narendramodi) February 8, 2025
विकास जीता, सुशासन जीता।
दिल्ली के अपने सभी भाई-बहनों को @BJP4India को ऐतिहासिक जीत दिलाने के लिए मेरा वंदन और अभिनंदन! आपने जो भरपूर आशीर्वाद और स्नेह दिया है, उसके लिए आप सभी का हृदय से बहुत-बहुत आभार।
दिल्ली के चौतरफा विकास और यहां के लोगों का जीवन उत्तम…
তেওঁ কয়, ‘দিল্লীৰ সৰ্বাংগীন উন্নয়ন সুনিশ্চিত কৰাৰ বাবে আৰু ইয়াৰ জনসাধাৰণৰ জীৱন উন্নত কৰাৰ বাবে আমি কোনো ত্ৰুটি নাৰাখো, এয়া আমাৰ নিশ্চয়তা । ইয়াৰ সমান্তৰালকৈ আমি সুনিশ্চিত কৰিম যে এখন উন্নত ভাৰত সৃষ্টিৰ ক্ষেত্ৰত দিল্লীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । এই বৃহৎ আদেশৰ বাবে দিনে নিশাই কাম কৰা মোৰ সকলো বিজেপি কৰ্মীক লৈ মই অতি গৌৰৱান্বিত । এতিয়া আমি দিল্লীবাসীক আৰু অধিক সবলভাৱে সেৱা আগবঢ়াবলৈ উৎসৰ্গিত হৈ থাকিম ।
‘এয়া অহংকাৰ আৰু অৰাজকতাৰ পৰাজয়’
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘দিল্লীত মিছাৰ ৰাজত্ব শেষ হ’ল । এয়া অহংকাৰ আৰু অৰাজকতাৰ পৰাজয় । ‘মোদী কি গ্যাৰাণ্টী’ৰ প্ৰতি দিল্লীবাসীৰ বিশ্বাস আৰু মোদীজীৰ উন্নয়নৰ দৃষ্টিভংগীৰ এই জয় । এই বৃহৎ আদেশৰ বাবে দিল্লীবাসীলৈ আন্তৰিক কৃতজ্ঞতা । মোদীজীৰ নেতৃত্বত বিজেপিয়ে নিজৰ সকলো প্ৰতিশ্ৰুতি পূৰণ কৰি দিল্লীক বিশ্বৰ ১ নম্বৰ ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ দৃঢ়প্ৰতিজ্ঞ ।‘
‘আপ-দা মুক্ত দিল্লী’
কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই লিখিছে, “আপ-দা মুক্ত দিল্লী ! আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিৰ ব্যাপক বিজয় প্ৰধানমন্ত্ৰী মোদীৰ সক্ষম নেতৃত্বত সেৱা, সুশাসন, দুখীয়াৰ কল্যাণ, অন্ত্যোদয় আৰু উন্নয়নমুখী নীতিৰ প্ৰতি জনসাধাৰণৰ অদম্য সমৰ্থনৰ জয় । প্ৰতিটো বুথত অক্লান্তভাৱে কাম কৰা আমাৰ বিজেপি কৰ্মী আৰু ৰাজ্যিক নেতৃত্বলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।“