মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকৰ মৃত্যুৱে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে । শনিবাৰে নিশা বাবা ছিদ্দিকীক গুলীওৱাৰ পিছতে তেওঁক লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয় ।
এগৰাকী ৰাজনৈতিক নেতা হোৱাৰ উপৰিও বাবা ছিদ্দিকী বলীউডৰ বহু তাৰকাৰ সৈতেও ঘনিষ্ঠ আছিল । তেওঁ প্ৰতি বছৰে ইফতাৰ পাৰ্টিৰ আয়োজন কৰিছিল, য’ত ৰাজনৈতিক লোকৰ লগতে বহু বলীউড আৰু টিভি তাৰকাই অংশগ্ৰহণ কৰিছিল । এক কথাত বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টি অবিহনে সকলো চেলিব্ৰিটিৰ ঈদ অসম্পূৰ্ণ বুলি গণ্য কৰা হৈছিল ।
বিখ্যাত আছিল বাবা ছিদ্দিকিৰ ইফতাৰ পাৰ্টি-
বাবা ছিদ্দিকিৰ ইফতাৰ পাৰ্টি বি টাউনৰ চেলিব্ৰিটিৰ মাজত ট্ৰেণ্ড হৈ পৰিছিল । বাবা ছিদ্দিকিৰ ঘনিষ্ঠ বন্ধু ছলমান খানে প্ৰতি বছৰে আয়োজন কৰা ইফতাৰ পাৰ্টিত অংশ লৈছিল । বাবা ছিদ্দিকীৰ সৈতে ছলমান খানে কটোৱা মুহূৰ্তৰ বহু ছবি ছ’চিয়েল মিডিয়াত আছে ।
শ্বাহৰুখ খানৰ সৈতে ছলমানৰ শত্ৰুতা শেষ কৰাৰ কৃতিত্ব বাবা ছিদ্দিকীক দিয়া হয় । ২০০৮ চনত কেটৰিনা কাইফৰ জন্মদিনত দুয়োগৰাকী তাৰকাৰ মাজত বিবাদ হৈছিল, তাৰ পিছত দুয়োজনে পাঁচ বছৰ ধৰি ইজনে সিজনৰ লগত কথা পতা নাছিল । ২০১৩ চনত তেওঁৰ ইফতাৰ পাৰ্টিত বাবা ছিদ্দিকীয়ে দুয়োৰে মাজত বুজাবুজি স্থাপন কৰিছিল, তাৰ পিছত ছলমান আৰু শ্বাহৰুখে পুনৰ বন্ধুত্ব গঢ়ি তুলিবলৈ সক্ষম হৈছিল ।
প্ৰতি বছৰে অংশগ্ৰহণ কৰিছিল এইসকল তাৰকাই-
ছলমান খান আৰু শ্বাহৰুখ খানৰ উপৰিও বাবা ছিদ্দিকীৰ ইফতাৰ পাৰ্টিত আন বহু চেলিব্ৰিটিয়ে অংশ লৈছিল । সঞ্জয় দত্তৰ নামো তেওঁৰ বিশেষ বন্ধুৰ ভিতৰত অন্তৰ্ভুক্ত । সঞ্জয় দত্তৰ পিতৃ সুনীলক বাবা ছিদ্দিকীৰ ভাল বন্ধু বুলি গণ্য কৰা হৈছিল । ৰাজনীতিত যোগদান কৰাৰ পিছত তেওঁলোকৰ বন্ধুত্ব ঘনিষ্ঠ হৈ পৰিল ।
ইয়াৰ ওপৰিও কেটৰিনা কেইফ, ৰিতেইশ দেশমুখ, জেনেলিয়া ডিছুজা, প্ৰীতি জিন্টা, সুনীল শেট্টী, ইমৰাণ হাছমী, ছেহনাজ গীল, সুভাষ ঘাই, জেকুলিন ফাৰ্ণাণ্ডেজও বাব ছিদ্দিকীৰ ইফটাৰ পাৰ্টীত প্ৰতি বছৰে অংশগ্ৰহণ কৰিছিল ।