আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সাক্ষাৎকাৰ শ্বেয়াৰ কৰিছে । এই সাক্ষাৎকাৰটো লৈছে আমেৰিকাৰ প’ডকাষ্টাৰ আৰু এ আইৰ গৱেষক লেক্স ফ্ৰিডমেনে ।
এই সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব ৰাজনীতি আৰু হিন্দু ধৰ্মকে ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য কৰিছিল । শেহতীয়াকৈ এই সাক্ষাৎকাৰ ট্ৰাম্পে নিজৰ ব্যক্তিগত ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথত শ্বেয়াৰ কৰিছে ।
উল্লেখ্য যে এই সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ দৃঢ় সম্পৰ্কৰ বিষয়ে আলোচনা কৰে । বন্ধু আৰু নেতা হিচাপে ট্ৰাম্পৰ কি ভাল লাগে ? এই প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে এটা পুৰণি ঘটনাৰ কথা উল্লেখ কৰে । সেই ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে হিউষ্টনত আমাৰ ‘হাউডি মোদী’ নামৰ এটা অনুষ্ঠান আছিল । ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু মই তাত উপস্থিত আছিলো, গোটেই ষ্টেডিয়ামখন মানুহেৰে ভৰি পৰিছিল । ইমানবোৰ মানুহৰ এটা ঠাইত গোট খোৱাটো আছিল আমেৰিকাত এক ডাঙৰ অনুষ্ঠান । তাত ভাষণ দিওঁতে ট্ৰাম্পে তলত বহি মোৰ কথা শুনি আছিল । আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ষ্টেডিয়ামত বহি শুনি আছে আৰু মই মঞ্চত ভাষণ দিছো সেয়া তেওঁৰ মহানতা ।
প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎকাৰৰ সময়ত কয় যে ভাষণ দিয়াৰ পিছত মই মঞ্চৰ পৰা নামি আহিলোঁ আৰু মই ট্ৰাম্পক ক’লোঁ, ‘আহক, ষ্টেডিয়ামৰ এটা ৰাউণ্ড লওঁ, ইমান মানুহ আছে, সকলোকে সম্ভাষণ জনাওঁ আৰু তাৰ পিছত উভতি আহোঁ’, গতিকে এটা মুহূৰ্তও পলম নকৰাকৈয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে মোৰ সৈতে ভিৰৰ মাজলৈ খোজ কাঢ়ি গ’ল । এই সময়ছোৱাত আমেৰিকাৰ নিৰাপত্তা ব্যৱস্থা হঠাতে অস্থিৰ হৈ পৰিল । কিন্তু এই ব্যক্তিজনৰ ইমান সাহস থকাটোৱে মোৰ হৃদয় চুই গ’ল ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত যেতিয়া ট্ৰাম্পলৈ গুলীচালনা কৰা হৈছিল তেতিয়া মই মাত্ৰ এজন ট্ৰাম্পকহে দেখিছিলো । মোৰ হাতত ধৰি ষ্টেডিয়ামৰ মাজেৰে খোজ কাঢ়ি যোৱা ট্ৰাম্প আৰু গুলীবিদ্ধ হোৱাৰ পিছতো আমেৰিকাৰ বাবে জীয়াই থকা ট্ৰাম্প । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে মই এজন ‘ইণ্ডিয়া ফাৰ্ষ্ট’ ব্যক্তি আৰু ট্ৰাম্প ‘আমেৰিকা ফাৰ্ষ্ট’ ব্যক্তি । গতিকে, আমাৰ যোৰা সমান হৈ পৰে । ট্ৰাম্পৰ এই কথাবোৰ আকৰ্ষণীয় ।
উল্লেখ্য যে দেওবাৰে সন্ধিয়া প্ৰচাৰিত এ আইৰ গৱেষক লেক্স ফ্ৰিডমেনক তিনি ঘণ্টীয়া ১৭ মিনিটৰ সাক্ষাৎকাৰ দিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ।