প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ মৃত্যুক লৈ কেৱল দেশতে নহয় বিদেশতো শোকৰ জোৱাৰ । তেওঁক আৰু তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানক মনত পেলাই সকলো আৱেগিক হৈ পৰিছে । একে সময়তে ভাৰতীয় উচ্চায়ুক্তই প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক শ্ৰদ্ধাঞ্জলি জনাই এখন শোক পুস্তিকা প্ৰদান কৰিছে । ইয়াত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে এটা শোক বাৰ্তা লিখে । ইফালে ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
ইউনুছে লিখিলে শোক বাৰ্তা-
যোৱা সপ্তাহত মৃত্যু হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ প্ৰতি বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অধ্যাপক ইউনুছে ঢাকাস্থিত ভাৰতীয় উচ্চায়ুক্ত পৰিদৰ্শন কৰি ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উচ্চায়ুক্তই প্ৰদান কৰা শোক পুস্তিকাত তেওঁ শোক বাৰ্তা লিখে ।
কি ক’লে বৈদেশিক মন্ত্ৰী বালকৃষ্ণনে ?
ছিংগাপুৰৰ বৈদেশিক মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনে ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্ত পৰিদৰ্শন কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ স্মৃতিত শোক পুস্তিকাত তেওঁ স্বাক্ষৰ কৰে । মনমোহন সিঙক এজন বিশিষ্ট ৰাজনীতিবিদ বুলি অভিহিত কৰি তেওঁ কয় যে সিঙে নম্ৰতা আৰু সততাৰে ভাৰতৰ সেৱা কৰিছিল ।
ভাৰত আৰু ছিংগাপুৰৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত মনমোহন সিঙৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে তেওঁ । তেওঁ এখন পুৰণি ফটোও শ্বেয়াৰ কৰে য’ত ছিংগাপুৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী লি ছিয়েন লুঙে মনমোহন সিঙৰ সৈতে কথা পাতি আছিল ।
দুদিনৰ বাবে উপলব্ধ কৰা শোক পুস্তিকা-
ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তই সিঙক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে এখন শোক পুথি প্ৰদান কৰিছে । ৩০ আৰু ৩১ ডিচেম্বৰত স্বাক্ষৰৰ বাবে শোকগ্ৰন্থ উপলব্ধ কৰা হৈছে । উল্লেখ্য যে, ২৬ ডিচেম্বৰত দিল্লীত ৯২ বছৰ বয়সত ড০ মনমোহন সিঙৰ মৃত্যু হয় । ২৮ ডিচেম্বৰত দিল্লীৰ নিগমবোধ ঘাটত তেওঁক সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে শেষ বিদায় দিয়া হয় ।