বৰ্ষাপাৰাত অভিলেখৰ বৰষুণ, গুৱাহাটী টি-২০ত ভাৰতীয় দলে ভাঙিলে ৫টা বৃহৎ অভিলেখ
বৰ্ষাপাৰাত অনুষ্ঠিত হোৱা তৃতীয়খন টি-২০ত ভাৰতীয় দলে ৫টাকৈ অভিলেখ ভংগল কৰিবলৈ সক্ষম হৈছে ।
দেওবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা তৃতীয়খন টি-২০ মেচত নিউজীলেণ্ডে ভাৰতৰ সন্মুখত ১৫৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ইয়াৰ পিছতে বিস্ফোৰক প্ৰদৰ্শনেৰে ভাৰতীয় দলে মাত্ৰ ৬০টা বলতে এই লক্ষ্যত উপনীত হয় । মেচখনত অভিষেক শৰ্মা আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে অৰ্ধশতক অৰ্জন কৰে । অভিষেকে ২০ বলত ৬৮ ৰান, অধিনায়ক সূৰ্যই ২৬ বলত ৫৭ ৰান সংগ্ৰহ কৰে । এই মেচত ভাৰতীয় দলটোৱে কেইবাটাও অভিলেখ ভংগ কৰে ।
টি-২০ ইণ্টাৰনেশ্যনেলত ভাৰতৰ দ্ৰুততম ৫০ ৰান-
তৃতীয় টি-২০ত টিম ইণ্ডিয়াই মাত্ৰ ৩.১ অভাৰত (১৯ বল) ৫০ ৰান সংগ্ৰহ কৰে । ইয়াৰ পূৰ্বে ২০২৩ চনত বাংলাদেশৰ বিৰুদ্ধে ২২টা বলত ৫০ ৰান অৰ্জন কৰি এই অভিলেখ অৰ্জন কৰিছিল ভাৰতে ।
দ্বিতীয় সৰ্বোচ্চ পাৱাৰপ্লে স্ক’ৰ-
ভাৰতীয় দলটোৱে টি-২০ মেচত দ্বিতীয় সৰ্বাধিক পাৱাৰপ্লে স্ক’ৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । গুৱাহাটীত নিউজীলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়াই ৬ অভাৰত ৯৪ ৰান সংগ্ৰহ কৰে । উল্লেখ্য যে, সৰ্বাধিক পাৱাৰপ্লে স্ক’ৰৰ বিশ্ব অভিলেখ ইংলেণ্ডৰ হাতত (৯৫ ৰান) আছে ।
একেৰাহে সৰ্বাধিক টি-২০ ছিৰিজ জয়-
চলিত শৃংখলাত ৩-০ ব্যৱধানত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে ভাৰতীয় দলটোৱে । লগে লগে টীম ইণ্ডিয়াই এতিয়া একেৰাহে ১১ খন টি-২০ শৃংখলাত জয়লাভ কৰাৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এই ক্ষেত্ৰত ভাৰতে পাকিস্তানৰ অভলেখ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । ২০১৬-১৮ বৰ্ষৰ ভিতৰত একেৰাহে ১১ খন টি-২০ শৃংখলাত জয়ী হোৱাৰ অভিলেখ আছে পাকিস্তানৰ হাতত ।
আটাইতকৈ বেছি বল বাকী থকা অৱস্থাত ১৫০+ ৰাণৰ লক্ষ্য অনুসৰণ-
এতিয়া টি-২০ মেচত ১৫০+ ৰানৰ টাৰ্গেট চেজৰ সফল বিশ্ব অভিলেখ গঢ়িছে টিম ইণ্ডিয়াই । গুৱাহাটীত ভাৰতীয় দলে নিউজীলেণ্ডৰ বিৰুদ্ধে ৬০টা বল বাকী থকা অৱস্থাত ১৫৪ ৰানৰ লক্ষ্যত উপনীত হয় । ইয়াৰ পূৰ্বে এই অভিলেখ ৱেষ্ট ইণ্ডিজৰ হাতত আছিল ।
নিউজীলেণ্ডৰ বিৰুদ্ধে সৰ্বোচ্চ পাৱাৰপ্লে স্ক’ৰ-
ভাৰতীয় দলটোৱে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নিউজীলেণ্ডৰ বিৰুদ্ধে সৰ্বাধিক স্ক’ৰ সংগ্ৰহ কৰিছে । প্ৰথম ছয় অভাৰত ৯৪ ৰান সংগ্ৰহ কৰি অষ্ট্ৰেলিয়াৰ অভিলেখ ভংগ কৰে টিম ইণ্ডিয়াই । ইয়াৰ পূৰ্বে ২০১৮ চনত নিউজীলেণ্ডৰ বিৰুদ্ধে পাৱাৰপ্লেত অষ্ট্ৰেলিয়াই ৯১ ৰান সংগ্ৰহ কৰিছিল ।
লগতে পঢ়ক : অভিষেকৰ ধুমুহাত বিধ্বস্ত নিউজীলেণ্ড… তৃতীয় টি-২০ত ৮ উইকেটত ভাৰতৰ জয়