ঘোষণা হ’ল HS পৰীক্ষাৰ ফলাফল; শীৰ্ষ স্থানত বজালী জিলা

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ১২ টাকৈ বেৱচাইট যোগে ঘোষণা কৰা হ’ল ফলাফল। বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৯.৭৪ শতাংশ,  কলা শাখাত উত্তীৰ্ণৰ হাৰ ৭৯.৫৪ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮১.১৩ শতাংশ।

ইয়াৰে কলা শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৫৪৭৫৫ গৰাকী, দ্বিতীয় বিভাগত ৭৯১৮১ গৰাকী আৰু তৃতীয় বিভাগত ৫৭৮৬২ গৰাকী। আনহাতে বাণিজ্য শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৭৭৮৭ গৰাকী, দ্বিতীয় বিভাগত ৫৬৯৪ আৰু তৃতীয় বিভাগত ২৩১৫ গৰাকী আৰু বিজ্ঞান শাখাৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৩৪০৭৯ গৰাকী, দ্বিতীয় বিভাগত ১৭৭৭৭ গৰাকী আৰু তৃতীয় বিভাগত ২৬১৮ গৰাকী।

কলা শাখাত ফলাফলৰ শীৰ্ষত বাক্সা জিলা । বাক্সা জিলাত উত্তীৰ্ণৰ হাৰ ৯৪.২৯ । বাণিজ্য শাখাত ফলাফলৰ শীৰ্ষত  মাজুলী জিলা।  

লগতে পঢ়ক: আহি গ’ল ফলাফলৰ ৱেবচাইট; ১২টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল

আহি গ’ল ফলাফলৰ ৱেবচাইট; ১২টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল

আৰু মাত্ৰ কেইটামান মুহুৰ্তৰ পিছতেই ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। ১২ টাকৈ ৱেবচাইটত পাব ফলাফল

আজি ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাৰ ফলাফল। ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি ASSEBৰ। ১২ টা ৱেৱছাইটৰ লগতে মোবাইল এপটো উপলব্ধ হ’ব ফলাফল।  পুৱা ১০:৩০ বজাত ঘোষণা হ’ব পৰীক্ষাৰ ফলাফল। ১২ টা ৱেবটাইট হৈছে-

https://ahsec.assam.gov.in

www.indiaresults.com

www.schools9.com

www.assamresult.in

www.results.shiksha

www.iResults.in

www.iResults.NET

www.vidyavision.com

www.jagranjosh.com

www.ndtv.com

www.indianexpress.com

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষত কলা, বাণিজ্য, বিজ্ঞান আৰু বৃত্তিমুখী শাখাত মুঠ ৩,৩০,৭৪৪ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হয় । কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ২,৪৭,৮৬৫ গৰাকী ৷ ইয়াৰ ভিতৰত ১,০২,৬৪৮ গৰাকী ছাত্ৰ, ১,৪৫,২১৬ গৰাকী ছাত্ৰী আৰু তৃতীয় লিংগৰ পৰীক্ষাৰ্থী আছিল এজন ৷

লগতে পঢ়ক: কাইলৈ পুৱা ১০ বজাৰ লগে লগেই ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

কাইলৈ পুৱা ১০ বজাৰ লগে লগেই ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল

কাইলৈ ঘোষণা হ’বলগীয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ অসম বিদ্যালয় শিক্ষা পৰিষদে ডাঙৰ ঘোষণা কৰিছে।

কাইলৈ ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাত ঘোষণা কৰা হ’ব পৰীক্ষাৰ ফলাফল।অসম বিদ্যালয় শিক্ষা পৰিষদে জানিবলৈ দিয়া মতে পূৰ্বৰ দৰে এইবাৰো ফলাফলত নাথাকে কোনো শীৰ্ষ স্থান।

কাইলৈ পুৱা ৭.৩০ বজাত ফলাফল প্ৰকাশ পাবলগীয়া ৱেবছাইট সমূহ ঘোষণা কৰাৰ লগতে ১০ বজাত ফলাফল ঘোষণা কৰিব। এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সৰ্বমুঠ ৩,৩০,৭৪৪গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে।

লগতে পঢ়ক: কমেডি শ্ব’ চাবলৈ ৩ বান্ধৱীক লৈ গৈছিল চামিম আহমেদে ; মঠঘৰীয়াৰ দুৰ্ঘটনাৰ নতুন মোৰ

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল; মুখ্যমন্ত্ৰীৰ বিশেষ পোষ্ট

অৱশেষত উচ্চতৰ মাধ্যমিকৰ ফলাফলক লৈ X যোগে জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই X হেণ্ডেলত পোষ্ট যোগে এই কথা জানিবলৈ দিয়ে।পুৱা ১০ বজাৰ লগে লগেই ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে।

কলা,বিজ্ঞান আৰু বাণিজ্য তিনিওটা শাখাৰে ফলাফল একেলগে ঘোষণা কৰা হ’ব। শীঘ্ৰে কেইবাটাও অনলাইন ৱেবছাইট মুকলি কৰা হ’ব।   

লগতে পঢ়ক: “কোনো প্ৰমাণ নোহোৱাকৈ ৭ মাহে শ্যামকানুক জে’লত ভৰাই থৈছে”: অনিতা মহন্ত

পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম; নিৰীক্ষকৰ সন্মুখতেই মোবাইল চাই দিলে পৰীক্ষা

ৰাজ্যত চলি আছে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। পৰীক্ষাৰ বাবে কেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু তাৰ মাজতে পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।

বিদ্যালয়খনত অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অথন্তৰ। কাৰিকৰী(vocational) শাখাৰ  চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ সন্মুখতে পৰীক্ষাৰ্থীয়ে মোবাইলত চাই চাই পৰীক্ষা দিয়াৰ এটা ভিডিও ভাইৰেল হৈছে৷

ভিডিঅ’ টোত প্ৰতিগৰাকী ছাত্ৰৰ হাতত আছিল মোবাইল। আনকি নিৰিক্ষক গৰাকীয়ে শিক্ষাৰ্থী সকলক ১ বজালৈকে মোবাইলত চাই লিখিবলৈ কোৱা দেখিবলৈ পোৱা গৈছে।

কিন্তু পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পিছতো কেনেদৰে মোবাইল লগত লৈ মুক্ত ভাৱে পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে তাকে লৈ এতিয়া প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে তামুলপুৰত ৷