বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে ভয়ংকৰ দুৰ্ঘটনা; নিহত এগৰাকী বিহুৱতী

নিশা বিহু অনুষ্ঠানৰ বাবে ঘৰৰ পৰা ওলাই যোৱা নিশামণি হালৈৱে মঞ্চত নাপালে নাচিবলৈ। বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে পথ দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ।

তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰীৰ হাৰিভাঙাৰ ‘ভাস্কৰজ্যোতি বিহু হুঁচৰি দল’টোৱে এখন ট্ৰেভেলাৰ বাহনেৰে তামুলপুৰৰ বাঙালীপাৰলৈ বিহু প্ৰদৰ্শনৰ বাবে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা PB 03 AP 6681 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখী সংঘৰ্ষ হোৱাৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো ঘটে।

এই মৰ্মান্তিক দুৰ্ঘটনাত দলটোৰ নিশামণি হালৈ নামৰ এগৰাকী ২৫ বছৰীয়া নাচনীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়। নিহত নিশামণি হালৈৰ ঘৰ তামুলপুৰ জিলাৰ নিজ ঝাৰগাঁওত বুলি জানিব পৰা গৈছে। নিহত নিশামণি হালৈ নাগাৰা নামৰ এগৰাকী পাঠকো আছিল।

উল্লেখযোগ্য যে AS-25-DC-5893 নম্বৰৰ ট্ৰেভেলাৰখনত মুঠ ৩০ জনীয়া বিহু দলটো আছিল। দুৰ্ঘটনাটোত অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নিতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী চাৰুৱা আৰু দিবাকৰ মৰাণ আহত হোৱাৰ লগতে ৫ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিহুৰ আনন্দৰ উল্লাসৰ মাজতে সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। 

পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম; নিৰীক্ষকৰ সন্মুখতেই মোবাইল চাই দিলে পৰীক্ষা

ৰাজ্যত চলি আছে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। পৰীক্ষাৰ বাবে কেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু তাৰ মাজতে পৰীক্ষাৰ নামত চূড়ান্ত অনিয়ম তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।

বিদ্যালয়খনত অনুষ্ঠিত হৈ থকা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অথন্তৰ। কাৰিকৰী(vocational) শাখাৰ  চূড়ান্ত পৰীক্ষাত নিৰীক্ষকৰ সন্মুখতে পৰীক্ষাৰ্থীয়ে মোবাইলত চাই চাই পৰীক্ষা দিয়াৰ এটা ভিডিও ভাইৰেল হৈছে৷

ভিডিঅ’ টোত প্ৰতিগৰাকী ছাত্ৰৰ হাতত আছিল মোবাইল। আনকি নিৰিক্ষক গৰাকীয়ে শিক্ষাৰ্থী সকলক ১ বজালৈকে মোবাইলত চাই লিখিবলৈ কোৱা দেখিবলৈ পোৱা গৈছে।

কিন্তু পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পিছতো কেনেদৰে মোবাইল লগত লৈ মুক্ত ভাৱে পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিলে তাকে লৈ এতিয়া প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে তামুলপুৰত ৷

কালি দাসৰ কুকাণ্ড ; বিশেষভাৱে সক্ষম যুৱতীক যৌন নিৰ্যাতন  

এগৰাকী ১৭ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰি ৰঙা ঘৰৰ আলহি হ’ল এগৰাকী যুৱক।তামুলপুৰ আৰক্ষী থানাৰ গান্ধীবাৰী আৰক্ষী চকী অধীনৰ দ্বাৰকুছিত সংঘটিত হৈছে এই ঘটনাটো।

এগৰাকী বিশেষভাৱে সক্ষম যুৱকতীক ‌ফুচলাই লৈ গৈছিল দ্বাৰকুছিৰ কালি দাস ওৰফে এলাই মিনি নামৰ যুৱক গৰাকীয়ে।যুৱক গৰাকীয়ে কিশোৰী গৰাকীক ফুচলাই গাঁও খনৰ মূৰত থকা এটা পুখুৰীৰ পাৰত যৌন নিৰ্যাতন চলাই।

পিছত যুৱতী গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে গান্ধীবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

গান্ধীবাৰী আৰক্ষীয়ে কালি দাস দাস ওৰফে এলাই মিনিক আটক কৰি তামুলপুৰ আৰক্ষী থানাৰ 2/25 US/ 64(2)(K) BNS R/W sec 6 poc এক গোচৰ ৰুজু কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে।