বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰক হিন্দু তথা সংখ্যালঘুৰ ওপৰত গণহত্যা আৰু অত্যাচাৰৰ মাষ্টাৰমাইণ্ড বুলি অভিহিত কৰে । তেওঁ ইউনুছে বাংলাদেশৰ হিন্দু মন্দিৰ, ইস্কন স্থান আৰু সংখ্যালঘু লোকৰ অন্যান্য ধৰ্মীয় স্থানক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰে ।
ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউয়ৰ্কত আৱামি লীগৰ এক অনুষ্ঠানত ভাষণ দি হাছিনাই কয় যে আজি মোৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ উত্থাপন হৈছে । দৰাচলতে মহম্মদ ইউনুছেই ছাত্ৰ সমন্বয়কৰ সৈতে ষড়যন্ত্ৰৰ অংশ হিচাপে গণহত্যা সংঘটিত কৰিছিল । তেওঁ মাষ্টাৰমাইণ্ড । বাংলাদেশত মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ নিৰ্দেশত সংখ্যালঘু বিশেষকৈ হিন্দুৰ ওপৰত গুৰুতৰ আক্ৰমণ চলোৱা হৈছে । শিক্ষক আৰু আৰক্ষীক হত্যা কৰা হৈছে । হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকক আক্ৰমণ কৰা হৈছে । বহু গীৰ্জা আৰু মন্দিৰক লক্ষ্য কৰি লোৱা হৈছে । হিংসাক গৰিহণা দি হাছিনাই প্ৰশ্ন কৰে যে সংখ্যালঘুসকলক কিয় আক্ৰমণ কৰা হৈছে ? হাছিনাই কয় যে, লণ্ডনৰ পৰা তাৰিক ৰেহমানে (বি এন পিৰ নেতা আৰু খালেদা জিয়াৰ পুত্ৰ)ও কৈছে যে যদি মৃত্যুৰ সংখ্যা অব্যাহত থাকে তেন্তে এই চৰকাৰ স্থায়ী নহ’ব ।
আগৰতলা উচ্চায়ুক্তৰ সেৱা বাতিল, ভাৰতীয় উচ্চায়ুক্তক চমন-
আগৰতলাৰ উচ্চায়ুক্তৰ প্ৰথম সচিব মহম্মদ আল আমিনে কয় যে নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আগৰতলাৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ সকলো ভিছা আৰু কনছুলাৰ সেৱা পৰৱৰ্তী জাননী নিদিয়ালৈকে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ স্থগিত ৰখা হৈছে । আনহাতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে ঢাকাত ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক মঙলবাৰে চমন কৰে । বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হুছেইনে কয় যে আগৰতলাৰ ঘটনাটো চিন্তনীয় বিষয় । সেয়ে ভাৰতীয় উচ্চায়ুক্তগৰাকীক বৈদেশিক কাৰ্যালয়লৈ মাতি আনি প্ৰতিবাদ দাখিল কৰা হৈছে । প্ৰাণয় বাৰ্মাই দিল্লীয়ে বাংলাদেশৰ সৈতে সুস্থিৰ, গঠনমূলক সম্পৰ্ক গঢ়ি তুলিব বিচাৰে বুলি উল্লেখ কৰি কয় যে কোনো বিষয়েই দ্বিপাক্ষিক সম্পৰ্কত বাধা হৈ পৰিব নালাগে ।
দিল্লীত বৃদ্ধি পালে বাংলাদেশ উচ্চায়ুক্তৰ নিৰাপত্তা-
দিল্লীত বাংলাদেশ উচ্চায়ুক্তৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে । এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, আয়োগৰ চাৰিওফালে অতিৰিক্ত আৰক্ষী জোৱান নিয়োগ কৰা হৈছে । উচ্চ আয়োগৰ চৌহদৰ আশে-পাশে যাতে কোনো লোকৰ সমাগম নহয় তাৰ বাবেও নিশ্চিত কৰা হৈছে । ইয়াৰ উপৰিও সংসদৰ শীতকালীন অধিৱেশনৰ পৰিপ্ৰেক্ষিতত মধ্য দিল্লীত ইতিমধ্যে বি এন এছ এছৰ ১৬৩ ধাৰা বলবৎ হৈ আছে, যাৰ অধীনত পাঁচজন বা তাতকৈ অধিক লোক একেলগে একে ঠাইতে গোট খোৱাটো নিষিদ্ধ ।