শুকুৰবাৰে নেপালত ৰাজতন্ত্ৰ পুনৰুদ্ধাৰৰ দাবীত হোৱা প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে । এই সময়ছোৱাত তীব্ৰ সংঘাতৰ সৃষ্টি হয় । এতিয়া নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে প্ৰাক্তন ৰজা জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে । জ্ঞানেন্দ্ৰ শ্বাহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে । শনিবাৰে পুৱা পুষ্প কমল দাহাল প্ৰচণ্ডে হিংসাত্মক অঞ্চল পৰিদৰ্শন কৰে । ইয়াৰ মাজতে তেওঁলোকে হিংসাৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ছ’চিয়েলিষ্ট ফ্ৰণ্টৰ কাৰ্যালয়তো উপস্থিত হয় ।
নেপালৰ প্ৰাক্তন ৰজাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে-
প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ডই কয় যে ‘এতিয়া সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে যে এই সকলোবোৰৰ আঁৰত জ্ঞানেন্দ্ৰ শ্বাহ আছে । জ্ঞানেন্দ্ৰ শ্বাহৰ উদ্দেশ্য সঠিক নহয় । এই কথা আগতেও দেখা গৈছে আৰু এতিয়াও দেখা গৈছে যদিও এতিয়া চৰকাৰে কঠোৰ ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে । ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীক ন্যায়ৰ কাঠগঢ়ালৈ আনিব লাগে । জ্ঞানেন্দ্ৰ শ্বাহক এতিয়া সম্পূৰ্ণ স্বাধীনতা দিব নোৱাৰি । এইটো সম্পূৰ্ণ অগ্ৰাহ্য আৰু নেপাল চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা প্ৰয়োজন ।
হিংসাত্মক ঘটনাত দুজন লোকৰ মৃত্যু-
নেপালত শুকুৰবাৰে সংঘটিত হিংসাত্মক ঘটনাত এজন প্ৰতিবাদকাৰী আৰু এজন সাংবাদিকসহ দুজন লোকৰ মৃত্যু হয় । হিংসা ইমানেই নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল যে সান্ধ্য আইন জাৰি কৰিবলগীয়া হয় আৰু হিংসা প্ৰভাৱিত অঞ্চলত সেনাবাহিনী মোতায়েন কৰিবলগীয়া হয় । শুকুৰবাৰে আৰক্ষীয়ে ৰাজতন্ত্ৰৰ সমৰ্থক ৰাজনৈতিক দল ৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ পাৰ্টিৰ উপ-সভাপতি ৰবীন্দ্ৰ মিশ্ৰ, সাধাৰণ সম্পাদক ধৱল শমশ্বেৰ ৰাণা, ৰাজতন্ত্ৰ সমৰ্থক কৰ্মী স্বগত নেপাল আৰু সন্তোষ তামাংকে ধৰি ১৭ জন লোকক গ্ৰেপ্তাৰ কৰে । এইসকল লোকৰ বিৰুদ্ধে হিংসাৰ উচটনি দিয়াৰ অভিযোগ আছে । বহু নেতাক গৃহবন্দী কৰি ৰখা হৈছে । এতিয়ালৈকে এই হিংসাত্মক ঘটনাৰ সৈতে জড়িত মুঠ ৫১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
ৰাজতন্ত্ৰ ঘূৰাই অনাৰ দাবীত এই আন্দোলনৰ নেতৃত্বত আছে নৱৰাজ সুবেদী । তেওঁ ৰাজ প্ৰতিষ্ঠান পুনৰুদ্ধাৰ আন্দোলনৰ সৈতে জড়িত । ৰাজতন্ত্ৰ সমৰ্থক নেচনেল ডেম’ক্ৰেটিক পাৰ্টিয়েও এই আন্দোলনক সমৰ্থন কৰিছে । সাংবিধানিক ৰাজতন্ত্ৰ আৰু হিন্দু জাতিৰ পুনৰুদ্ধাৰেই দেশৰ সমস্যাৰ সমাধান বুলি দাবী কৰে প্ৰতিবাদকাৰীসকলে । ২০০৬ চনৰ আগতে নেপালত ৰাজতন্ত্ৰৰ শাসন আছিল । প্ৰতিবাদৰ পিছত ৰজা জ্ঞানেন্দ্ৰই ক্ষমতা ত্যাগ কৰিবলগীয়া হয় । ইয়াৰ পিছত সকলো ক্ষমতা সংসদক গতাই দিয়া হয় আৰু ২০০৮ চনত নেপালত ২৪০ বছৰীয়া ৰাজতন্ত্ৰ শাসনৰ অন্ত পৰে ।