বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পাছপ’ৰ্ট বাতিল, গ্ৰেপ্তাৰী পৰোৱানাৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰৰ সিদ্ধান্ত

বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে মঙলবাৰে বাতিল কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পাছপ’ৰ্ট । এই সিদ্ধান্ত নোবেল বঁটা বিজয়ী তথা বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ নেতৃত্বত লোৱা হৈছে । শ্বেইখ হাছিনা আৰু তেওঁৰ সমৰ্থকসকলৰ সৈতে জড়িত ধাৰাবাহিক অপৰাধমূলক গোচৰৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

শ্বেইখ হাছিনাকে ধৰি মুঠ ৯৭জন লোকৰ পাছপ’ৰ্ট বাতিল কৰা হৈছে । ইয়াৰে ২২জন লোক অপহৰণৰ সৈতে জড়িত থকাৰ অভিযোগৰ সন্মুখীন হোৱাৰ বিপৰীতে আন ৭৫জন লোকৰ বিৰুদ্ধে যোৱা বছৰ ছাত্ৰ প্ৰতিবাদী আন্দোলনৰ সময়ত হত্যাৰ অভিযোগ উত্থাপন হৈছে ।

শ্বেইখ হাছিনাকে ধৰি ১১জন লোকৰ বিৰুদ্ধে আই চি টিৰ গ্ৰেপ্তাৰৰ পৰোৱানা!

আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণে শ্বেইখ হাছিনা আৰু আন ১১জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰাৰ এদিন পিছতে এই কথা প্ৰকাশ কৰিছে । তেওঁলোকৰ বিৰুদ্ধে হাছিনাৰ শাসনকালত অপহৰণ আৰু ন্যায় বহিৰ্ভূত হত্যাৰ অভিযোগ উত্থাপন হৈছে ।

১২ ফেব্ৰুৱাৰীৰ ভিতৰত সকলোকে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ নিৰ্দেশ-

৬ জানুৱাৰীত শুনানিৰ সময়ত ন্যায়াধিকৰণে শ্বেইখ হাছিনা আৰু অন্যান্য অভিযুক্তক গ্ৰেপ্তাৰ কৰি ১২ ফেব্ৰুৱাৰীৰ ভিতৰত আদালতত হাজিৰ কৰাৰ নিৰ্দেশ দিয়ে । আন অভিযুক্তসকলৰ ভিতৰত আছে মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) তাৰিক আহমেদ ছিদ্দিকী, যি হাছিনাৰ প্ৰতিৰক্ষা উপদেষ্টা, প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক (আই জি পি) বেনজিৰ আহমেদ; আৰু ৰাষ্ট্ৰীয় দূৰসংযোগ নিৰীক্ষণ কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক প্ৰধান জিয়াউল আহছান ।

যোৱা বছৰ হিংসাত্মক ঘটনাত ২৩০ জন লোকৰ মৃত্যু হৈছিল-

হাছিনা চৰকাৰৰ পতনৰ পিছত বাংলাদেশত হিংসাত্মক পৰিস্থিতিত ২৩০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ ফলত ছাত্ৰ প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা লোকৰ সংখ্যা ৬০০ৰো অধিক হৈছে । চৰকাৰী চাকৰিৰ বিতৰ্কিত কোটা ব্যৱস্থাৰ বিৰুদ্ধে এই আন্দোলন আৰম্ভ হৈছিল । বাংলাদেশ আৱামি লীগৰ মুৰব্বী শ্বেইখ হাছিনাই যোৱা বছৰৰ ৫ আগষ্টত দেশ এৰি ভাৰতত আশ্ৰয় লৈছিল, য’ত বাংলাদেশে তেওঁক প্ৰত্যাৰ্পণৰ বাবে অহৰহ দাবী জনাই আহিছে ।

বিপদ বাঢ়িছে শ্বেইখ হাছিনাৰ…গ্ৰেপ্তাৰী পৰোৱানা জাৰি

সোমবাৰে (৬ জানুৱাৰী) ঘৰুৱা আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ মুখ্য অভিযোজক তাজুল ইছলামে কয় যে ক্ষমতাৰ কালছোৱাত বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ অভিযোগত আদালতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ বিৰুদ্ধে দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে । তেওঁ কয় যে ঢাকাই ইতিমধ্যে শ্বেইখ হাছিনাৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে ।

তাজুল ইছলামে কয়, “শ্বেইখ হাছিনা আৰু তেওঁৰ সামৰিক উপদেষ্টা, সামৰিক কৰ্মী আৰু অন্যান্য আইন প্ৰয়োগকাৰী বিষয়াকে ধৰি আন ১১ জনৰ বাবে নতুন ৱাৰেণ্ট জাৰি কৰা হৈছে ।”  তেওঁ কয় যে আদালতে বিচাৰ ক্ষিপ্ৰতাৰে কৰিব বিচাৰিছে আৰু আমি বিচাৰ প্ৰক্ৰিয়া অতি সোনকালে শেষ হোৱাটো নিশ্চিত কৰিব বিচাৰো, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি আইন ভংগ কৰিম বা যথাযথ প্ৰক্ৰিয়া অবিহনে ৰায়দান দিম ।

হাছিনাৰ শাসনকালত ৫০০ৰো অধিক লোকক অপহৰণ কৰা হৈছিল-

মুখ্য অভিযোজকগৰাকীয়ে কয়, ‘শ্বেইখ হাছিনাৰ ক্ষমতাত বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে ৫০০ৰো অধিক লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে, ইয়াৰে কিছুমানক কেইবাবছৰ ধৰি গোপন স্থানত ৰখা হৈছিল । এক প্ৰতিবেদন অনুসৰি শ্বেইখ হাছিনাৰ পলায়নৰ পিছত বহু লোকে নিজৰ সমস্যা ব্যক্ত কৰিবলৈ আগবাঢ়ি আহিবলৈ আৰম্ভ কৰিছে ।

ছাত্ৰ আন্দোলনৰ বাবে ক্ষমতাৰ পৰা উৎখাত শ্বেইখ হাছিনা-

২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত ছাত্ৰ প্ৰতিবাদৰ বাবে চৰকাৰ পতিত হোৱাৰ পাছত ৭৭ বছৰীয়া শ্বেইখ হাছিনাই দেশ এৰি ভাৰতলৈ আহে । ইয়াৰ পিছত ডিচেম্বৰ মাহত বাংলাদেশে ভাৰতৰ পৰা শ্বেইখ হাছিনাক উভতাই পঠিয়াই তেওঁৰ বিৰুদ্ধে গোচৰ চলাবলৈ দাবী জনাইছিল যদিও দিল্লীয়ে এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল ।

বাংলাদেশত পলাতক ঘোষণা কৰাৰ নিয়ম কি ?

বাংলাদেশত এই নিয়ম আৰু আইনী পদ্ধতিৰ অধীনত যিকোনো ব্যক্তিক পলাতক ঘোষণা কৰা হয় । যদি কোনো ব্যক্তি আদালতৰ নিৰ্দেশৰ পিছতো আদালতত হাজিৰ নহয় বা পলায়ন কৰে, তেন্তে এনে পৰিস্থিতিত তেওঁক পলাতক বুলি ঘোষণা কৰা হয় ।

একে সময়তে যদি কোনো অভিযুক্তই দেশ এৰি বিদেশলৈ পলায়ন কৰে তেন্তে বাংলাদেশ চৰকাৰে ইন্টাৰপলৰ পৰা সহায় বিচাৰিব পাৰে। ইণ্টাৰপ’লৰ জৰিয়তে পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পলাতক বুলি ঘোষণা কৰা হয়, যাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা চলাব পৰা যায়।