ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰ আৰু ভিলাইত অভিযান আৰম্ভ কৰিছে চি বি আইৰ দলে । প্রাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ বাসগৃহত অভিযান আৰম্ভ কৰিছে দলটোৱে ৷ মহাদেৱ বেটিং এপ গোচৰত বাঘেলৰ ঘৰকে ধৰি বহু ঠাইত অভিযান চলি আছে । ইডিৰ পিছত চি বি আই মহাদেৱ বেটিং এপৰ গোচৰত প্ৰৱেশ কৰিছে । এই গোচৰত হাজাৰ হাজাৰ কোটি টকা প্ৰৱঞ্চনা কৰা হৈছিল । পুৱাৰ ভাগত চি বি আইৰ বিষয়াসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ভিলাই আৰু ৰায়পুৰৰ বাসগৃহত উপস্থিত হয় । তথ্য অনুসৰি মহাদেৱ বেটিং এপ গোচৰত অভিযান চলাবলৈ চি বি আইৰ দল উপস্থিত হৈছে । ইয়াৰ পূৰ্বে ইডিৰ দলটোৱেও একে সময়তে অভিযান চলাইছিল ।
ভূপেশ বাঘেলৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়া পোষ্টত কয়, “এতিয়া চি বি আই আহি পালেহি । ৮ আৰু ৯ এপ্ৰিলত আহমেদাবাদ (গুজৰাট)ত অনুষ্ঠিত হ’বলগীয়া এ আই চি চিৰ বৈঠকৰ বাবে গঠিত “খচৰা সমিতি”ৰ বৈঠকৰ বাবে আজি প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে দিল্লীলৈ যোৱাৰ কথা । তাৰ পূৰ্বে চি বি আই ইতিমধ্যে ৰায়পুৰ আৰু ভিলাই বাসগৃহত উপস্থিত হৈছে ।”
মহাদেৱ বেটিং এপ হৈছে অনলাইন বাজিৰ বাবে নিৰ্মিত এটা এপ । এই এপটোৰ জৰিয়তে ক্ৰিকেট, বেডমিণ্টন, টেনিছ, ফুটবল আদি খেলত অবৈধ জুৱা খেলা হৈছিল । অবৈধ বাজিৰ নেটৱৰ্কৰ জৰিয়তে এই এপটোৰ নেটৱৰ্ক দ্ৰুতগতিত বিয়পি পৰে আৰু অধিকাংশ একাউণ্ট ছত্তীশগড়ত খোলা হৈছিল । এই এপৰ জৰিয়তে প্ৰৱঞ্চনাৰ সম্পূৰ্ণ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছিল ।
আচলতে মহাদেৱ বেটিং এপ বহু শাখাৰ পৰা চলিছিল । প্ৰতিটো শাখা সৌৰভ চন্দ্ৰকাৰ আৰু ৰবি উপ্পালে ফ্ৰেঞ্চাইজি হিচাপে বিক্ৰী কৰিছিল । ব্যৱহাৰকাৰীয়ে আৰম্ভণিতেহে লাভৱান হৈছিল আৰু পিছত ক্ষতিৰ সন্মুখীন হৈছিল । দুয়োজনে লাভৰ ৮০% নিজৰ লগত ৰাখিছিল । বেটিং এপ ৰেকেটে মেচিনৰ দৰে কাম কৰে, এটা এলগৰিদমে নিশ্চিত কৰে যে এপটোত নিজৰ ধন বিনিয়োগ কৰা গ্ৰাহকৰ মাত্ৰ ৩০%হে জয়ী হয় ।
শেহতীয়াকৈ চলিছিল ইডিৰ অভিযান-
শেহতীয়াকৈ ইডিয়ে ভূপেশ বাঘেলৰ বাসগৃহত বিপুল পৰিমাণৰ নগদ ধন পোৱা বুলি দাবী কৰিছিল । ইয়াৰ হিচাপ কৰিবলৈ ইডিৰ বিষয়াসকলে দুটা নগদ ধন গণনা মেচিনৰ অৰ্ডাৰ দিছিল । ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলৰ সৈতে জড়িত চৌহদৰ পৰাও ইডিয়ে জব্দ কৰে কিছু ইলেকট্ৰনিক গেজেট আৰু নথি-পত্ৰ । এই বিষয়টো সুৰা কেলেংকাৰিৰ সৈতে জড়িত আছিল ।