নাম নোলোৱাকৈ পুনৰ বাংলাদেশীক হুংকাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । ‘মাছ বিক্ৰী নকৰো’, ‘পাচলি বিক্ৰী নকৰো’ বুলি হুংকাৰ দিয়া সকলক প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয়, ‘অচিনাক্ত অবৈধ লোকে হুংকাৰ দিয়াৰ সমান লজ্জাজনক কথা আৰু নাই ।’
ইফালে ‘আমি নহ’লে উজনি অসমত কাম নহ’ব’ বুলি কোৱা সকলকো মুখ্যমন্ত্ৰীয়ে আওপকীয়াকৈ সকিয়নী প্ৰদান কৰে । এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘এনে অপমানজনক কথা জাতিটোৰ বাবে লজ্জাজনক । আমি নোখোৱালে তোমালোকে খাব নোপাৱা বুলি কোৱাসকল কোন ? অচিনাক্ত লোকে কৰা খেতিৰ পাচলি মূল্য টিভিৰ টক শ্ব’ত নিৰূপণ নহয় । এনেদৰে অসমীয়া জাতিৰ ভৱিষ্যত নিৰূপণ নহয় ।‘ বাংলাদেশীৰ খেতিৰ ওপৰত অসমীয়াই কেতিয়াও ভৰষা কৰা নাছিল’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘অসমীয়া যেতিয়া আত্মনিৰ্ভৰশীল হ’ব তেতিয়া কোনো বাংলাদেশীৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । অসমীয়াই নিজৰ খেতি নিজে উৎপাদন কৰিব পৰা হ’ব লাগিব ।‘ জামুগুৰিহাটৰ পৰা আজি এই হুংকাৰ দিলে মুখ্যমন্ত্ৰীয়ে ।