বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে মঙলবাৰে বাতিল কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পাছপ’ৰ্ট । এই সিদ্ধান্ত নোবেল বঁটা বিজয়ী তথা বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ নেতৃত্বত লোৱা হৈছে । শ্বেইখ হাছিনা আৰু তেওঁৰ সমৰ্থকসকলৰ সৈতে জড়িত ধাৰাবাহিক অপৰাধমূলক গোচৰৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
শ্বেইখ হাছিনাকে ধৰি মুঠ ৯৭জন লোকৰ পাছপ’ৰ্ট বাতিল কৰা হৈছে । ইয়াৰে ২২জন লোক অপহৰণৰ সৈতে জড়িত থকাৰ অভিযোগৰ সন্মুখীন হোৱাৰ বিপৰীতে আন ৭৫জন লোকৰ বিৰুদ্ধে যোৱা বছৰ ছাত্ৰ প্ৰতিবাদী আন্দোলনৰ সময়ত হত্যাৰ অভিযোগ উত্থাপন হৈছে ।
শ্বেইখ হাছিনাকে ধৰি ১১জন লোকৰ বিৰুদ্ধে আই চি টিৰ গ্ৰেপ্তাৰৰ পৰোৱানা!
আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেইখ হাছিনা আৰু আন ১১জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ এদিন পিছতে এই কথা প্ৰকাশ কৰিছে । তেওঁলোকৰ বিৰুদ্ধে হাছিনাৰ শাসনকালত অপহৰণ আৰু ন্যায় বহিৰ্ভূত হত্যাৰ অভিযোগ উত্থাপন হৈছে ।
১২ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ নিৰ্দেশ-
৬ জানুৱাৰীত শুনানিৰ সময়ত ন্যায়াধিকৰণে শ্বেইখ হাছিনা আৰু অন্যান্য অভিযুক্তক গ্ৰেপ্তাৰ কৰি ১২ ফেব্ৰুৱাৰীৰ ভিতৰত আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিয়ে । আন অভিযুক্তসকলৰ ভিতৰত আছে মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) তাৰিক আহমেদ ছিদ্দিকী, যি হাছিনাৰ প্ৰতিৰক্ষা উপদেষ্টা, প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) বেনজিৰ আহমেদ; আৰু ৰাষ্ট্ৰীয় দূৰসংযোগ নিৰীক্ষণ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান জিয়াউল আহছান ।
যোৱা বছৰ হিংসাত্মক ঘটনাত ২৩০ জন লোকৰ মৃত্যু হৈছিল-
হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশত হিংসাত্মক পৰিস্থিতিত ২৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ ফলত ছাত্ৰ প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০০ৰো অধিক হৈছে । চৰকাৰী চাকৰিৰ বিতৰ্কিত কোটা ব্যৱস্থাৰ বিৰুদ্ধে এই আন্দোলন আৰম্ভ হৈছিল । বাংলাদেশ আৱামি লীগৰ মুৰব্বী শ্বেইখ হাছিনাই যোৱা বছৰৰ ৫ আগষ্টত দেশ এৰি ভাৰতত আশ্ৰয় লৈছিল, য’ত বাংলাদেশে তেওঁক প্ৰত্যাৰ্পণৰ বাবে অহৰহ দাবী জনাই আহিছে ।