পুৱতি নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচল প্ৰদেশ। শুক্ৰবাৰে পুৱতি নিশা কুল্লু আৰু লাহৌল স্পিতিত ভূমিকম্পৰ তীব্ৰ কম্পন অনুভৱ কৰা হৈছিল।
তাৰ পিছতেই কুল্লু আৰু লাহৌল স্পিতিৰ লোক সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছিল। জানিব পৰা মতে, শুক্ৰবাৰে পুৱা ২:৫০ বজাত হিমাচল প্ৰদেশ কম্পন অনুভৱ কৰা হৈছিল আৰু ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৫.২।

ভূমিকম্পটোৰ ফলত টোপনিৰ পৰা সাৰ পাই লোকসকলে ৰাস্তালৈ ওলাই আহিছিল। অৱশ্যে, এতিয়ালৈকে কোনো হতাহতি বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা নাই।
নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে ভূমিকম্পটো নিশ্চিত কৰিছে আৰু জনাইছে যে ইয়াৰ কেন্দ্ৰস্থল লাডাখত আছিল। ভূমিকম্পৰ প্ৰভাৱ পাকিস্তানতো পৰিছে।
উল্লেখ্য যে ২৩ ফেব্ৰুৱাৰীটো ৩.৭ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল ৰাজ্যখনৰ মাণ্ডি জিলা।