মহিলা টি-২০ বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে ভাৰতীয় দলে । বিশ্বকাপ অভিযানৰ প্ৰথমখন মেচতে পৰাজয়ৰ সন্মুখীন হৈছে হৰমনপ্ৰীত বাহিনী । শুকুৰবাৰে ডুবাই আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত কিৱি বাহিনীৰ হাতত ৫৮ ৰাণত পৰাজয় স্বীকাৰ কৰে টুৰ্ণামেন্টৰ ফেভাৰিট দল ভাৰতে ।
ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই মেচখনত নিউজীলেণ্ডৰ দলটোৱে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । আৰম্ভণিৰ পৰাই আক্ৰমণাত্মকভাৱে খেলি কিৱি দলে ছফি ডেভাইনৰ অপৰাজিত অৰ্ধশতক (৫৮)ৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত চাৰিটা উইকেটৰ বিনিময়ত ১৬০ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ ৰেণুকা সিঙে ২ টা, অৰুন্ধতী ৰেড্ডী আৰু আশা শোভানাই ১টাকৈ উইকেট দখল কৰে ।
ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ১৯ অভাৰত আটাইকেইটা উইকেটত হেৰুৱাই ১০২ ৰাণ সংগ্ৰহ কৰি পৰাজয় স্বীকাৰ কৰে । আৰম্ভণিৰ পৰাই সন্তোষজনক প্ৰৰ্দশন কৰিব আগবঢ়াব নোৱৰা দলটোৰ হৈ অধিনায়ক হৰমনপ্ৰীতে সৰ্বাধিক ১৫ ৰাণ সংগ্ৰহ কৰে । নিউজীলেণ্ডৰ ৰোজমেৰী মেয়াৰে চাৰিটা উইকেট দখল কৰি ভাৰতৰ বেটিং মেৰুদণ্ড ভাঙি দিয়ে ।
এই পৰাজয়ৰ লগে লগে হৰমনপ্ৰীত কৌৰৰ দলে গ্ৰুপ এৰ পইণ্ট তালিকাত চতুৰ্থ স্থানত অৱস্থান কৰিছে । একে সময়তে, ছফি ডেভাইনৰ দলটোৱে জয়লাভ কৰাৰ পিছত প্ৰথম স্থানত উপনীত হয় । বৃহস্পতিবাৰে শ্ৰীলংকাৰ বিৰুদ্ধে ৩১ ৰাণত বিজয়ী হোৱা পাকিস্তান এই তালিকাৰ দ্বিতীয় স্থানত আছে ।