ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাইজক পৰিৱেশ সচেতন আৰু সংবেদনশীল জীৱনশৈলী গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইয়াৰ দ্বাৰা কেৱল পৰিৱেশ সুৰক্ষাই নহয়, ইয়াক অধিক সজীৱ কৰি তোলাত সহায় কৰিব । শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত পৰিৱেশ ২০২৫ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি এই মন্তব্য কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বচ্ছ পৰিৱেশৰ উত্তৰাধিকাৰ ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই দিয়াটো আমাৰ নৈতিক কৰ্তব্য ।
ভাৰতীয় ঐতিহ্যৰ আধাৰক পোষণ-
পৰিৱেশ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে ভাৰতৰ উন্নয়নৰ ঐতিহ্যৰ ভিত্তি হৈছে ‘লালন-পালন, শোষণ নহয়; সংৰক্ষণ, নিৰ্মূল নহয়’ । এই উত্তৰাধিকাৰক মনত ৰাখি আমি এখন উন্নত ভাৰতৰ দিশত আগবাঢ়িব বিচাৰো । ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জনজাতীয় সমাজৰ অন্তৰ্গত লোকসকলে যুগ যুগ ধৰি প্ৰকৃতিৰ সৈতে মিলাপ্ৰীতিৰে জীৱন নিৰ্বাহ কৰি আহিছে আৰু জীৱনৰ প্ৰতিটো দিশতে চাৰিওফালৰ পৰিৱেশ, উদ্ভিদ আৰু জীৱ-জন্তুৰ যত্ন লৈ আহিছে ।
‘জনজাতীয় জীৱনশৈলীৰ পৰা প্ৰেৰণা লোৱাৰ প্ৰয়োজন’
তেওঁ কয়, ‘আমি তেওঁলোকৰ জীৱনশৈলীৰ পৰা প্ৰেৰণা লোৱা উচিত । আজি যেতিয়া সমগ্ৰ বিশ্বই গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যা সমাধানৰ চেষ্টা চলাইছে তেতিয়া জনজাতীয় সমাজৰ জীৱনশৈলী আৰু অধিক আদৰ্শগত হৈ পৰে । ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাইজক পৰিৱেশ সচেতন আৰু সংবেদনশীল জীৱনশৈলী গ্ৰহণ কৰিবলৈ কয় যাতে পৰিৱেশ কেৱল সংৰক্ষণেই নহয়, বৰ্ধিত আৰু অধিক বসবাসযোগ্য হৈ উঠে । তেওঁ কয় যে ভাৰত আৰু সমগ্ৰ বিশ্বই পৰিৱেশ অনুকূল পথ অনুসৰণ কৰিব লাগিব তেতিয়াহে মানৱ জাতিয়ে প্ৰকৃত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ব ।