আই পি এল ২০২৫ৰ ছিজনত পৰাজয়ৰ সৈতে অভিযান আৰম্ভ কৰা ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ) আৰু ৰাজস্থান ৰয়েলছ (আৰ আৰ) কাইলৈ বৰ্ষাপাৰাত মুখামুখি হ’ব । কলকাতা দলটো প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হাতত পৰাস্ত হোৱাৰ বিপৰীতে ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰাজস্থানক পৰাস্ত কৰে । নিয়মীয়া অধিনায়ক অবিহনে খেলিছে ৰাজস্থান দলে । যোৱা মেচখনত ইমপেক্ট প্লেয়াৰ হিচাপে সঞ্জু চেমছন আহিছিল আৰু দ্বিতীয়খন মেচতো তেওঁ একে ভূমিকা পালন কৰিব পাৰে ।
দুয়োটা দলৰ মাজত সমান প্ৰতিযোগিতা-
ৰাজস্থান আৰু কে কে আৰৰ মাজত সমান প্ৰতিযোগিতা হৈছে । দুয়োটা দলৰ মুখামুখি হোৱাৰ কথা ক’বলৈ গ’লে এতিয়ালৈকে আই পি এলত ৰাজস্থান আৰু কে কে আৰৰ মাজত মুঠ ২৯খন মেচ অনুষ্ঠিত হৈছে য’ত দুয়োটা দলে ১৪-১৪ মেচত জয়লাভ কৰিছে, আনহাতে এখন মেচ নিৰ্ণায়ক আছিল । ৰাজস্থান আৰু কলকাতা দলে এই ছিজনৰ প্ৰথমখন খেলতে বেটিং আৰু বলিং দুয়োটা বিভাগতে আগ্ৰাসী প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় । দুয়োটা দলে এতিয়া পুনৰ শক্তিশালী প্ৰত্যাৱৰ্তলৈ উভতিব বিচাৰিব ।
ৰাজস্থান আৰু কে কে আৰ দুয়োটা দলেই এতিয়াও জয়ৰ একাউণ্ট খুলিব পৰা নাই যদিও এই মেচ কলকাতাৰ হাতত আছে যেন লাগে । ৰাজস্থানৰ ষ্টেণ্ড ইন অধিনায়ক ৰিয়ান পৰাগো পৰীক্ষাত অৱতীৰ্ণ হ’ব কাৰণ প্ৰথমখন মেচত কিছু সিদ্ধান্ত লোৱাৰ সময়ত তেওঁক আত্মবিশ্বাসহীন যেন লাগিছিল । ৰাজস্থানৰ হৈ নিয়মীয়া অধিনায়ক ছেমছনে ইমপেক্ট প্লেয়াৰ হিচাপে আহি ভাল বেটিং কৰি দলটোক মেচত ৰাখিছিল যদিও ৰাজস্থানৰ দলটোৱে বিশাল লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় ।
বৰুণৰ দুৰ্বল প্ৰদৰ্শন চিন্তনীয় বিষয়-
কে কে আৰৰ বাবে স্পীনাৰ বৰুণ চক্ৰৱৰ্তীৰ দুৰ্বল প্ৰদৰ্শন চিন্তনীয় বিষয় । ইডেন গাৰ্ডেনছৰ খেলপথাৰত বৰুণৰ বিৰুদ্ধে ফিল ছল্ট আৰু বিৰাট কোহলীয়ে সহজে ৰান সংগ্ৰহ কৰে । ৰাজস্থানৰ বিৰুদ্ধে বৰুণে ভাল প্ৰদৰ্শন কৰিব বুলি কে কে আৰে আশা কৰিব । শেষৰখন খেলত অধিনায়ক অজিংক্য ৰাহানে আৰু সুনীল নাৰিনক আউট কৰাৰ পিছত কে কে আৰৰ মিডল অৰ্ডাৰ ভাঙি পৰে । ভেংকটেশ আয়াৰ আৰু আন্দ্ৰে ৰাছেলে ভুল শ্বট খেলি আউট হয় । দল পৰিচালনাই এতিয়া আশা কৰিব যে তেওঁলোকে নিজৰ শ্বট নিৰ্বাচনত সতৰ্ক হ’ব ।
নৰ্টজেৰ ফিটনেছৰ ওপৰত চকু-
পিঠিৰ আঘাতৰ পৰা সুস্থ হৈ উঠা এনৰিচ নৰ্টজেৰ ফিটনেছৰ ওপৰতো চকু ৰাখিব কে কে আৰে । যদিহে এইগৰাকী দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰক ফিট ঘোষণা কৰা হয় তেন্তে স্পেন্সাৰ জনছনৰ ঠাইত তেওঁক প্লেইং-১১ত অন্তৰ্ভুক্ত কৰিব পৰা যাব । মেচখনত নৰ্টজে খেলাটো তেওঁৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব । যদিহে নৰ্টজে ফিট নহয় তেন্তে কে কে আৰে মেচখনৰ বাবে প্লেইং-১১ত কোনো ডাঙৰ পৰিৱৰ্তন কৰাৰ সম্ভাৱনা নাই ।
বলাৰৰ পৰা ৰাজস্থানৰ আশা-
যদি ৰাজস্থানে কামবেক কৰিবলগীয়া হয় তেন্তে বলাৰসকলে ভাল প্ৰদৰ্শন কৰিব লাগিব । ইয়াৰ পূৰ্বে ছানৰাইজাৰ্ছৰ বিৰুদ্ধে খেলখনত তেওঁলোকৰ ফ্ৰণ্টলাইন পেচাৰ জোফ্ৰা আৰ্চাৰে চাৰি অভাৰত ৭৬ ৰান দিয়াৰ বিপৰীতে ফজল হক ফাৰুকী আৰু মহেশ তীক্ষনায়ো বেটছমেনক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হয় । আটাইকেইজনেই গুৱাহাটী মেচত উন্নত প্ৰদৰ্শনৰ সুযোগ পাব ।
এই মেচত কে কে আৰ আৰু ৰাজস্থানৰ সম্ভাৱ্য মূল একাদশ এনেধৰণৰ…
ৰাজস্থান ৰয়েলছ : যশস্বী জয়ছোৱাল, নীতিশ ৰানা, ৰিয়ান পৰাগ (অধিনায়ক), ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), শ্বিমৰন হেটমায়াৰ, শুভম ডুবে, জোফ্ৰা আৰ্চাৰ, মহেশ তীক্ষ্ণনা, তুষাৰ দেশপাণ্ডে, সন্দীপ শৰ্মা, ফজলহাক ফাৰুকী ।
কে কে আৰ : কুইণ্টন ডি কক (উইকেটকীপাৰ), সুনীল নাৰিন, অজিংক্য ৰাহানে (অধিনায়ক), অংকৃশ ৰঘুবংশী, ভেংকটেশ আয়াৰ, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমণদ্বীপ সিং, স্পেন্সাৰ জনছন/এনৰিচ নৰ্টজে, হৰ্ষিত ৰানা, বৰুণ চক্ৰৱৰ্তী ।