বলীউডৰ অভিনেতা চলমান খানৰ বিষয়ে এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।অভিনেতাজনৰ সমস্যাবোৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে।
কেইমাহমান পূৰ্বে, এনচিপি নেতা আৰু চলমানৰ ঘনিষ্ঠ বন্ধু বাবা চিদ্দিকীক হত্যা কৰা হৈছিল।এতিয়া বাবা চিদ্দিকী হত্যাকাণ্ডৰ গোচৰত, এইটো প্ৰকাশ পাইছে যে চলমান খানক বাবা ছিদ্দিকিৰ পূৰ্বে হত্যা কৰাৰ পৰিকল্পনা আছিল।
আৰক্ষীৰ জেৰাত অভিযুক্তজনে কৈছিল যে চলমান খানৰ নাম গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ হিটলিষ্টত আছিল।অভিযুক্তসকলেও এই কথাও প্ৰকাশ কৰিছে যে , বাবা ছিদ্দিকিৰ পূৰ্বে হত্যা কৰাৰ কথা আছিল চলমান খানক।
কিন্তু চলমানৰ কঠোৰ নিৰাপত্তাৰ বাবে, শ্বুটাৰসকল চলমানৰ ওচৰ লৈ যাব নোৱাৰিলে।দৰাচলতে চলমানে লাভ কৰা নিৰন্তৰ ভাবুকিৰ বাবে, তেওঁক উচ্চ নিৰাপত্তা প্ৰদান কৰা হৈছে।অভিনেতাসকল সদায় নিৰাপত্তাৰক্ষীৰ লগত হে যিকোনো ঠাইলৈ অহা যোৱা কৰিছিল।
কিছুদিন পূৰ্বে খবৰ পোৱা গৈছিল যে এজন অজ্ঞাত ব্যক্তিয়ে অবৈধভাৱে চলমানৰ শ্বুটিঙৰ স্থলীত প্ৰৱেশ কৰিছিল। সন্দেহজনক ব্যক্তি গৰাকীক পিছত আৰক্ষীয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে “মই মাত্ৰ চলমান খনক লগ পাবৰ বাবেহে বিষ্ণোই গ্ৰুপৰ নাম লৈছিলো।
উল্লেখ্য যে বাবা চিদ্দিকীক ১২ অক্টোবৰত হত্যা কৰা হৈছিল। চলমান খানৰ সৈতে বন্ধুত্বই ইয়াৰ কাৰণ বুলি কোৱা হৈছিল।হত্যাৰ ঘটনাটোত, আৰক্ষীয়ে দুজন শ্বুটাৰ ধৰ্মৰাজ কাশ্যপ আৰু গুৰাম সিঙক অপৰাধস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল।
পিছত মুখ্য শ্বুটাৰ শিৱ কুমাৰ গৌতমক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰু সেই শিৱই আৰক্ষীৰ জিম্মাত এতিয়া বহুটো গোপন তথ্য পোহৰলৈ আনিছে।