ৰাজ্যত চলি আছে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। পৰীক্ষাৰ বাবে কেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু তাৰ মাজতে পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।
বিদ্যালয়খনত অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অথন্তৰ। কাৰিকৰী(vocational) শাখাৰ চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ সন্মুখতে পৰীক্ষাৰ্থীয়ে মোবাইলত চাই চাই পৰীক্ষা দিয়াৰ এটা ভিডিও ভাইৰেল হৈছে৷
ভিডিঅ’ টোত প্ৰতিগৰাকী ছাত্ৰৰ হাতত আছিল মোবাইল। আনকি নিৰিক্ষক গৰাকীয়ে শিক্ষাৰ্থী সকলক ১ বজালৈকে মোবাইলত চাই লিখিবলৈ কোৱা দেখিবলৈ পোৱা গৈছে।
কিন্তু পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পিছতো কেনেদৰে মোবাইল লগত লৈ মুক্ত ভাৱে পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে তাকে লৈ এতিয়া প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে তামুলপুৰত ৷